5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Budget Winter Gadgets : এই গেজেটে শীতকালটো কৰি তুলিব আৰামদায়ক, জানক ই-কমাৰ্চ প্লেটফৰ্মত কিমান টকা লাভ কৰিব ?

এই প্ৰতিবেদনত পানী গৰম কৰিব পৰা কিছুমান বাজেট গেজেটৰ বিষয়ে উল্লেখ কৰা হৈছে । ইয়াৰ উপৰিও হিটিং বেডৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে আপোনাক গৰম কৰি ৰখাত সহায় কৰিব। এই গেজেটবোৰ আপোনাৰ বাজেটৰ ভিতৰত ক্ৰয় কৰিব পাৰিব আৰু আপোনাৰ দৈনন্দিন কামবোৰ সহজ কৰি তুলিব।

Budget Winter Gadgets : এই গেজেটে শীতকালটো কৰি তুলিব আৰামদায়ক, জানক ই-কমাৰ্চ প্লেটফৰ্মত কিমান টকা লাভ কৰিব ?
Best Winter Gadgets
manas-borah
Manas Borah | Updated On: 01 Dec 2024 09:33 AM

শীতকালত প্ৰায় সংখ্যক লোকৰে মনবোৰ এলেহুৱা হৈ পৰে । এই সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ঠাণ্ডা পানীৰে গা ধোৱাটো এক প্ৰকাৰৰ সমস্যাৰ ভিতৰতে পৰে । এই প্ৰতিবেদনৰ জৰিয়তে পানী গৰম কৰিব পৰা কিছুমান বাজেট গেজেটৰ বিষয়ে উল্লেখ কৰা হৈছে । ইয়াৰ উপৰিও হিটিং বেডৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে আপোনাক গৰম কৰি ৰখাত সহায় কৰিব। এই গেজেটবোৰ আপোনাৰ বাজেটৰ ভিতৰত ক্ৰয় কৰিব পাৰিব আৰু আপোনাৰ দৈনন্দিন কামবোৰ সহজ কৰি তুলিব।

Warmland Electric Bed Warmer

এই ইলেক্ট্ৰিক বেড ৱাৰ্মাৰটো এটা ভাল বিকল্প বুলি প্ৰমাণিত হ’ব পাৰে। যিসকল লোকে শীতকালত কুইল্টৰ পৰা ওলাই আহিব নিবিচাৰে, তেওঁলোকৰ বাবে এইটো অতি উত্তম। এই ৱাৰ্মাৰটো সদায় গৰম হৈ থাকে। ই-কমাৰ্চ প্লেটফৰ্ম আমাজনত ৫৭ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ৮৫৮ টকাত ক্ৰয় কৰিব পাৰে ।

Climate Protect Cover

এই কভাৰে শীতকালত টেংকৰ পানী ঠাণ্ডা হোৱাত বাধা দিয়ে আৰু ইয়াক স্বাভাৱিক উষ্ণতাত থাকিবলৈ দিয়ে। ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা আপোনাৰ পানীৰ টেংকিটো ঢাকিব পাৰে। মাত্ৰ ৮৯৯ টকাত আপুনি এইটো ৰেহাইৰ সৈতে ক্ৰয় কৰিব পাৰে ।

CAPITAL Instant Water Geyser 1 L

এই গিজাৰে গৰম পানী পোনে পোনে আপোনাৰ পানীৰ টেপলৈ আনে। পাকঘৰত স্থাপন কৰিব পাৰে, গৰম পানীৰে বাচন-বৰ্তন ধোৱাৰ বাবে ই এক উত্তম গেজেট বুলি প্ৰমাণিত হ’ব পাৰে। ই-কমাৰ্চ প্লেটফৰ্মে আপোনাক ১ বছৰৰ ৱাৰেণ্টীও প্ৰদান কৰিছে। ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা ৫৪ শতাংশ ৰেহাইৰ সৈতে মাত্ৰ ১১৪৯ টকাত কিনিব পাৰিব।

Havells Immersion heater

এই হিটাৰে বিদ্যুৎস্পৃষ্ট বা জুইৰ দৰে কোনো বিপদৰ পৰা আপোনাক মুক্ত কৰি ৰাখিব। পানী গৰম হোৱাৰ পিছত ই স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায়। ইয়াক বাল্টিটোৰ মাজত ফিট কৰা হয় আৰু ইয়াৰ লগত এটা ষ্টেণ্ডও থাকে। যাতে ই বাল্টিটোৰ কাষবোৰ স্পৰ্শ নকৰে। আমাজনত ৰেহাইৰ সৈতে ১৪৬০ টকাত ক্ৰয় কৰিব পাৰে ।

Latest News