শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল ট্ৰাক, থিতাতে নিহত ১০ জন, আহত ১৫গৰাকী..

এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৫০ মিটাৰ দ খাৱৈত পৰি এখন ট্ৰাক। দুৰ্ঘটনাত বৰ্তমানলৈ নিহত হৈছে ১০জন লোক । দুৰ্ঘটনাত আহত কমেও ১৫ জন লোক।  কেইবাজন লোকৰ অৱস্থা সংকটজনক। যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল ট্ৰাক, থিতাতে নিহত ১০ জন, আহত ১৫গৰাকী..
কৰ্ণাটকৰ উত্তৰ কানাড়াত ভয়ংকৰ দুৰ্ঘটনাImage Credit source: google
trishna-kalita
Trishna Kalita | Published: 22 Jan 2025 13:03 PM

আন এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। ৫০ মিটাৰ দ খাৱৈত পৰি এখন ট্ৰাক। দুৰ্ঘটনাত বৰ্তমানলৈ নিহত হৈছে ১০জন লোক । দুৰ্ঘটনাত আহত কমেও ১৫ জন লোক।  কেইবাজন লোকৰ অৱস্থা সংকটজনক। যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

কৰ্ণাটকৰ উত্তৰ কানাড়াত সংঘটিত হৈছে এই। দুৰ্ঘটনা সন্দৰ্ভত উত্তৰ কানাড়াৰ আৰক্ষী অধীক্ষক (এছপি) এম নাৰায়ণে অধিক তথ্য প্ৰদান কৰি কয় যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন  ফল আৰু পাচলি ব্যৱসায়ী আছিল। তেওঁলোকে ফল-পাচলি বিক্ৰী কৰিবলৈ চাভানুৰৰ পৰা য়েল্লাপুৰা বজাৰলৈ গৈ আছিল। চাভানুৰ-হুব্বালি পথৰ এখন বনাঞ্চলৰ মাজেৰে পাৰ হৈ যাওঁতে দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “পুৱা প্ৰায় ৫.৩০ বজাত, ট্ৰাক চালকজনে আন এখন বাহনক পথ এৰি দিবলৈ বাওঁফালে টাৰ্ণ লয় আৰু সেই সময়তে বাহনখন প্ৰায় ৫০ মিটাৰ গভীৰ খাদত পৰি যায়। তাত পথৰ কাষত কোনো সুৰক্ষা দেৱাল নাছিল।”

বিষয়াজনে কয়, দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ঘটনাস্থলীতে ৮জন লোকৰ মৃত্যু হয়। লগতে চিকিৎসাৰ সময়ত  আন দুজন আঘাতপ্ৰাপ্ত লোকে প্ৰাণ হেৰুৱাই।  আহতসকলক হুবলিৰ কৰ্ণাটক চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ (কিএমএছ) চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । তাৰ পাছতে আটাইকেইজন আহত লোকক খাদৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়। আহতসকলক তৎক্ষণাৎ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। একে সময়তে, আৰক্ষীয়ে আটাইবোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।  বৰ্তমান ঘটনাটোৰ তদন্ত  আৰম্ভ  কৰিছে আৰক্ষীয়ে।

এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ তদন্ত কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে বিষয়টোৰ তদন্তৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চৰকাৰে আহতসকলৰ ক্ষতিপূৰণৰ বাবেও সহায় বিচাৰিব। ইফালে এই মুহূৰ্ততো উদ্ধাৰ হোৱা নাই মৃতলোকসকলৰ পৰিচয় । আৰক্ষীয়ে মৃতকজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে । ফোনযোগে অৱগত কৰা হৈছে আত্মীয়ক।

ইফালে কৰ্ণাটকৰ ৰাইচুৰত সংঘটিত হৈছে আন এক শোকাৱহ  দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে বুধবাৰে পুৱা সিন্ধানুৰত এখন বাহন বাগৰি পৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত আহত  হৈছে ১০ জন লোক ।