মহিলাৰ লগত বৰ্বৰ কাণ্ড! অৰ্ধ উলংগ অৱস্থাত ১.৫ কি.মি. দৌৰি ৰক্ষা কৰিলে প্ৰাণ
ৰবিয়ে তেওঁৰ আন এজন বন্ধু ইমৰানক মাতি আনে। ৰবিয়ে মহিলাগৰাকীৰ স্বামীক কামৰ লগত জড়িত বস্তু ক্ৰয় কৰাৰ চলেৰে সেই স্থানৰ পৰা বহু দূৰলৈ লৈ যায় আৰু তাতেই এৰি থৈ আহে। এই সময়চোৱাতে ইমৰানে প্ৰথমে মহিলাগৰাকীৰ লগত ধৰ্ষণ কৰে আৰু পৰৱৰ্তী সময়ত ৰবি নামৰ যুৱকজনেও ধৰ্ষণ কৰে ।
কিমান পাষাণ হ’লে মানুহে বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিব পাৰে? একাংশ নীচ মানসিকতাৰ লোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা এগৰাকী মহিলাই নিজৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে প্ৰায় ১.৫ কিলোমিটাৰ দূৰ অৰ্ধ উলংগ অৱস্থাত দৌৰিব লগা হয়। মধ্য প্ৰদেশৰ উজ্জৈনত সংঘটিত হোৱা এই ঘটনা শুকুৰবাৰে পোহৰলৈ আহিছে।
জানিব পৰা মতে এই ঘটনাৰ লগত জড়িত অভিযুক্ত দুজনে মহিলাগৰাকীক কাম দিয়াৰ অজুহাতত উজ্জৈনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ তাজপুৰলৈ লৈ যায় আৰু তাতেই দলবদ্ধ ধৰ্ষণ কৰে। পানৱাছা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ কাটাৰেই কয় যে, থানা ক্ষেত্ৰৰ অন্তৰ্গত এটা অঞ্চলত এগৰাকী মহিলাই অৰ্ধ উলংগ অৱস্থাত ঘূৰি আছিল। মহিলাগৰাকীক দেখি অনুমান কৰা হৈছিল যে তেওঁক কোনোৱে ধৰ্ষণ কৰিছে। যেতিয়া আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰে তেতিয়া স্পষ্ট হয় যে মহিলাগৰাকীৰ লগত দলবদ্ধ ধৰ্ষণৰ কাণ্ড সংঘটিত হৈছে। তাৰ পাছতেই আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, জবলপুৰ আৰু মণ্ডলৰ বাসিন্দা দুই প্ৰেমিক প্ৰেমিকাই ঘৰৰ পৰা পলাই গৈ বিবাহ-পাশত আৱদ্ধ হৈছিল। তাৰ পাছতেই তেওঁলোক ইন্দোৰৰ পৰা উজ্জৈনলৈ আহে কামৰ সন্ধানত। যেতিয়া দম্পতিহালে কামৰ সন্ধানত ঘূৰি ফুৰিছিল তেতিয়াই লগ পাইছিল ৰবি নামৰ এজন যুৱকক। ৰবিয়ে কাম দিয়াৰ চলেৰে দুয়োকে বাইকেৰে লৈ গৈছিল তাজপুৰলৈ।
উক্ত স্থানত উপস্থিত হোৱাৰ পাছতেই ৰবিয়ে তেওঁৰ আন এজন বন্ধু ইমৰানক মাতি আনে। ৰবিয়ে মহিলাগৰাকীৰ স্বামীক কামৰ লগত জড়িত বস্তু ক্ৰয় কৰাৰ চলেৰে সেই স্থানৰ পৰা বহু দূৰলৈ লৈ যায় আৰু তাতেই এৰি থৈ আহে। এই সময়চোৱাতে ইমৰানে প্ৰথমে মহিলাগৰাকীৰ লগত ধৰ্ষণ কৰে আৰু পৰৱৰ্তী সময়ত ৰবি নামৰ যুৱকজনেও ধৰ্ষণ কৰে ।
মহিলাগৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ বহু চেষ্টা কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে। প্ৰায় ১.৫ কিলোমিটাৰ অৰ্ধ উলংগ অৱস্থাত দৌৰাৰ পাছত মহিলাগৰাকীয়ে এখন গাঁও দেখে আৰু স্থানীয় ৰাইজৰ সহায় বিচাৰে। লগে লগে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত।
এই গোচৰটোৰ তদন্ত আৰক্ষীৰ বাবে সহজ নাছিল। কিয়নো মহিলাগৰাকী আদিবাসী আছিল, যাৰ বাবে তেওঁৰ ভাষা বুজি পোৱা নাছিল। কিন্তু সকলো ধৰণৰ চেষ্টা কৰাৰ অন্তত আৰক্ষীয়ে সফলতা লাভ কৰে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰৰ সময়ত দুই অভিযুক্ত পলায়ন কৰাৰ চেষ্টা কৰিছিল যাৰ বাবে তেওঁলোকে কিছু আঘাত প্ৰাপ্ত হয়। বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।