5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শোকাৱহ দুৰ্ঘটনাঃ চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল কণ্টেইনাৰ ট্ৰাক, একেটা পৰিয়ালৰ ৬ জনৰ মৃত্যু

এক শোকাৱহ ঘটনাই জোকাৰি তুলিছে কৰ্ণাটকৰ ৰাজধানী চনৰ বাংগালুৰু। চহৰখনত এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে একেটা পৰিয়ালৰ ৬ গৰাকী লোকৰ। পৰিয়ালটোৱে যাত্ৰা কৰি থকা চলন্ত বাহনখনৰ ওপৰত এখন কণ্টেইনাৰ ট্ৰাক বাগৰি পৰাৰ ফলত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা।

শোকাৱহ দুৰ্ঘটনাঃ চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল কণ্টেইনাৰ ট্ৰাক, একেটা পৰিয়ালৰ ৬ জনৰ মৃত্যু
বাংগালুৰুত ভয়ংকৰ দুৰ্ঘটনা
monjit-dutta
Monjit Dutta | Published: 23 Dec 2024 09:05 AM

এক শোকাৱহ ঘটনাই জোকাৰি তুলিছে কৰ্ণাটকৰ ৰাজধানী চনৰ বাংগালুৰু। চহৰখনত এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে একেটা পৰিয়ালৰ ৬ গৰাকী লোকৰ। পৰিয়ালটোৱে যাত্ৰা কৰি থকা চলন্ত বাহনখনৰ ওপৰত এখন কণ্টেইনাৰ ট্ৰাক বাগৰি পৰাৰ ফলত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ তালেকেৰেৰ সমীপৰ নেলামংগালাত সংঘটিত হৈছে এই দুৰ্ঘটনা। এনে ভয়ংকৰ দুৰ্ঘটনাৰ খ্বৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাত নিহত পৰিয়ালটোৰ পৰিচয় নিশ্চিত কৰিছে। আৰক্ষী সূত্ৰ অনুসৰি, নিহত লোককেইজনক চন্দ্ৰায়গপ্পা গৌল (৪৮), গৌৰাবাই (৪২), বিজয়লক্ষ্মী (৩৬), জন (১৬), দীক্ষা (১২) আৰু আৰ্য (৬) বুলি চিনাক্ত কৰা হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি চন্দ্ৰায়গপ্পা গৌলে সপৰিয়ালে পিতৃক সাক্ষাতৰ বাবে চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰৰ চাঙ্গলি অভিমুখে যাত্ৰা কৰি আছিল।

এই দুৰ্ঘটনাত চন্দ্ৰায়গপ্পা গৌলৰ কোনো ভুল নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে। গৌলে নিজ দিশত নিৰাপদে বাহনখন চলাই নিয়াৰ সময়তে কণ্টেইনাৰ ট্ৰাকখন বাগৰি পৰা বুলি আৰক্ষীয়ে উল্লেখ কৰে। এই দুৰ্ঘটনাত আহত হৈছে কণ্টেইনাৰ ট্ৰাকখনৰ চালক। আৰিফ নামৰ এই ট্ৰাক চালকজনে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে তেওঁ ট্ৰাকখন চলাই নিয়াৰ সময়তে সন্মুখৰ এখন বাহনে হঠাতে ব্ৰেক মাৰে।

এনে পৰিস্থিতিত সমুখৰ বাহনখন ৰক্ষা কৰিবলৈ তেওঁ ট্ৰাকখন কিছু সোঁফালে ঘূৰাবলৈ চেষ্টা কৰে আৰু তেওঁৰ এই প্ৰচেষ্টাৰ সময়তে ট্ৰাকখন ডিভাইডাৰটো পাৰ হৈ বাহনখনৰ ওপৰত বাগৰি পৰে বুলি আৰিফে লগতে কয়। এই দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হোৱাৰ কথা জানিব পৰা নাছিল বুলিও চালকজনে জানিবলৈ দিয়ে।

চালকজনে লগতে কয় যে ট্ৰাকখনত এলুমিনিয়াম ভৰ্তি আছিল আৰু সমুখৰ বাহনখনে হঠাতে ব্ৰেক মাৰি দিয়াৰ পিছত গধুৰ ওজনৰ বাবে তেওঁ লগে লগে ট্ৰাকখন ৰখোৱাটো কঠিন হৈ পৰিছিল। ইফালে ট্ৰাকখন বাগৰি পৰাৰ পিছত বাহনখন প্ৰায় সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হয়। বাহনখনত থকা লোককেইজনৰ থিতাতে মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুৰ্ঘটনাৰ বাবে ঘাইপথত বহু সময় ধৰি যাতায়ত ব্যৱস্থা স্থবিৰ হৈ পৰে।

Latest News