5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শোকাৱহ! মন্দিৰৰ দেৱাল খহি দুজনৰ মৃত্যু, অব্যাহত উদ্ধাৰ অভিযান

মধ্য প্ৰদেশৰ উজ্জয়নস্থিত মহাকাল মন্দিৰৰ এখন দেৱাল ভাঙি খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

শোকাৱহ! মন্দিৰৰ দেৱাল খহি দুজনৰ মৃত্যু, অব্যাহত উদ্ধাৰ অভিযান
আহত সকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
Follow Us
monjit-dutta
Monjit Dutta | Published: 27 Sep 2024 23:25 PM

মূষলধাৰ বৰষুণৰ প্ৰভাৱত মধ্য প্ৰদেশত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নেৰানেপেৰাকৈ অব্যাহত থকা বৰষুণৰ ফলত কিছুসময় পূৰ্বে ৰাজ্যখনৰ উজ্জয়নস্থিত মহাকাল মন্দিৰৰ এখন দেৱাল ভাঙি খহি পৰে। খহি পৰা দেৱালৰ ধ্বংসাৱশেষৰ তলত সোমাই পৰে সেই স্থানত থকা একাংশ লোক। এই দুৰ্ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি মুষলধাৰ বৰষুণৰ প্ৰভাৱত মহাকাল মন্দিৰৰ ৪ নং গেটৰ এখন দেৱাল হঠাতে ভাঙি তললৈ খহি পৰে। দেৱালৰ কাষতে সামগ্ৰী বিক্ৰী কৰি থকা একাংশ লোকৰ ওপৰত বাগৰি পৰে দেৱালৰ খহি অহা ধ্বংসাৱশেষ আৰু কেইবাজনো লোক এই ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। এই ঘটনাই মুহূৰ্ততে আতংকৰ সৃষ্টি কৰে ঘটনাস্থলীত।

দুৰ্ঘটনাৰ ভয়াৱহতা লক্ষ্য কৰি একাংশ লোকে লগে লগে মহাকাল মন্দিৰ প্ৰশাসনক ঘটনাৰ বিষয়ে  অৱগত কৰে। আনহাতে ঘটনাস্থলীত উপস্থিত হৈ মন্দিৰ প্ৰশাসনৰ লোকসকলে লগে লগে স্থানীয় আৰক্ষী তথা প্ৰশাসনক ঘটনাৰ বিষয়ে ফোন যোগে খবৰ দিয়ে। এই খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু উদ্ধাৰ কৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

প্ৰশাসনৰ দলটোৱে মন্দিৰৰ কৰ্মচাৰী তথা স্থানীয় একাংশ লোকৰ সহায়ত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি ধ্বংসাৱশেষৰ তলৰ পৰা আহত লোকসকলক উলিয়াই আনে আৰু চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে তাৰ মাজতে এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে কৰ্তৃপক্ষই।

ইফালে ধ্বংসাৱশেষৰ তলত কেইগৰাকী লোক আৱদ্ধ হৈ পৰিছিল তথা আটাইকেইগৰাকী লোককে উদ্ধাৰ কৰা হ’ল নে নাই হোৱা সেই সন্দৰ্ভত এতিয়াও নিশ্চিত হ’ব পৰা নাই। এনে পৰিস্থিতিত ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলটোৱে। কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে অভিযানকাৰী দলটো এই অভিযানত যথেষ্ট বাধাৰ সন্মুখীন হৈছে।

ঘটনাৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে দুগৰাকী মহিলা আৰু এটি শিশু খহি পৰা দেৱালখনৰ তলত সোমাই পৰা বুলি উল্লেখ কৰিছে। অৱশ্যে কিমান ভক্ত এই ঘটনাত আহত হৈছে সেই বিষয়ে মহিলাগৰাকীয়ে সঠিক তথ্য প্ৰকাশ কৰিব পৰা নাই। উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা উজ্জয়নত ধাৰাবাহিকভাৱে বৰষুণ দি আহিছে। বৰষুণৰ প্ৰভাৱতে মন্দিৰৰ দেৱালখন খহি পৰা বুলি জানিব পৰা গৈছে।

Latest News