TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া: পূজা, সেন্দুৰ খেলা পৰা আৰম্ভ কৰি বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠানলৈ…! কি কি আছে পঞ্চম তথা অন্তিম দিনাৰ কাৰ্যসূচীত?

দিল্লীত চলি থকা ৫ দিনীয়া TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া ২০২৪ ত শনিবাৰে দশেৰাৰ দিনাটো এক উখল-মাখল পৰিৱেশ দেখা গৈছিল। গৰ্বা নাইটত উপস্থিত থকা প্ৰসিদ্ধ ব্যক্তি আৰু মনোমোহা লোক প্ৰদৰ্শনেৰে জনতাক আকৰ্ষিত কৰিছিল।

TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া: পূজা, সেন্দুৰ খেলা পৰা আৰম্ভ কৰি বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠানলৈ...! কি কি  আছে পঞ্চম তথা অন্তিম দিনাৰ কাৰ্যসূচীত?

TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ অন্তিম দিনাৰ কাৰ্যসূচীত কি কি আছে?

Published: 

13 Oct 2024 13:42 PM

নৱৰাত্ৰি আৰু দশেৰা উপলক্ষে দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত TV9 ফেষ্টিভেল অৱ ইণ্ডিয়া অনুষ্ঠিত হৈছে। পূজা-অৰ্চনাৰে পঞ্চম থথা অন্তিম দিনটো কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। যোৱা ৪ দিন ধৰি চলি থকা এই মেলাখনত দেশৰ বহুতো জনপ্ৰিয় ব্যক্তিত্বৰ লগতে বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।

উৎসৱটো দেওবাৰে (১৩অক্টোবৰ) পুৱা ৯ বজাত পৰম্পৰাগত পূজাৰ সৈতে আৰম্ভ হয়। তাৰ পাছত গোটেই দিনটোৰ বাবে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পঞ্চম দিনটোৰ মুখ্য আকৰ্ষণ হৈছে সেন্দুৰ খেল, যিয়ে দুৰ্গা পূজাৰ সমাপ্তিক প্ৰতিফলিত কৰে। একতা আৰু আশীৰ্বাদৰ প্ৰতীক এই উৎসৱত মহিলাসকলে ইজনে আনজনক সেন্দুৰ লগাই।

দিল্লী-এনচিআৰৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰিছে এই মেলাত। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকেও মেলাখনত উপস্থিত হৈ মা দুৰ্গাৰ আশিষ লৈছে। মেলাখনৰ মুখ্য আকৰ্ষণ আছিল মেলাৰ চতুৰ্থ দিন অৰ্থাৎ শনিবাৰৰ গৰ্বা নাইট। গৰ্বা নাইটত বহু সংখ্যক লোক উপস্থিত আছিল। গৰ্বাত পৰম্পৰাগত লোক-সংগীতৰ উপৰিও বলীউডৰ বহুতো জনপ্ৰিয় গীতত নৃত্য কৰিছিল।

 

বহুতো চেলিব্ৰিটিও উপস্থিত আছিল

কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেল আৰু তেওঁৰ স্বামী আশীষ পেটেলো এই অনুষ্ঠানত উপস্থিত আছিল। মহোৎসৱত অংশগ্ৰহণ কৰা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং আৰু কংগ্ৰেছ নেতা পৱন খেৰা। টিভি9 নেটৱৰ্কৰ এমডি আৰু চিইঅ’ বৰুণ দাসো অতিথিসকলৰ সৈতে উপস্থিত আছিল।

বিজেপি নেতা আৰু দিল্লীৰ লোকসভাৰ সাংসদ মনোজ তিৱাৰীয়েও মেলাখনত উপস্থিত আছিল। এই সময়ছোৱাত সাংসদ মনোজেও মা দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁ টিভি৯ নেটৱৰ্কক এনে স্মৰণীয় অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছিল।

২৫০তকৈও অধিক বিপনী

নৱৰাত্ৰি আৰু দশেৰা উদযাপন কৰিবলৈ ভাৰতীয় আৰু বিদেশী ৰন্ধন প্ৰণালীৰ ২৫০তকৈও অধিক বিপনী স্থাপন কৰা হৈছে। মেলাত লোকসকলক গৰ্বা নৃত্যৰ সৈতে সুস্বাদু ব্যঞ্জন উপভোগ কৰা দেখা গৈছিল। বিহাৰৰ বিখ্যাত লিট্টি-চোখা, ৰাজস্থানী ৰন্ধন প্ৰণালীৰ পৰা আৰম্ভ কৰি পাঞ্জাৱী সুস্বাদু খাদ্য, লক্ষ্ণৌৰী কাবাব আৰু দিল্লীৰ বিখ্যাত চাটলৈকে সকলোবোৰ এই খাদ্যৰ বিপনীত উপলব্ধ।

খাদ্যৰ উপৰিও, উৎসৱটোত বহুতো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মেলাখনত প্ৰদৰ্শন হৈছে এক অনন্য সাংস্কৃতিক ঐতিহ্য । । কেৱল বংগই নহয় বহুতো লোক শিল্পীয়ে মঞ্চত পঞ্জাৱ আৰু গুজৰাটৰ পৰম্পৰাগত নৃত্য উপস্থাপন জড়িয়তে দৰ্শকসকলক আকৰ্ষিত কৰিছিল।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস