কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত দুই জোৱান শ্বহীদঃ শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰীৰ

কাশ্মীৰৰ অনন্তনাগত আজি নিৰাপত্তাৰক্ষীৰ এক সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত ভাৰতীয় সেনাৰ দুগৰাকী জোৱান শ্বহীদ হয়। জোৱান দুগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সমগ্ৰ দেশ এই কঠিন সময়ত নিহত জোৱান দুগৰাকীৰ শোকসন্তপ্ত পৰিয়ালৰ কাষত থকা বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়।

কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত দুই জোৱান শ্বহীদঃ শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰীৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Published: 

11 Aug 2024 19:03 PM

জম্ম-কাশ্মীৰত বিগত কিছুদিনৰ পৰা বৃদ্ধি পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। উপত্যকাটোৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত নিৰাপত্তাৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদী গোটৰ মাজত কেইবাবাৰো সংঘৰ্ষৰ সূত্ৰপাত হৈছে। এই সংঘৰ্ষসমূহত বহু সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ লগতে শ্বহীদ হৈছে কেইবাজনো জোৱান। আজি পুনৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত দুগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে চাৰিজন জোৱান আহত হয়। অনন্তনাগৰ এক বনাঞ্চলত অভিযানৰ সময়ত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ এটা দলে গুলীচালনা কৰাৰ ফলতে প্ৰাণ হেৰুৱায় জোৱান কেইজনে।

ভাৰতীয় সেনাৰ জোৱান দুগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই কঠিন সময়ত নিহত জোৱান দুগৰাকীৰ শোকসন্তপ্ত পৰিয়ালৰ কাষত থকা বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়। এক টুইট যোগে তেওঁ কয়, “অনন্তনাগৰ কোকেৰনাগত সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমাৰ বীৰ আৰু নিৰ্ভীক ভাৰতীয় সেনাৰ জোৱান দুজন শ্বহীদ হোৱাত গভীৰ শোক প্ৰকাশ কৰিছো।”

“শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা। এই শোকৰ সময়ত সমগ্ৰ দেশ তেওঁলোকৰ সৈতে শক্তিশালীভাৱে থিয় দিছে।”- কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়। ইফালে ঘটনা সন্দৰ্ভত সেনাৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, অনন্তনাগ জিলাৰ আহলান গগৰ-মাণ্ডু অঞ্চলত এই এনকাউণ্টাৰৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে সেনা জোৱানসকলে অভিযান তীব্ৰতৰ কৰি তোলে।

সংঘৰ্ষৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীচালনাত দুজন সাধাৰণ নাগৰিকো আহত হোৱা বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে। তেওঁ সদৰী কৰা মতে, এনকাউণ্টাৰত ৬ জন সেনা জোৱান আৰু দুজন সাধাৰণ নাগৰিক আহত হয়। আহত জোৱান দুজনক লগে লগে কাষৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কিছু সময়ৰ পাছতে চিকিৎসকে দুজন জোৱানক শ্বহীদ ঘোষণা কৰে।

ইয়াৰ পিছতে এনকাউণ্টাৰস্থলীত বৃহৎ সংখ্যক জোৱান মোতায়েন কৰা হয় বুলি কৰ্তৃপক্ষই লগতে প্ৰকাশ কৰে। নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰা বুলি কৰ্তৃপক্ষই লগতে সদৰী কৰিছে। গাডোলেৰ অৰণ্যত দুজন সন্ত্ৰাসবাদী আত্মগোপন কৰাৰ খবৰ পোৱা গৈছে বুলিও কৰ্তৃপক্ষই জানিবলৈ দিছে।

ইফালে ইতিপূৰ্বে আৰক্ষীয়ে কাথুৱা জিলাৰ বাণী, মালহাৰ আৰু সোজধৰৰ ধোক অঞ্চলত দেখা পোৱা চাৰি সন্ত্ৰাসবাদী সদস্যৰ স্কেচ্চ প্ৰকাশ কৰিছে। এই সন্ত্ৰাসবাদী কেইজনৰ বিষয়ে তথ্য প্ৰদান তথা চিনাক্তকৰণ কৰা সকলক সেনাই ৫ লাখ টকাকৈ পুৰস্কাৰ আগবঢ়াব বুলিও ঘোষণা কৰা হৈছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!