5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি পৱিত্ৰ বৰদিন, কেৰ’লৰ ধ্বনিৰে মুখৰিত গীৰ্জাঘৰ…

আজিৰ এই পৱিত্ৰ দিনটোতে ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । ৰাতি ১২ বজাৰ পৰাই ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছিল কেৰ’লৰ ধ্বনি ।

আজি পৱিত্ৰ বৰদিন, কেৰ’লৰ ধ্বনিৰে মুখৰিত গীৰ্জাঘৰ…
আজি পৱিত্ৰ বৰদিন
manas-borah
Manas Borah | Updated On: 25 Dec 2024 07:39 AM

আজি ২৫ ডিচেম্বৰ বুধবাৰ । আজিৰ এই পৱিত্ৰ দিনটোতে ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । ৰাতি ১২ বজাৰ পৰাই ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছিল কেৰ’লৰ ধ্বনি । কোৱা হয় যে আৰু খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বিশ্বাস কৰে যে, আজিৰ দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । যীশুখ্ৰীষ্টক সেৱা জনাই তেখেতৰ জন্মদিনটোৰ উপলক্ষে আজিৰ দিনটোত পালন কৰা অহা হৈছে বৰদিন ।

কেৱল অসমতে নহয় উত্তৰ-পূব ভাৰতৰ আন ৰাজ্য কেইখনৰ লগতে ভাৰতৰ প্ৰতিটো প্ৰান্ততে অতি অনন্দৰে উদযাপন কৰা হৈছে খ্ৰীষ্টমাছ । সকলো প্ৰান্ততে থকা গীৰ্জাঘৰবোৰ জিলিকাই তোলা হৈছে । ৰঙীন লাইটেৰে সজাই তোলা হৈছে চহৰসমূহো । এক কথাত মঙলবাৰে নিশা সমগ্ৰ ভাৰতৰ চহৰসমূহ ৰঙীন লাইটৰ পোহৰেৰে জিলিকি উঠে, যাৰ ফলত বৰদিন উদযাপনৰ বাবে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

বৰদিনৰ ঠিক এদিন আগতে গীৰ্জা আৰু বজাৰবোৰ জীপাল পোহৰ, জিলিকি থকা তৰা আৰু সুন্দৰকৈ সজাই তোলা খ্ৰীষ্টমাছৰ ক্ৰিবেৰে আলোকিত কৰা হৈছিল। উৎসৱমুখৰ পৰিৱেশ সকলোতে দেখা গৈছিল । খেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো লোকেই এই বৰদিনৰ আনন্দৰ অংশ হৈ পৰে । ইফালে বৰদিনৰ গছ, উপহাৰ আৰু উৎসৱৰ খাদ্যৰ সংগ্ৰহ কৰাৰ বাবে গ্ৰাহকে ভিৰ কৰা বজাৰবোৰো ব্যস্ত হৈ পৰে । এইদৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰদিনৰ উদযাপনৰ দৃশ্যবোৰ প্ৰতিফলিত হয় ।

বিশ্বাস অনুসৰি,  ২৫ ডিচেম্বৰত যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে উদযাপন কৰা এই তাৰিখটোক আদিম খ্ৰীষ্টান ধৰ্মত সাৰ্বজনীনভাৱে স্বীকৃতি দিয়া হোৱা নাছিল। খ্ৰীষ্টান সম্প্ৰদায়ে প্ৰথমতে বিভিন্ন তাৰিখত, যেনে ৬ জানুৱাৰী আৰু ২৫ মাৰ্চত বৰদিন পালন কৰিছিল । কিয়নো বাইবেলে বছৰৰ সঠিক দিন বা সময় নিৰ্দিষ্ট কৰা নাই যেতিয়া মেৰীয়ে বেথলেহমত যীশুক জন্ম দিছিল বুলি কোৱা হয় ।

খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰিছিল আৰু এই বিশ্বাস অনুসৰি খ্ৰীষ্টানসকলে আজিৰ দিনটো যীশুৰ জন্ দিন হিচাপে পালন কৰে । জেৰুজালেমৰ বেথেলহেমত এটা গোহালিত মাতৃ মেৰীয়ে জন্ম দিছিল যীশুক । লগতে বিশ্বাস কৰা হয় যে,  দুষ্টক দমন কৰি শান্তিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ইশ্বৰে যীশুক এই পৃথিৱীলৈ পঠিয়াইছিল ।

Latest News