5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কাশ্মীৰত নিৰাপত্তা বাহিনীৰ আন এক সাফল্যঃ সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

কাশ্মীৰ অঞ্চলৰ ছ’পোৰত আজি নিৰাপত্তা বাহিনীৰ এক অভিযানত মৃত্যু হৈছে দুই সন্ত্ৰাসবাদী সদস্যৰ। এক সংবাদমেল সম্বোধন কৰি এই অভিযান সন্দৰ্ভত সেনাই তথ্য প্ৰকাশ কৰি নিৰাপত্তা বাহিনীৰ বাবে এয়া এক বৃহৎ সফলতা হিচাপে অভিহিত কৰে। সেনাই সদৰী কৰা তথ্য অনুসৰি ছ’পোৰৰ সাগিপোৰা অঞ্চলত নিৰাপত্তা বাহিনীয়ে প্ৰাণ লৈছে সন্ত্ৰাসবাদী দুজনৰ।

কাশ্মীৰত নিৰাপত্তা বাহিনীৰ আন এক সাফল্যঃ সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 08 Nov 2024 20:57 PM

জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ খবৰ। উপত্যকাটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদ দমনৰ বাবে নিৰাপত্তা বাহিনীয়ে অভিযানো তীব্ৰতৰ কৰি তুলিছে। নিৰাপত্তা বাহিনীৰ এনে এক অভিযানত আজি কাশ্মীৰ অঞ্চলৰ ছ’পোৰত মৃত্যু হৈছে দুই সন্ত্ৰাসবাদী সদস্যই।  এক সংবাদমেল সম্বোধন কৰি এই অভিযান সন্দৰ্ভত সেনাই তথ্য প্ৰকাশ কৰিছে। অনুষ্ঠিত কৰে। সেনাই সদৰী কৰা তথ্য অনুসৰি ছ’পোৰৰ সাগিপোৰা অঞ্চলত এই সাফল্য লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে।

সংবাদ মেলত সেনাই দুই সন্ত্ৰাসবাদীৰ মৃত্যু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা হিচাপে অভিহিত কৰে। নিহত সন্ত্ৰাসবাদী দুজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে সেনাই। নিৰাপত্তা বাহিনীৰ গোট কিলো ফ’ৰ্চৰ দীপক মোহন নামৰ এগৰাকী কামাণ্ডাৰে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে কিছুদিনৰ পৰা বাৰামুল্লা জিলাত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিষয়ে নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱা তথ্য লাভ কৰি আহিছে।

এনে তথ্যৰ আধাৰত সাগীপোৰা অঞ্চলত তালাচী অভিযান আৰম্ভ কৰা হয় বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে। এই সময়ছোৱাতে নিৰাপত্তা বাহিনীৰ অভিযানকাৰী দলটো সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয় আৰু এই এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হয় বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে। দুই সন্ত্ৰাসবাদী সদস্যৰ হত্যা নিৰাপত্তাৰক্ষীৰ বাবে এক বৃহৎ সফলতা বুলি উল্লেখ কৰি দীপক মোহনে লগতে নিহত সন্ত্ৰাসবাদী দুজনক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে।

লক্ষণীয়ভাৱে উত্তৰ কাশ্মীৰত দীৰ্ঘদিন ধৰি এই সন্ত্ৰাসবাদী গোটটো সক্ৰিয় হৈ থকা বুলি তথ্য পোহৰলৈ আহিছে। ইফালে এনকাউণ্টাৰ স্থানৰ পৰা বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি কাশ্মীৰ মণ্ডল আৰক্ষীয়ে আন এক পোষ্ট যোগে অৱগত কৰিছে। আৰক্ষীৰ মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পিছতে বৃহস্পতিবাৰে সন্ধিয়া এই এনকাউণ্টাৰ আৰম্ভ হয়।

কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক  ভিকে বিৰ্দিয়ে জানিবলৈ দিয়া মতে, নিৰাপত্তা বাহিনীৰ দলটোৱে প্ৰথমে অঞ্চলটোৰ পৰা সাধাৰণ নাগৰিকক নিৰাপদে উলিয়াই অনাৰ পিছত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু সেনাৰ গুলীত মৃত্যু হয় সন্ত্ৰাসবাদী দুজনৰ। ইফালে যোৱা ৩ নৱেম্বৰত শ্ৰীনগৰত সংঘটিত গ্ৰেনেড আক্ৰমণৰ গোচৰতো জম্মু-কাশ্মীৰ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে।

এই গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত লস্কৰ-ই-তৈবাৰ তিনি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত সন্ত্ৰাসবাদীকেইজনক উছামা ইয়াছিন শ্বেইখ, ওমৰ ফৈয়াজ শ্বেইখ আৰু আফনান মনছুৰ শ্বেইখ বুলি চিনাক্ত কৰা হৈছে। শ্ৰীনগৰত সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণত ১২ জন লোক আহত হৈছিল।

Latest News