বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ ৰূপত ভ্ৰমণপিয়াসীলৈ অভিনৱ মঞ্চ টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেশ্যনৰ
ভাৰতীয় ভ্ৰমণকাৰীসকলৰ বিশ্ব অন্বেষণৰ পন্থাক নতুন ৰূপত সংজ্ঞায়িত কৰাৰ এক অভিনৱ প্ৰচেষ্টাৰে টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেশ্যনে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ। অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই উৎসৱ।
ভাৰতীয় ভ্ৰমণকাৰীসকলৰ বিশ্ব অন্বেষণৰ পন্থাক নতুন ৰূপত সংজ্ঞায়িত কৰাৰ এক অভিনৱ প্ৰচেষ্টাৰে টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেশ্যনে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ। অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই উৎসৱ। দেশৰ ভিতৰতে প্ৰথমটো ভ্ৰমণ আৰু পৰ্যটন অনুষ্ঠান হিচাপে এই উৎসৱে ভ্ৰমণকাৰী, পৰ্যটন ব’ৰ্ড, আৰু ব্ৰেণ্ডসমূহক এক অনন্য মঞ্চ প্ৰদান কৰিব।
বিলাসী ভ্ৰমণ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি পৰিয়ালকেন্দ্ৰিক ভ্ৰমণলৈকে ভাৰতীয় পৰ্যটকসকলে বিশ্ব পৰ্যটনৰ ধাৰাক এক নতুন ৰূপ দিছে। পৰিসংখ্যা মতে মহামাৰীৰ পিছত বিদেশ ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা ৮৫ শতাংশ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত এই উৎসৱে পৰ্যটন খণ্ডত নতুনত্বৰ সূচনা কৰিব। এই অনুষ্ঠানে স্থানীয় তথা বিশ্ব ভ্ৰমণক উৎসাহিত কৰি বিশ্ব পৰ্যটন খণ্ডত ভাৰতৰ শক্তিশালী উত্থানক উদযাপন কৰিব।
টিভি৯ নেটৱৰ্কৰ মুখ্য বিকাশ বিষয়া ৰক্তিম দাসে এই অনুষ্ঠান সন্দৰ্ভত কয় যে ভ্ৰমণ এতিয়া আৰু বিলাসীতা নহয়; ই এক জীৱনশৈলী তথা কৌতুহল আৰু ভাৰতীয়ৰ বাবে এক প্ৰয়োজনীয়তা। “বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ জৰিয়তে আমি ভাৰতীয় ভ্ৰমণ বজাৰৰ বিশাল সম্ভাৱনা মুকলি কৰাৰ লক্ষ্যৰে ব্ৰেণ্ড, ব্যৱসায় আৰু গ্ৰাহকসকলক যোগাযোগ, নিয়োগ আৰু অনুপ্ৰাণিত কৰাৰ বাবে এক অতুলনীয় মঞ্চ প্ৰদান কৰিছো।”
ভাৰতত বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ আৰম্ভণিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। এই বিষয়ে চাওঁ আহক-
মহামাৰীৰ পাছত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ ৮৫ শতাংশ বৃদ্ধি।
ভাৰতীয় ভ্ৰমণকাৰীয়ে প্ৰতি ভ্ৰমণত গড়ে ১২০০ মাৰ্কিন ডলাৰ খৰচ কৰে।
ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ৫০ শতাংশই বুকিঙৰ বাবে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰে।
ভাৰতত ঘৰুৱা বিমান ক্ষমতা ২০২৩ চনত ১১০ শতাংশ বৃদ্ধি পাইছে।
২০২৩ চনত ঘৰুৱা বিলাসী ভ্ৰমণ ব্যয় ১২ শতাংশ বৃদ্ধি পাইছে।
ভাৰতত ব্যক্তিগত জেট বিমানৰ চাহিদা ২০২৩ চনত ১৫ শতাংশ বৃদ্ধি পাইছে।
ভাৰতত মানসিক শান্তিৰ বাবে পৰ্যটনৰ চাহিদা বৃদ্ধি পাইছে।
৬০ শতাংশতকৈ অধিক ভাৰতীয় ভ্ৰমণকাৰীয়ে পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিব বিচাৰে।
এই উৎসৱত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ব’ৰ্ড, ৰাজ্যিক পৰ্যটন প্ৰতিনিধি, বিমান সংস্থা, আৰু বহুতো লোকৰ সমাৱেশ ঘটিব। অনুষ্ঠানত ভ্ৰমণৰ ধাৰা আৰু নতুনকৈ গঢ়ি উঠা পৰ্যটন স্থানসমূহৰ ওপৰত বিশেষজ্ঞসকলৰ পৰা বিশদ তথ্য লাভ কৰিব। ভ্ৰমণ ফটোগ্ৰাফী, সাংস্কৃতিক সমন্বয়, আৰু ভ্ৰমণ পৰিকল্পনাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হ’ব। লগতে ভ্ৰমণ আৰু পৰ্যটন উদ্যোগত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হ’ব এই অনুষ্ঠানত।
এই অনুষ্ঠান কেৱল ভ্ৰমণৰ উদযাপন নহয়, বৰঞ্চ অনুষ্ঠানটোৱে ভাৰতীয় ভ্ৰমণকাৰীসকলৰ বাবে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। এই মহোৎসৱে পৰ্যটন উদ্যোগৰ সৈতে জড়িত পেছাদাৰী লোক তথা সংস্থাই হওক বা ভ্ৰমণ অনুৰাগী হওক, ভ্ৰমণে আনি দিয়া অনুসন্ধান, ন-অভিজ্ঞতা আৰু উপভোগৰ এক নতুন সুযোগ আনি দিব।