ভয়ংকৰ দুৰ্ঘটনাঃ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ; ১৫ জনৰ মৃত্যু, আহত কেইবাজনো
উত্তৰাখণ্ডৰ আলমোৰা অঞ্চলত আজি পুৱা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। যাত্ৰাৰত অৱস্থাতে এখন যাত্ৰীবাহী বাছ পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ১৫ জন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে বহুকেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।
এক ভয়ানক দুৰ্ঘটনাই জোকাৰি গৈছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড। ৰাজ্যখনৰ আলমোৰা অঞ্চলত আজি পুৱা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। যাত্ৰাৰত অৱস্থাতে পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিছে এখন যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত ১৫ জন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে বহুকেইগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। এনে পৰিস্থিতিত দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে জিলা প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলী উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ঘটনাস্থলীত প্ৰশাসনৰ এই উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত এই বাছখনত ৩৫ জনতকৈ অধিক লোকে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাত বাছখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে সেই স্থানেৰে গৈ থকা এগৰাকী পথচাৰীয়ে আৰক্ষীক খবৰ দিয়ে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে SDRF আৰু NDRFৰ দলক সেই স্থানলৈ মাতি অনা হয়।
উদ্ধাৰকাৰী দলৰ লগতে তাৎক্ষণিকভাৱে সহায়ৰ বাবে এম্বুলেঞ্চো ঘটনাস্থলীলৈ মাতি নিয়া হয় বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে। ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত উদ্ধাৰকাৰী দলে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰি মৃতদেহকেইটা উদ্ধাৰ কৰাৰ লগতে আহতসকলক বাছৰ পৰা উলিয়াই আনে আৰু এম্বুলেঞ্চ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আলমোৰাৰ মাৰ্চুলাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। নৈনীদাণ্ডাৰ কিনাথৰ পৰা যাত্ৰী কঢ়িয়াই আনিছিল বাছখনে আৰু ৰামনগৰ অভিমুখে ৰাওনা হৈছিল। কিন্তু লক্ষ্যস্থান পোৱাৰ পূৰ্বেই চাৰদ বান্দৰ সমীপত বাছখন খাৱৈত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন পাহাৰীয়া অঞ্চল বুলি জানিব পৰা গৈছে। ঘটনাৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোত বাছখন বাগৰি পৰা খাৱৈৰ কাষেৰে এখন সৰু নদী বৈ যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰশাসনিক বিষয়া তথা উদ্ধাৰকাৰী দলৰ লগতে বহু স্থানীয় লোকে ভিৰ কৰে ঘটনাস্থলীত। এগৰাকী বিষয়াই এই দুৰ্ঘটনাটোৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দি গাড়ীখনত কোনো কাৰিকৰী সমস্যা আছিল নে বাছ চালকজনে মদ্যপান কৰি গাড়ী চলাইছিল সেয়া নিশ্চিত কৰা হ’ব বুলি উল্লেখ কৰে।
দুৰ্ঘটনাৰ সময়ত বাছখন কিমান বেগেৰে গৈ আছিল সেই সম্পৰ্কেও তথ্য সংগ্ৰহ কৰা হ’ব বুলি জানিবলৈ দি বিষয়াগৰাকীয়ে লগতে দুৰ্ঘটনাটোত আহতসকলৰ সংখ্যা বিবেচনা কৰি আলমোৰা জিলা চিকিৎসালয় আৰু স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰক সজাগ হৈ থাকিবলৈ কোৱা হৈছে বুলি সদৰী কৰে। আহতসকলৰ আঘাতৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি তেওঁ সম্ভাৱনা প্ৰকাশ কৰে।