5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জম্মু-কাশ্মীৰ আক্ৰমণৰ আঁৰত পাকিস্তান ভিত্তিক লস্কৰৰ শাখা TRF! প্ৰব্ৰজিত লোকক আক্ৰমণৰ উদ্দেশ্য কি..

জম্মু-কাশ্মীৰত এই সন্ত্ৰাসৰ এক নতুন কাৰক হৈ পৰিছে  লস্কৰ-ই-তৈবাৰ শাখা সংগঠন TRF। এই সন্ত্ৰাসবাদী সংগঠনটো উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত অধিক সক্ৰিয় হৈ পৰিছে। জানিব পৰা মতে এই সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যসকলে পাকিস্তানত অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। পাকিস্তানৰ পৰা সংগঠনটোক পুঁজিও যোগান ধৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।

জম্মু-কাশ্মীৰ আক্ৰমণৰ আঁৰত পাকিস্তান ভিত্তিক লস্কৰৰ শাখা TRF! প্ৰব্ৰজিত লোকক আক্ৰমণৰ উদ্দেশ্য কি..
জম্মু-কাশ্মীৰত আক্ৰমণৰ আঁৰত TRF
monjit-dutta
Monjit Dutta | Published: 21 Oct 2024 12:22 PM

জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ গগনগীৰ অঞ্চলত দেওবাৰে নিশা সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছে পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ শাখা সংগঠন দ্য ৰেজিজটেন্স ফ্ৰণ্ট, চমুকৈ TRF। ইতিমধ্যে এই সন্ত্ৰাসবাদী সংগঠনটোৱে যোৱা নিশা সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। TRFৰ এই আক্ৰমণত যোৱা নিশা এগৰাকী চিকিৎসক আৰু ৬ জন শ্ৰমিক নিহত হৈছিল। চিকিৎসকগৰাকী আৰু এজন শ্ৰমিকৰ বাদে আক্ৰমণত নিহত আন ৫ জন আছিল প্ৰব্ৰজিত শ্ৰমিক। কেন্দ্ৰীয় চৰকাৰে চলাই থকা সুৰংগ প্ৰকল্পটোত আটাইকেইজন শ্ৰমিকে কাম কৰি আছিল।

এই ভয়ংকৰ আক্ৰমণৰ লগে লগে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে এই আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব বুলি ঘোষণা কৰিছে আৰু সেই অনুসাৰেই আক্ৰমণকাৰী সন্ধানত তীব্ৰ অভিযানত নামি পৰিছে নিৰাপত্তা বাহিনী। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত শ্ৰমিকসকলৰ ভিতৰত ৫জন বিহাৰ, মধ্যপ্ৰদেশ আৰু পঞ্জাৱৰ বাসিন্দা। আনহাতে দুজন লোক জম্মু-কাশ্মীৰৰ বাসিন্দা।

বিগত কেইবছৰমানৰ পৰা ধাৰাবাহিক কূটাঘাতেৰে উপত্যকাটোৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা চলাইছে সন্ত্ৰাসবাদীয়ে। জম্মু-কাশ্মীৰত এই সন্ত্ৰাসৰ এক নতুন কাৰক হৈ পৰিছে  লস্কৰ-ই-তৈবাৰ শাখা সংগঠন TRF। তদন্তকাৰী সংস্থাসমূহক বিপথে পৰিচালিত কৰিবলৈ নতুন নাম ব্যৱহাৰ কৰা এই সন্ত্ৰাসবাদী সংগঠনটো উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত অধিক সক্ৰিয় হৈ পৰিছে।

জানিব পৰা মতে এই সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যসকলে পাকিস্তানত অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। পাকিস্তানৰ পৰা সংগঠনটোক পুঁজিও যোগান ধৰা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইফালে ধাৰাবাহিক কূটাঘাতৰ পৰিপ্ৰেক্ষিতিত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ দমনৰ লক্ষ্যৰে নিৰাপত্তা বাহিনীয়েও ধাৰাবাহিকভাৱে অভিযান চলাইছে। এনে অভিযানত বিগত সময়ছোৱাত TRFৰ ১০৮জন সন্ত্ৰাসবাদী নিহত হৈছে বুলি তথ্য প্ৰকাশ পাইছে।

লক্ষণীয়ভাৱে যোৱা কেইবছৰমানৰ পৰা জম্মু-কাশ্মীৰত এনেধৰণৰ ‘টাৰ্গেট কিলিঙ’ৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। চলিত বৰ্ষত এতিয়ালৈকে সন্ত্ৰাসবাদীয়ে এইদৰে ৭টাকৈ আক্ৰমণ সংঘটিত কৰিছে। প্ৰথমবাৰৰ বাবে গত ৭ ফেব্ৰুৱাৰীত শিখ সম্প্ৰদায়ৰ হাব্বা কাদলত দুজন লোকক হত্যা কৰা হৈছিল। ইয়াৰ পিছত ৮ এপ্ৰিলত শ্ৰীনগৰত দিল্লীৰ এজন কেব চালকক হত্যা কৰা হয়। ১৭ এপ্ৰিলত অনন্তনাগত বিহাৰৰ এজন শ্ৰমিকক হত্যা কৰা হৈছিল

ইয়াৰ পিছত ১৮ মে’ত পহলগামত জয়পুৰৰ এহাল দম্পতীৰ ওপৰত গুলীচালনা কৰা হৈছিল। একেদিনাই শ্”পিয়ানত এজন বিজেপি নেতাক গুলীয়াই হত্যা কৰা হৈছিল। যোৱা ১৬ অক্টোবৰত শ্ব’পিয়ানত এজন প্ৰব্ৰজিত যুৱকক গুলীয়াই হত্যা কৰাৰ হৈছিল। এই আক্ৰমণসমূহৰ পিছত যোৱা নিশা সন্ত্ৰাসবাদীয়ে চলায় আটাইতকৈ ভয়ংকৰ আক্ৰমণ। গাণ্ডাৰবলৰ এই আক্ৰমণত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫জন লোক গুৰুতৰভাৱে আহত হৈছে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ এনে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অমুছলমান, প্ৰব্ৰজিত শ্ৰমিক, কাশ্মীৰী পণ্ডিত, জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু বিষয়া আদি নিৰ্দিষ্ট গোটৰ লোকসকল। উপত্যকাটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ উদ্দেশ্যেই এনে আক্ৰমণ চলোৱা হৈছে বুলি সন্দেহ কৰা হৈছে।

Latest News