দিন-দুপৰতে ডকাইতি: নিৰাপত্তাৰক্ষীক হত্যা কৰি এটিএমৰ ধন সৰবৰাহকাৰী বাহনৰ পৰা ৯৩ লাখ টকা লুট দুই ডকাইতৰ

পুৱা প্ৰায় ১০.৩০ মান বজাত সংঘটিত এই ডকাইতিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰৈছে চিচিটিভি কেমেৰাৰ লগতে একাংশ প্ৰত্যক্ষদৰ্শীৰ মোবাইল কেমেৰাত ।

দিন-দুপৰতে ডকাইতি: নিৰাপত্তাৰক্ষীক হত্যা কৰি এটিএমৰ ধন সৰবৰাহকাৰী বাহনৰ পৰা ৯৩ লাখ টকা লুট দুই ডকাইতৰ

মহানগৰীত ডকাইতি কাণ্ড!

Published: 

16 Jan 2025 18:43 PM

এটা ভয়ংকৰ ডকাইতিকাণ্ড । এই ডকাইতিকাণ্ডৰ বিষয়ে শুনিলে বুকু কঁপি উঠিব আপোনাৰ । চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই কাণ্ড । পুৱা প্ৰায় ১০.৩০ মান বজাত সংঘটিত এই ডকাইতিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰৈছে চিচিটিভি কেমেৰাৰ লগতে একাংশ প্ৰত্যক্ষদৰ্শীৰ মোবাইল কেমেৰাত ।

আন দিনাৰ দৰেই আজি পুৱাও ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ কৰ্মচাৰীকেইজনে গাড়ীত টকালৈ এটিএমত যোগান ধৰিবলৈ ৰাওনা হয় । সদাব্যস্ত চহৰখনৰ এটা এটিএমত টকা ভৰাবলৈ গাড়ীখন ৰখোৱাৰ সময়তে সংঘটিত হয় এটা ভয়কৰ ঘটনা । বাইকত অহা দুই দুৰ্বৃত্তই গুলীচালনা কৰি টকাৰ বাকচটো কাঢ়ি লৈ যায় ।

বাহনখনত অহা নিৰাপত্তাৰক্ষী দুগৰাকীয়ে বাধা দিয়াৰ চেষ্টা চলায় যদিও ডকাইতৰ গুলীত এজনৰ মৃত্যু ঘটে । ছটাকৈ গুলী নিক্ষেপ কৰিছিল ডকাইতৰ দলটোৱে । নিৰাপত্তাৰক্ষীক হত্যা কৰি ধনৰ বাকচটো লৈ সেই স্থানৰ পৰা উধাও হয় বাইকত অহা দুজনীয়া ডকাইতৰ দলটো । ইতিমধ্যে আৰক্ষীয়ে ডকাইত দুটাক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

সূত্ৰসমূহে জনোৱা মতে, ডকাইতে লুটি নিয়া নগদ ধনৰ বাকচটোত জিলাখনৰ মুখ্য কাৰ্যালয়ৰ বিভিন্ন এ টি এমত ভৰোৱাৰ উদ্দেশ্যে ৯৩ লাখ টকা অনা হৈছিল । চিচিটিভি ফুটেজত দেখা গৈছে যে নগদ ধনৰ সৈতে এ টি এম সেৱাৰ কৰ্মী আহি পোৱালৈ অপেক্ষা কৰি আছিল ডকাইতৰ দলটোৱে । দুয়োজনে কৰ্মচাৰী কেইজনক খেদি যায় আৰু নিৰাপত্তাৰক্ষীৰ ফালে বন্দুক টোঁৱাই থকা দেখা গৈছে । ডকাইতৰ দলে গুলীচালনা কৰাত ওচৰত থকা সকলো মানুহ ভয়ত পলাই যায় ।

বেকপেক পিন্ধা এজন নিৰাপত্তাৰক্ষী পিছুৱাই যোৱাৰ বিপৰীতে আনজনে ডকাইতক বাধা দিবলৈ চেষ্টা কৰে । ক্ষন্তেকতে পিছুৱাই যোৱা জনো আগুৱাই আহে আৰু ডকাইতৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে । ভিডিঅ’টোত নগদ ধনৰ বাকচটো পহৰা দি থকা লোকজন পথত পৰি থকা দেখা গৈছে, আনহাতে ডকাইতৰ দলে ধনখিনি লৈ পলাই যোৱা দেখা গৈছে ।

ধন সৰবৰাহ কৰা বাহনখনৰ সমুখতে ডকাইতৰ দলটোৰ বাইকখন ৰখোৱা আছিল । এজন সদস্যই বাইকখন ষ্টাৰ্ট কৰাৰ লগে লগে বাকচসহ আনটো ডকাইত বাইকত উঠাৰ চেষ্টা কৰে যদিও বাকটোৰ ভৰ বেছি হোৱাত তেওঁ বাগৰি পৰে । আনটো ডকাইতে তেওঁক সহায় কৰিব খুজিছিল যদিও, তেৱোঁ বাগৰি পৰে । অৱশেষত বাকচটো বাইকৰ টেংকিত উঠাই দুয়োটা ডকাইত উধাও হয় সেই স্থানৰ পৰা ।

সূত্ৰসমূহে জনোৱা মতে, ডকাইতৰ দলটোৱে গুলী চলোৱাৰ পূৰ্বে প্ৰথমে নিৰাপত্তাৰক্ষীলৈ জলকীয়া গুৰি ছটিয়াইছিল । জিলাৰ আৰক্ষী অধীক্ষক প্ৰদীপ গুণ্টে, অতিৰিক্ত আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত পূজাৰীকে ধৰি আন জ্যেষ্ঠ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ বেংকৰ এ টি এমৰ পৰা সংগ্ৰহ কৰা চিচিটিভি ভিজুৱেলৰ ওপৰত ভিত্তি কৰি তদন্ত আগবঢ়াই নিছে ।

গুণ্টেৰ মতে, পুৱা ১০.৩০ বজাত নগদ ধন লোডিং সেৱাৰ নিৰাপত্তাৰক্ষীয়ে এছ বি আইৰ এ টি এমত ধন ভৰোৱাৰ বাবে আহিছিল । “এছ বি আই বেংকৰ এটিএমত ধন জমা কৰাত নিৰাপত্তা সংস্থাৰ লোক নিয়োজিত আছিল । বাইকত অহা দুজন ব্যক্তিয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে । গুলীচালনাত এজন নিহত হয় আৰু আন এজন গুলীত আঘাতপ্ৰাপ্ত হয় । অভিযুক্তই পলায়ন বিপুল পৰিমাণৰ ধন লৈ পলায়ন কৰে । আমি পলায়ন কৰা লোকসকলৰ সন্ধান আৰম্ভ কৰিছো । আমি বেংকৰ পৰা হেৰোৱা ধনৰ পৰিমাণৰ বিষয়ে তথ্যৰ বাবে অপেক্ষা কৰি আছো ।”

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?