5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত দুই সন্ত্ৰাসবাদী নিহতঃ উদ্ধাৰ বৃ্হৎ পৰিমাণৰ গোলাবাৰুদ

জম্মু-কাশ্মীৰৰ নৌছেৰাত নিৰাপত্তাৰক্ষীৰ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা কৰা দুজন সন্ত্ৰাসবাদী নিহত হৈছে। নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা বিপুল পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ হৈছে বুলি নিৰাপত্তা বাহিনীয়ে সদৰী কৰিছে। ইফালে অঞ্চলটোত অধিক সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সন্দেহত তালাচী অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে নিৰাপত্তা বাহিনীয়ে।

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত দুই সন্ত্ৰাসবাদী নিহতঃ উদ্ধাৰ বৃ্হৎ পৰিমাণৰ গোলাবাৰুদ
প্ৰতিনিধিত্বমূলক ছবি
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 09 Sep 2024 11:20 AM

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ কুচকাৱাজ। বিগত কিছুদিনৰ পৰা উপত্যকাটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উপত্যকাটোৰ পৰিস্থিতি অশান্ত কৰি তোলাৰ লক্ষ্যৰে সীমান্তৰে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টাৰ বহু ঘটনাও সময়ে সময়ে পোহৰলৈ আহিছে। এইদৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা বহুকেইজন সন্ত্ৰাসবাদী নিৰাপত্তা বাহিনীৰ অভিযানত নিহত হৈছে। সন্ত্ৰাসবাদীৰ গতিবিধি ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীও যথেষ্ট সষ্টম হৈ কৰিছে।

নিৰাপত্তা বাহিনীৰ এনে তৎপৰতাৰ সুবাদতে যোৱা নিশা জম্মু-কাশ্মীৰৰ নৌছেৰাত অনুপ্ৰৱেশৰ চেষ্টা কৰা দুজন সন্ত্ৰাসবাদী নিহত হৈছে। প্ৰকাশিত তথ্য অনুসৰি নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ গোলাবাৰুদ। নিৰাপত্তা বাহিনীয়ে এই তথ্য প্ৰকাশ কৰিছে। ইফালে অঞ্চলটোত অধিক সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তা বাহিনীয়ে।

সেয়ে অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীৰ জোৱানসকলে। জানিব পৰা মতে সন্ত্ৰাসবাদীৰ সম্ভাৱ্য অনুপ্ৰৱেশ সন্দৰ্ভত চোৰাংচোৱা সংস্থা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰা সেনাই তথ্য লাভ কৰিছিল। এই তথ্যৰ আধাৰত যোৱা নিশা সেনাই নৌছেৰাৰ লাম অঞ্চলত অনুপ্ৰৱেশ বিৰোধী অভিযান আৰম্ভ কৰে। এই অভিযানত সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদী দুজন।

নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা দুটা এ কে ৪৭ আৰু এটা পিষ্টলকে ধৰি বৃহৎ পৰিমাণৰ গুলীবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি নিৰাপত্তা বাহিনীয়ে সদৰী কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ জম্মুৰ সুঞ্জৱান সেনা ঘাটিৰ বাহিৰত সন্ত্ৰাসবাদীৰ গুলীচালনাত এজন জোৱান আহত হৈছিল। সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আহত জোৱানজনৰ পিছত মৃত্যু ঘটিছিল। জম্মু চহৰৰ সৰ্ববৃহৎ সেনা ঘাটি হিচাপে জনা যায় এই সুঞ্জৱান ঘাটিক।

ইফালে শেহতীয়াকৈ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাত দুটা পৃথক এনকাউণ্টাৰত তিনিজন সন্ত্ৰাসবাদী নিহত হয়। ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে সদৰী কৰা মতে কুপৱাৰাৰ মাচিল ছেক্টৰত হোৱা এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে দুজন সন্ত্ৰাসবাদীক হত্যা কৰাৰ বিপৰীতে কুপৱাৰাৰ টাংধৰ ছেক্টৰত আন এজন সন্ত্ৰাসবাদী নিহত হয়।

বিগত তিনিমাহত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। জম্মু-কাশ্মীৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হাই এলাৰ্টত আছে নিৰাপত্তা বাহিনী। কেন্দ্ৰীয় শাসিত অঞ্চলটোত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিধানসভা নিৰ্বাচন। সেই উপলক্ষে জম্মু-কাশ্মীৰত অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ৩০০ কোম্পানী মোতায়েন কৰা হৈছে।

১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ৪ অক্টোবৰত ফলাফল ঘোষণা কৰা হ’ব।

Latest News