5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই সন্ত্ৰাসবাদী নিহত

এই এনকাউণ্টাৰ চলি থকাৰ সময়তে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কেবিনেটৰ নিৰাপত্তা পৰিক্ৰমা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত দীঘলীয়া আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা কৰা দুই সন্ত্ৰাসবাদী নিহত
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 18 Jul 2024 17:23 PM

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুই সন্ত্ৰাসবাদীয়ে। উপত্যাকাটোৰ কুপৱাৰাৰ কেৰাণ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা দুজন সন্ত্ৰাসবাদী নিহত হয় সেনাৰ গুলীত। অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ এই অভিযান অতিয়াও অব্যাহত আছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, কেৰা অঞ্চলত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ তথ্য লাভ কৰাৰ পিছতে ৬আৰআৰ আৰু কুপৱাৰা আৰক্ষীকে ধৰি নিৰাপত্তা বাহিনীয়ে এক অভিযান আৰম্ভ কৰিছিল। অভিযানকাৰী দলটোৰ ওপৰত সন্ত্ৰাসবাদীয়ে প্ৰথমে গুলীচালনা কৰে আৰু ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত এনকাউণ্টাৰ আৰম্ভ হয় বুলি জানিব পৰা গৈছে।

এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু হয় সন্ত্ৰাসবাদী দুজনৰ। ইফালে এই এনকাউণ্টাৰ চলি থকাৰ সময়তে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কেবিনেটৰ নিৰাপত্তা পৰিক্ৰমা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত দীঘলীয়া আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

এই বৈঠকত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি কেবিনেটৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বহু শীৰ্ষ বিষয়া উপস্থিত থাকে। উপত্যকাটোত কূটাঘাতমূলক কাৰ্য অব্যাহত ৰখা সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ দিবলৈ বৈঠকত চৰকাৰে এক সুনিৰ্দিষ্ট কৌশল ৰচনা কৰিছে বুলি অনুমান কৰা হৈছে।

কুপৱাৰাৰ এই এনকাউণ্টাৰৰ সমান্তৰালকৈ জম্মুৰ ডোডাতো এনকাউণ্টাৰ চলি আছে। আজি পুৱা অঞ্চলটোত সন্ত্রাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ এটা অনুসন্ধানকাৰী দলক আক্রমণ কৰাৰ পিছত সন্ত্ৰাসবাদীৰ দলটোক লক্ষ্য কৰি নিৰাপত্তাৰক্ষীৰ দলটোৱেও প্ৰত্যাক্ৰমণ চলায়। সেনাৰ আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদীৰ দলটো অৰণ্যৰ ভিতৰলৈ পলায়ন কৰে।

ডোডাৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদী লুকাই থকা এই বনাঞ্চলত সেনাৰ অভিযান অব্যাহত আছে। অতি সোনকালে এই এনকাউণ্টাৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে সফলতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

লক্ষণীয়ভাৱে সোমবাৰে নিশাৰ পৰা উপত্যকাটোৰ দেশা বনাঞ্চলত সূত্ৰপাত হোৱা এনকাউণ্টাৰত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ আহুতি দিছিল কেপ্তেইন বৃজেশ থাপা, নায়ক ডি ৰাজেশ, কনিষ্টবল বিজেন্দ্ৰ আৰু কনিষ্টবল অজয়ে। শ্বহীত বিষয়া-জোৱানকেইজনৰ প্ৰতি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে শোক প্ৰকাশ কৰিছিল।

Latest News