5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পি এম স্ব-নিধি আঁচনিৰ অধীনত ৰাজপথৰ ব্যৱসায়ীক ১৩,৪২২ কোটি টকা ঋণ প্ৰদান, সফলতাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম

৮ ডিচেম্বৰ পৰ্যন্ত পি এম স্ব-নিধি আঁচনিৰ অধীনত ৰাজপথৰ ব্যৱসায়ীসকলক মুঠ ১৩,৪২২ কোটি টকাৰ ৯৪.৩১ লাখ ঋণ প্ৰদান কৰা হৈছে । অসমে ‘Best Performing State- Innovation and Best Practices Award’  শাখাত দ্বিতীয় স্থান লাভ কৰিছে।

পি এম স্ব-নিধি আঁচনিৰ অধীনত ৰাজপথৰ ব্যৱসায়ীক ১৩,৪২২ কোটি টকা ঋণ প্ৰদান, সফলতাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম
ৰাজপথৰ ব্যৱসায়ী
manas-borah
Manas Borah | Updated On: 16 Dec 2024 17:45 PM

পি এম স্ব-নিধি আঁচনিৰ অধীনত ৮ ডিচেম্বৰ পৰ্যন্ত ৰাজপথৰ ব্যৱসায়ীসকলক মুঠ ১৩,৪২২ কোটি টকাৰ ৯৪.৩১ লাখ ঋণ প্ৰদান কৰা হৈছে । সোমবাৰে ৰাজ্য়সভাত এই তথ্য় প্ৰকাশ কৰিছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী টোখান সাহুৱে । এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী টোখান সাহুৱে কয় যে, ৯৪.৩১ লাখ ঋণৰ ভিতৰত ৪০.৩৬ লাখ ঋণ ষ্ট্ৰীট ভেণ্ডৰৰ হিতাধিকাৰীয়ে পৰিশোধ কৰিছে।

২০২০ চনত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে ষ্ট্ৰীট ভেণ্ডৰৰ হিতাধিকাৰীসকলক ৫০ হাজাৰ টকা পৰ্যন্ত ক্ষুদ্ৰ ঋণ প্ৰদান কৰাৰ বাবে এই আঁচনিখন আৰম্ভ কৰিছিল। লগতে প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত ঋণ প্ৰদান কৰা সংস্থা বা কোম্পানীসমূহৰ বিৰুদ্ধে কোনো ধৰণৰ জালিয়াতি সম্পৰ্কীয় অভিযোগ পোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

লিখিত উত্তৰত তেওঁ কয়, ‘০৮.১২.২০২৪ তাৰিখলৈকে পি এম স্ব-নিধি আঁচনিৰ অধীনত ১৩,৪২২.১৬ কোটি টকাৰ ৯৪.৩১ লাখ ঋণ প্ৰদান কৰা হৈছে। ৯৪.৩১ টা ঋণৰ ভিতৰত ৪০.৩৬ লাখ ঋণ ষ্ট্ৰীট ভেণ্ডৰ হিতাধিকাৰীয়ে পৰিশোধ কৰিছে।’ লগতে তেওঁ কয় যে, দেশৰ সকলো ৰাজ্যকে তিনিটা ভাগত ভাগ কৰা হৈছিল-বৃহৎ ৰাজ্য, পাহাৰীয়া আৰু উত্তৰ-পূব ৰাজ্য, সৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল।

তেওঁ লগতে কয় যে, তেওঁলোকৰ আকাৰ আৰু শ্ৰেণীবিভাজনৰ ওপৰত ভিত্তি কৰি প্ৰতিখন ৰাজ্যক আবন্তনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, যাৰ বিপৰীতে তেওঁলোকৰ কৰ্মক্ষমতা জুখি ৰেংকিং কৰা হয়। চলিত বৰ্ষৰ জুলাই মাহত পি এম স্ব-নিধি আঁচনিৰ ‘Best Performing State’ শাখাৰ অধীনত মধ্যপ্ৰদেশে প্ৰথম স্থান দখল কৰিছিল। মধ্যপ্ৰদেশৰ পিছতে অসমে ‘Best Performing State- Innovation and Best Practices Award’  শাখাত দ্বিতীয় স্থান লাভ কৰিছে।

Latest News