WITT 2025: ভাৰতে আমেৰিকাক শুল্ক ৰেহাই দিব নেকি ? কি ক’লে মন্ত্ৰী পীযুষ গোৱেলে ?
TV9 ৰ মেগা কনক্লেভ ‘হোৱাট ইণ্ডিয়া থিংকছ টুডে’ৰ তৃতীয় সংস্কৰণৰ আজি দ্বিতীয়টো দিন। আজি এই মঞ্চৰ পৰা পীযুষ গোৱেলে নিজৰ মত ব্যক্ত কৰে। ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিয়ে সমগ্ৰ বিশ্বতে এক জোকাৰণিৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত সাংবাদিক পদ্মজা যোশীয়ে কৰা প্ৰশ্নৰ উত্তৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বাণিজ্য মন্ত্ৰী পীযুষ গোৱেলে ।

দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক TV9 ৰ মেগা কনক্লেভ ‘হোৱাট ইণ্ডিয়া থিংকছ টুডে’ৰ তৃতীয় সংস্কৰণৰ আজি দ্বিতীয়টো দিন। আজি এই মঞ্চৰ পৰা পীযুষ গোৱেলে নিজৰ মত ব্যক্ত কৰে। ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিয়ে সমগ্ৰ বিশ্বতে এক জোকাৰণিৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত সাংবাদিক পদ্মজা যোশীয়ে কৰা প্ৰশ্নৰ উত্তৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বাণিজ্য মন্ত্ৰী পীযুষ গোৱেলে ।
এই সন্দৰ্ভত বাণিজ্য মন্ত্ৰী পীযুষ গোৱেলে কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ট্ৰাম্পৰ মাজত বন্ধুত্ব, পাৰস্পৰিক সন্মান আৰু সদিচ্ছা মনোভাৱ অধিক শক্তিশালী হৈ আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও প্ৰধানমন্ত্ৰী মোদীক ঘনিষ্ঠ বন্ধু বুলি গণ্য কৰে।” তেওঁ লগতে কয়, “আজি ভাৰতে সৰ্বাধিক স্নাতক ডিগ্ৰীধাৰী লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৪৩ শতাংশ মহিলা। ভাৰতত আছে সক্ৰিয় সংবাদ মাধ্যম, স্বতন্ত্ৰ ন্যায়পালিকা। বিশ্বৰ প্ৰতিখন দেশেই ভাৰতৰ শক্তিক স্বীকৃতি আৰু স্বীকাৰ কৰে।”
একে সময়তে তেওঁ কয় যে, বৰ্তমান সময়ত ইউৰোপীয় সংঘ আৰু উপসাগৰীয় দেশসমূহেও ভাৰতৰ সহযোগিতা আশা কৰে। প্ৰায় ২৩ বিলিয়ন ডলাৰৰ আমদানিৰ ওপৰত শুল্ক আঁতৰোৱাৰ কথা কোৱা হৈছে। ইউৰোপৰ চাৰিখন দেশ আৰু অষ্ট্ৰেলিয়াৰ সৈতে আমি বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছো। ভাৰত আৰু আমেৰিকা দুয়োখনেই নিজৰ স্বাৰ্থ অনুযায়ী কাম কৰি আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।
“ভাৰত আৰু আমেৰিকাই একেলগে কাম কৰিব। যি হ’বলগীয়া আছে সেয়া ভাৰতৰ স্বাৰ্থত হ’ব। এহাতেৰে কেতিয়াও হাত চাপৰি বজাব নোৱাৰি। একপক্ষীয় লাভ বেছি দিন নাথাকে। আমেৰিকা আৰু ভাৰতৰ বৈদেশিক নীতিৰ কোনো পাৰ্থক্য নাই। এটা সময়ত আমি সমান দূৰত্ব বজাই ৰাখিছিলো, এতিয়া আমি সমান বন্ধুত্ব বজাই ৰাখিছো।” এইদৰে কয় মন্ত্ৰী গোৱেলে । কানাডাৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত পীযুষ গোৱেলে কয় যে, যেতিয়া সঠিক সময় আহিব তেতিয়া সঠিক সিদ্ধান্ত লোৱা হ’ব। এই সময়, সঠিক সময় বুলি কয় মন্ত্ৰীগৰাকীয়ে ।