শোকাৱহ! ৰে’লপথ পাৰ হোৱাৰ সময়তে ৰে’লৰ খুন্দাত মৃত্যু তিনি ভগ্নীৰ
বিহাৰৰ লখিচৰাইত আজি সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ৰে’লৰ খুন্দাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে তিনি ভগ্নীয়ে। ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে ৰে’লৰ খুন্দাত মৃত্যু হয় মহিলাকেইগৰাকীৰ। এই নিদাৰুণ দুৰ্ঘটনাত তেওঁলোকৰে আন এগৰাকী ভগ্নী আহত হোৱা বুলি জানিব পৰা গৈছে।
বিহাৰৰ লখিচৰাইত আজি সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ৰে’লৰ খুন্দাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে তিনি ভগ্নীয়ে। ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে ৰে’লৰ খুন্দাত মৃত্যু হয় মহিলাকেইগৰাকীৰ। এই নিদাৰুণ দুৰ্ঘটনাত তেওঁলোকৰে আন এগৰাকী ভগ্নী আহত হোৱা বুলি জানিব পৰা গৈছে। আহত মহিলাগৰাকী সম্প্ৰতি স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। হামছফৰ এক্সপ্ৰেছৰ খুন্দাত এই ঘটনা সংঘটিত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।
প্ৰকাশিত খবৰ অনুসৰি লখিচৰাই জিলাৰ চানন অঞ্চলৰ শ্বহীদ জিতেন্দ্ৰ হাল্টৰ সমীপত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এখন যাত্ৰীবাহী ৰে’লৰ পৰা নামি ৰে’লপথ পাৰ হৈ যাবলৈ চেষ্টা কৰিছিল চাৰিওগৰাকী ভগ্নীয়ে। একে সময়তে ষ্টেচনৰ আনটো ট্ৰেকত আহি আছিল তীব্ৰবেগী হামছফৰ এক্সপ্ৰেছ। কিন্তু চাৰিও ভগ্নীয়ে ট্ৰেকেৰে আহি থকা ৰে’লখন দেখা নাপাই ৰে’লপথত ভৰি দিয়ে।
ইয়াৰ লগে লগে ট্ৰেকেৰে আহি থকা হামছফৰ এক্সপ্ৰেছে খুন্দা মাৰে চাৰিও ভগ্নীক। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ১৫ৰ পৰা ২০ ফুট দূৰত্বত ট্ৰেকত সিঁচৰতি হৈ পৰে চাৰিওগৰাকী ভগ্নীৰ মৃতদেহ। তথ্য অনুসৰি, নিহত মহিলাকেইগৰাকী পিপৰীয়া আৰু পিৰগৌৰা অঞ্চলৰ বাসিন্দা আছিল। নিহত মহিলাকেইগৰাকীক ক্ৰমে পিপৰীয়া নিবাসী সঞ্চৰ দেৱী (৪২), পিৰগৌৰা নিবাসী চম্পা দেৱী (৫৫) আৰু ৰাধা দেৱী (৬০) বুলি চিনাক্ত কৰা হৈছে।
এই দুৰ্ঘটনাত কথমপি প্ৰাণ পৰা ৰক্ষা পৰে তেওঁলোকৰ এগৰাকী ভগ্নী। কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি আটাইকেইজন ভগ্নী গোপালপুৰ গাঁৱলৈ গৈ আছিল তেওঁলোকৰ আত্মীয়ৰ বাসগৃ্হত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যাত্ৰা কৰিছিল। এই সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু ৰে’লৱেৰ বিষয়াৰ এটা দল সেই স্থানত উপস্থিত হয়। বিভাগীয় দলটোৱে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত এতিয়া মহিলাকেইগৰাকীৰ পৰিয়ালত শোকাৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে।