What India Thinks Today 2025 Summit: আজি WITT ৰ দ্বিতীয় দিন, অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

TV9 ৰ মেগা কনক্লেভ ‘হোৱাট ইণ্ডিয়া থিংকছ টুডে’ৰ তৃতীয় সংস্কৰণ ২০২৫ চনৰ ২৮ মাৰ্চৰ পৰা পৰা আৰম্ভ হৈছে । আজি দ্বিতীয়টো দিন। এই অনুষ্ঠানৰ আজিৰ দিনটোৰ কাৰ্যসূচী পুৱা ৯.৫৫ বজাৰ পৰা আৰম্ভ হ’ব । দ্বিতীয় দিনাৰ কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

What India Thinks Today 2025 Summit:  আজি WITT ৰ দ্বিতীয় দিন, অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

What India Thinks Today 2025 Summit

Published: 

29 Mar 2025 07:58 AM

দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক TV9 ৰ মেগা কনক্লেভ ‘হোৱাট ইণ্ডিয়া থিংকছ টুডে’ৰ তৃতীয় সংস্কৰণ ২০২৫ চনৰ ২৮ মাৰ্চৰ পৰা পৰা আৰম্ভ হৈছে । আজি দ্বিতীয়টো দিন। এই অনুষ্ঠানৰ আজিৰ দিনটোৰ কাৰ্যসূচী পুৱা ৯.৫৫ বজাৰ পৰা আৰম্ভ হ’ব । দ্বিতীয় দিনাৰ কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । TV9 ৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে আৰ এছ এছৰ নেতা সুনীল অম্বেকাৰ, পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰী, ভূপেন্দ্ৰ যাদৱ, জি কিষাণ ৰেড্ডী, বেদান্তৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ অনিল আগৰৱালা, নৱনীত ছালুজা, ড° মহেশ ৱাধৱানী, ড° এছ কে ৱাংগু, ড° কে টি মহে, চিৰাগ পাছৱান, মনোহৰ লাল খত্তৰ, ভগৱন্ত মান, পুষ্ক সিং ধামী, পীযুষ গোৱাল, মোহন যাদৱ, অশ্বিনী বৈষ্ণৱ, স্মৃতি ইৰাণী, অসম মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেজস্বী যাদৱ, নিৰ্মলা সীতাৰমণ ।

প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দেশৰ ক্ৰমবৰ্ধমান অৰ্থনীতি আৰু ভাৰতৰ উন্নয়নৰ সংকল্পকে ধৰি বহু বিষয় সামৰি ভাষণ দিয়ে। এই দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডা, অভিনেত্ৰী ইয়ামি গৌতম, অমিত সাধ আৰু জিম সৰভেও উপস্থিত থাকি নিজৰ মত ব্যক্ত কৰে।

আজি দ্বিতীয় দিনটোৰ কাৰ্যসূচীত ৰাজনীতি, স্বাস্থ্য আৰু শিক্ষাৰ জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব। পুৱা ৯.৫৫ বজাৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী।

উল্লেখ্য যে, দেশৰ সৰ্ববৃহৎ সংবাদ নেটৱৰ্ক TV9 ৰ বাৰ্ষিক অনুষ্ঠান “What India Thinks Today, Global Summit 2025″ৰ তৃতীয়টো সংস্কৰণ অনুষ্ঠিত হৈ আছে । TV9 ৰ এই মঞ্চত সমগ্ৰ বিশ্বৰ বিশিষ্ট ব্যক্তিসকল সমবেত হয়। প্ৰথম দিনটোৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ এই অনুষ্ঠানৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকে ।

২৮ আৰু ২৯ মাৰ্চ, দুদিনীয়া কাৰ্যসূচীৰে দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা হৈছে ‘What India Thinks Today’ শীৰ্ষক এই বিশেষ বাৰ্ষিক অনুষ্ঠান । TV9 ৰ এই অনুষ্ঠানৰ জৰিয়তে কেৱল ৰাজনীতিয়ে নহয়, মনোৰঞ্জন, ব্যৱসায়, স্বাস্থ্য, সংস্কৃতি আৰু ক্ৰীড়াকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গভীৰ আলোচনা কৰাৰ চেষ্টা কৰা হৈছে ।

Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...
ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...