দেৱালীৰ আনন্দ হৈ পৰিল বিষাদঃ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ চাৰিজনৰ | Tragic road accident in Uttar Pradesh Hathras high speed car overturned 4 from same family died Assam news - Assam Tv9

দেৱালীৰ আনন্দ হৈ পৰিল বিষাদঃ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ চাৰিজনৰ

দেৱালীৰ এই আনন্দৰ মাজতে এক শোকাৱহ দুৰ্ঘটনাই এটি পৰিয়াললৈ কঢ়িয়াই আনিলে কাল অমানিশা। পৰিয়ালটোৰ কেইবাজনো সদস্যই যাত্ৰা কৰা এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰাৰ ফলত চাৰিজনকৈ ব্যক্তিৰ মৃত্যু হয়। এই দুৰ্ঘটনাত নিহত হৈছে দুগৰাকী মহিলা আৰু দুটি নিৰীহ শিশুৰ।

দেৱালীৰ আনন্দ হৈ পৰিল বিষাদঃ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ চাৰিজনৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

01 Nov 2024 18:50 PM

দেৱালীৰ আনন্দত উৎসৱমুখৰ হৈ পৰিছে সমগ্ৰ দেশ। আলোকিত হৈ পৰিছে দেশৰ সৰ্বপ্ৰান্ত। পৰিয়ালৰ সৈতে এই মধুৰ ক্ষণ উপভোগ কৰিছে সকলোৱে। কিন্তু দেৱালীৰ এই আনন্দৰ মাজতে এক শোকাৱহ দুৰ্ঘটনাই এটি পৰিয়াললৈ কঢ়িয়াই আনিলে কাল অমানিশা। চাৰিজনকৈ ব্যক্তিৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটোক। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাথৰছত। জিলাখনৰ আগ্ৰা-আলিগড় ঘাইপথত আজি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰে এখন তীব্ৰবেগী বাহন। এই দুৰ্ঘটনাত বাহনখনত থকা দুগৰাকী মহিলা আৰু দুটি নিৰীহ শিশুৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত লগতে ৪ জন লোক গুৰুতৰভাৱে আহত হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গাড়ীখনত যাত্ৰা কৰা আটাইকেইজন লোক একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ কিছু অংশ খণ্ড-বিখণ্ড হৈ পৰে।

আৰক্ষীৰ তথ্য অনুসৰি হাথৰাছ জিলাৰ কোতৱালি চান্দপা অঞ্চলৰ কেৱালগড়ী গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ গতিবেগ যথেষ্ট বেছি আছিল বুলি জানিবলৈ দিয়ে। হঠাৎ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বাহনখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু পথৰ কাষৰ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হৈছে।

নিহত পৰিয়ালটো আগ্ৰাৰ কমলা নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আজি পুৱা বুলন্দশ্বহৰত অৱস্থিত বেলোনৱালি দেৱী মন্দিৰ দৰ্শনৰ বাবে গৈছিল অনুজ আগৰৱালা নামৰ লোকজনৰ পৰিয়ালটো। মন্দিৰ দৰ্শন কৰি সন্ধিয়া আগ্ৰালৈ উভতি আহি থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত অনুজ আগৰৱালাৰ পত্নী সোণম, ৫ বছৰীয়া কন্যা নিতাই, অনুজৰ ভাতৃ সৌৰভৰ পত্নী ৰুবী আৰু তেওঁৰ এবছৰীয়া পুত্ৰ চেতনৰ মৃত্যু হয়।

পথৰ দাঁতিত বাহনখন বাগৰি পৰাৰ লগে লগে স্থানীয় বহু লোক কাষ চাপি আহে আৰু লগে লগে আহত লোককেইজনক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছে গুৰুতৰভাৱে আহত ৯ বছৰীয়া গৌৰাংগ আৰু সৌৰভক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে আহত আন দুই ব্যক্তি অনুজ আগৰৱালা আৰু ধনৱী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি কৰ্তৃক্ষই সদৰী কৰিছে।

দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মহকুমাধিপতি, সহকাৰী আৰক্ষী অধীক্ষক আৰু হাথৰছৰ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়। সম্প্ৰতি আহত চিকিৎসাধীন লোকসকল চিকিৎসকৰ নিৰীক্ষণত আছে বুলি প্ৰশাসনিক বিষয়াসকলে উল্লেখ কৰে।

'মাতৃ-পিতৃ বন্দনা'ৰ নামত ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে পাব ৫ দিনৰ ছুটী!
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ দৈনিক কিমান পৰিমাণে গুৰ খাব লাগে? বিশেষজ্ঞৰ পৰা জানক
নিশাৰ সপোনত এইবোৰ বস্তু দেখা পাই নেকি? হ'ব পাৰে ধন লাভৰ সংকেত
আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হাতী চাফাৰী