অনন্তনাগত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত দুই উগ্ৰপন্থী... | Two militants killed in encounter in Jammu Kashmir Anantnag Assam news - Assam Tv9

Jammu Kashmir: অনন্তনাগত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত দুই উগ্ৰপন্থী…

শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুই উগ্ৰপন্থী। সূত্ৰই সদৰী কৰা মতে, নিহত হোৱা সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত এজন স্থানীয় হোৱাৰ লগতে আনজন বিদেশী বুলি জানিব পৰা গৈছে ।

Jammu Kashmir: অনন্তনাগত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত দুই উগ্ৰপন্থী...

ফাইল ফটো

Updated On: 

02 Nov 2024 14:01 PM

দীপাৱলীৰ আনন্দৰ মাজতে পুনৰ জম্মু-কাশ্মীৰ উত্তপ্ত হৈ পৰিছে । শেহতীয়া খবৰ অনুসৰি, শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুই উগ্ৰপন্থী। দক্ষিণ কাশ্মীৰ জিলাৰ ছাংগুছ-লাৰ্ণু অঞ্চলৰ হালকান গালিৰ সমীপত সংঘটিত হয় এই সংঘৰ্ষ। সূত্ৰই সদৰী কৰা মতে, নিহত হোৱা সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত এজন স্থানীয় হোৱাৰ লগতে আনজন বিদেশী বুলি জানিব পৰা গৈছে ।

ইফালে, বিষয়াসকলে সদৰী কৰা মতে, নিহত দুই সন্ত্ৰাসবাদী কোনটো গোটৰ সৈতে জড়িত আছে সেই কথা এতিয়াও নিশ্চিত হোৱা নাই । ইয়াৰ সমান্তৰালভাৱে এতিয়াও নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত থকা কথাও সদৰী কৰিছে বিষয়া সকলে । তেওঁলোকে জানিবলৈ দিছে যে, তদন্তৰ শেষতহে সবিশেষ তথ্য প্ৰকাশ কৰিব পৰা যাব ।

গোপন সূত্ৰৰ ভিত্তিত চলোৱা হৈছিল অভিযান

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, বিদেশী সন্ত্ৰাসবাদীজন পাকিস্তানৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । গোপন সূত্ৰৰ ভিত্তিত সন্ত্ৰাসবাদীয়ে অঞ্চলটোত আত্মগোপন কৰা বুলি জানিব পাৰিছিল নিৰাপত্তাৰক্ষীয়ে । ইয়াৰ পাছতে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায় । জম্মু-কাশ্মীৰৰ অনন্তনাগত প্ৰায় এঘণ্টা ধৰি চলা এই  অভিযানত নিহত হয় দুজন সন্ত্ৰাসবাদী।

বৃদ্ধি পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ

উল্লেখ্য যে, জম্মু-কাশ্মীৰত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। জানিব পৰা মতে, শুকুৰবাৰে উপত্যকাটোত প্ৰব্ৰজিত শ্ৰমিকক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰে । সন্ত্ৰাসবাদীৰ এই আক্ৰমণত আহত হয় দুজন শ্ৰমিক। জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ মাগামৰ মাঝামা অঞ্চলত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, আক্ৰমণত আহত দুয়োজন শ্ৰমিক উত্তৰ প্ৰদেশৰ বাসিন্দা। জিলাখনত চলি থকা চৰকাৰী আঁচনি জল জীৱন প্ৰকল্পনিৰ কামত নিয়োজিত আছিল শ্ৰমিক দুজন । এই আক্ৰমণ সংঘটিত হোৱাৰ পাছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে নিৰাপত্তাৰক্ষীয়ে ।

কোমোৰাৰ আছে স্বাস্থ্যৰ বাবে উপকাৰী বহুতো গুণ
নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰি আছে নেকি? মনত ৰাখিব এই ৭টা কথা!
নিশা গাৰুৰ তলত ইলাচি লৈ শুলে লাভ কৰিব এনে আচৰিত উপকাৰিতা, জানিলে উপকৃত হ’ব আপুনি
'মাতৃ-পিতৃ বন্দনা'ৰ নামত ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে পাব ৫ দিনৰ ছুটী!