Modi 3.0 Budget 2024 LIVE: চকী বচোৱাৰ বাবে এইবাৰৰ বাজেটঃ ৰাহুল
Budget Session 2024 Parliament LIVE: দিনৰ ১১ বজাত সদনত বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেট দাখিল কৰিব। দিনৰ প্ৰায় ১ মান বজাত ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু দিনৰ ৩ বজাত সংবাদমেল সম্বোধন কৰিব বিত্তমন্ত্ৰীয়ে।
মঙলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মাল সীতাৰমণে সংসদত দাখিল কৰিব কেন্দ্ৰীয় বাজেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ এয়া প্ৰথমখন পূৰ্ণাংগ বাজেট। আজি দাখিল হ’বলগীয়া এই বাজেটৰ ওপৰত সমগ্ৰ দেশৰ জনতাই নজৰ আছে। কৃষক, উৎপাদন খণ্ড আৰু ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ সৈতে জড়িত লোকসকলে বাজেটৰ পৰা কিবা ভাল খবৰ পাব বুলি অপেক্ষা কৰি আছে। দিনৰ ১১ বজাত সদনত বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেট দাখিল কৰিব। দিনৰ প্ৰায় ১ মান বজাত ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু দিনৰ ৩ বজাত সংবাদমেল সম্বোধন কৰিব বিত্তমন্ত্ৰীয়ে।
LIVE NEWS & UPDATES
-
কুৰ্চি বচাও,কপি পেষ্ট বাজেটঃ ৰাহুল গান্ধী
বাজেট সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে- এইবাৰৰ বাজেট চকী বচাও বাজেট। লগতে কংগ্ৰেছৰ ইস্তাহাৰ আৰু পূৰ্বৰ বাজেট কপি পেষ্ট কৰা বুলি কয়।
“Kursi Bachao” Budget.
– Appease Allies: Hollow promises to them at the cost of other states.
– Appease Cronies: Benefits to AA with no relief for the common Indian.
– Copy and Paste: Congress manifesto and previous budgets.
— Rahul Gandhi (@RahulGandhi) July 23, 2024
-
চকী বচাবলৈ মোদী চৰকাৰৰ এইবাৰৰ বাজেটঃ গৌৰৱ গগৈ
বাজেট দাখিল কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে,২০২৪-২৫ বৰ্ষৰ বাজেট মোদী চৰকাৰৰ চকী বচাবলৈ। কিন্তু ঘনিষ্ঠ কোটিপতিসকল লাভান্বিত হ’ব।
मोदी जी का budget 2024-25 सिर्फ़ और सिर्फ़ अपनी कुर्सी बचाने के लिये बनायी गई है । हाँ agar करीबी करोड़पति दोस्त को और अमीर कर सके तो उनके फ़ायदे के लिए कुछ नया सुनने को मिला । बाक़ी पूरे देश को वही पुराने बातें दुबारा सुनना पड़ा। अत्यंत ही निराशाजनक लेकिन अपेक्षित । pic.twitter.com/Oy85Vg2gDX
— Gaurav Gogoi (@GauravGogoiAsm) July 23, 2024
-
-
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পোষ্ট
বাজেট ২০২৪ সন্দৰ্ভত ছচিয়েল মিডিয়াত পোষ্ট কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। পূৰ্ণাংগ বাজেট দাখিল কৰাকলৈ বিত্তমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।
Congratulations to Finance Minister Smt. @nsitharaman for presenting an excellent and outstanding full year Budget for FY 2024-25 which will help in moving towards making a prosperous and self-reliant ‘Viksit Bharat’. Inspired by PM Shri @narendramodi vision of Inclusive and…
— Rajnath Singh (@rajnathsingh) July 23, 2024
-
এয়া মোদী চৰকাৰ বচাও বাজেটঃ খাৰ্গে
কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে কয় যে, এই বাজেখন মিছা বাজেট। মোদী চৰকাৰে মিত্ৰ দলত ঠগিবৰ বাবে এই বাজেট তৈয়াৰ কৰিছে। দেশৰ উন্নতিৰ বাবে নহয়, এই বাজেট মোদী চৰকাৰৰ বাবে।
-
এয়া সকলোৰে সপোনৰ বাজেটঃ ৰিজিজু
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এয়া সকলোৰে সপোনৰ বাজেট। প্ৰতিটো শিতানৰ বাবে আৰু বিশেষকৈ যুৱক-যুৱতী আৰু মহিলাৰ বাবে এই বাজেট। এই বাজেটৰ ফলত বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে আৰ্থিকভাৱে পিছপৰা ৰাজ্যসমূহ আগবাঢ়িব।
-
এই বাজেটে সমাজৰ প্ৰতিটো শ্ৰেণীক শক্তি প্ৰদান কৰিবঃ মোদী
বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এই বাজেটে সমাজৰ প্ৰতিটো শ্ৰেণীক শক্তি প্ৰদান কৰিব। এই বাজেটখনে গাঁও, দৰিদ্ৰ আৰু কৃষকক সমৃদ্ধিৰ পথত লৈ যাব। যোৱা ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে।
-
কৃষকৰ বাবে সন্তোষজনক নহয় বাজেটঃ কৃষক নেতা
কৃষক নেতা ৰাকেশ টিকৈটে কয় যে এই বাজেটখনৰ ফলত ভূমি পৰ্যয়াৰ কৃষকসকল লাভান্বিত নহ’ব। চৰকাৰে শস্যৰ দাম দি, বিনামূলীয়া বিদ্যুৎ, সস্তীয়া সাৰ, খেতিৰ সঁজুলিৰ জি এছ টি হ্ৰাস কৰিব লাগিছিল।
-
যুৱক-যুৱতীৰ বাবে মুদ্ৰা ঋণ
যুৱক-যুৱতীসকলে এতিয়া আত্মসংস্থাপনৰ বাবে ২০ লাখ টকা পৰ্যন্ত মুদ্ৰা ঋণ ল’ব পাৰিব। বৰ্তমান ইয়াৰ সীমা আছিল মাত্ৰ ১০ লাখ টকা।
-
মায়াবতীয়ে কি ক’লে
বিএছপি মুৰব্বী মায়াবতী কয় যে আজিৰ বাজেট ধনী লোকৰ বাবে। ভাল দিনৰ আশা কৰা হৈছিল যদিও এনে নহ’ল।
-
শ্বেয়াৰ মাৰ্কেটত প্ৰভাৱ
বাজেট ঘোষণা হোৱাৰ পাছতেই ইয়াৰ প্ৰভাৱ পৰে শ্বেয়াৰ মাৰ্কেটত। শ্বেয়াৰ মাৰ্কেট ৪৭২.২৩ পইণ্ট হ্ৰাস পাইছে। বৰ্তমান ইয়াৰ ট্ৰেণ্ডিং হৈছে ৮০ হাজাৰ টকা।
-
বাজেটক লৈ বিৰোধী নেতাৰ মন্তব্য
টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কয় যে এয়া দেশৰ বাজেট নহয়। এই বাজেটখনে চৰকাৰ আৰু তেওঁলকোৰ ক্ষমতা ৰক্ষা কৰা সকলৰ বাবে । পশ্চিম বংগক এই বাজেটত একো দিয়া নাই।
-
৩ লাখ টকালৈ সম্পূৰ্ণ আয় কৰ ৰেহাই
৩-৭ লাখ টকালৈ আয় কৰ ৫ শতাংশ। ৭ ৰ পৰা ১০ লাখলৈ আয়কৰ ১০ শতাংশ, ১০ ৰ পৰা ১২ লাখ টকালৈ আয় কৰ ১৫ শতাংশ, ১৫ লাখৰ ওপৰত আয় কৰ ৩০ শতাংশ। ৭.৭৫ টকালৈ কৰ ৰেহাইৰ সুবিধা।
-
কৰ্কট ৰোগৰ ঔষধৰ দাম কমিব
কৰ্কট ৰোগৰ তিনিটা ঔষধ কাষ্টম ড্যুটি ফ্ৰী কৰা হৈছে। অৰ্থাৎ এই তিনিটা ঔষধ সস্তা হ’ব।
-
মোবাইল ফোন আৰু চাৰ্জাৰৰ দাম কমিব
বাজেটত ঘোষণা কৰে যে, মোবাইল ফোন আৰু চাৰ্জাৰ সস্তা হ’ব। মাছৰ লগতে চামৰাৰে তৈয়াৰী বস্তুৰ দাম কমিব। সোণৰ দাম কমিব।
-
অসমৰ বাবে ঘোষণা
কেন্দ্ৰই অসমৰ বান নিয়ন্ত্ৰণৰ কাম-কাজৰ বাবে আৰ্থিক সহায় আগবঢ়াব।
-
ডাঙৰ ঘোষণা
- যদিহে দৰমহা ১ লাখ টকাৰ কম হয়, তেন্তে প্ৰথমবাৰৰ বাবে ইপিএফঅ’ত পঞ্জীয়ন কৰা লোকসকলে তিনি কিস্তিত ১৫ হাজাৰ টকাৰ সাহায্য লাভ কৰিব।
- কৃষক, যুৱক-যুৱতী, মহিলা আৰু দৰিদ্ৰ লোকৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি।
- ৬ কোটি কৃষকৰ তথ্য ভূমি পঞ্জীয়নলৈ অনা হ’ব।
- ৫খন ৰাজ্যত নতুন কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হ’ব
-
মহিলাৰ বিকাশৰ বাবে ৩ লাখ কোটিৰো অধিক টকাৰ আৱন্টন
বাজেট ২০২৪ ত মহিলাৰ বিকাশৰ বাবে ৩ লাখ কোটিৰো অধিক টকাৰ আৱন্টন। লগতে ঔদ্যোগিক শ্ৰমিকসকলে ছাত্ৰাবাসত থকাৰ সুবিধা লাভ কৰিব।
-
অন্য ঘোষণা…
চৰকাৰে এমাহৰ পি এফ দি চাকৰিত প্ৰৱেশ কৰা ৩০ লাখ যুৱকক উৎসাহিত কৰিব।
-
কি কি ঘোষণা হ’ল
- উত্তৰ-পূবৰ ৰাজ্যসমূহত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ ১০০ৰো অধিক শাখা স্থাপন কৰা হ’ব।
- বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰস্তুত কৰা হ’ব পূৰ্বোদয়া আঁচনি।
- দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় সহযোগিতা নীতি
- গ্ৰাম্য উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকা
- অন্ধ্ৰ প্ৰদেশক ১৫ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য
- নিযুক্তিৰ বাবে ৩ টা নতুন আঁচনি
- পূব অঞ্চলত ঔদ্যোগিক কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱ
- ইপিএফঅ’ত প্ৰথমবাৰৰ বাবে পঞ্জীয়ন কৰা কৰ্মচাৰীসকলক প্ৰত্যক্ষ সুবিধা স্থানান্তৰৰ অধীনত ১৫ হাজাৰ টকা পৰ্যন্ত এমাহৰ দৰমহা ৩ কিস্তিত দিয়া হ’ব।
-
অন্ধ্ৰ প্ৰদেশ- বিহাৰৰ বাবে ঘোষণা
বাজেটত অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰৰ বাবে চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। অন্ধ্ৰ প্ৰদেশক অতিৰিক্ত ৫০ হাজাৰ কোটি টকা দিয়াৰ লগতে বিহাৰত নিৰ্মাণ হ’ব এক্সপ্ৰেছ ৱে।
-
উচ্চ শিক্ষাৰ বাবে ঋণ
কেন্দ্ৰীয় বাজেট ২০২৪-২৫ত প্ৰতি বছৰে ২৫ হাজাৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ আৰ্হি দক্ষতা ঋণ আঁচনি সংশোধন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ অধীনত প্ৰতি বছৰে ১ লাখ ছাত্ৰ-ছাত্ৰীক দেশৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ বাবে পোনপটীয়াকৈ ১০ লাখ টকা বাৰ্ষিক ৩% সুতত প্ৰদান কৰা হ’ব।
-
৯টা অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব দিয়া হ’ব: বিত্তমন্ত্ৰী
এইবাৰ বাজেটত ৯ টা অগ্ৰাধিকাৰৰ ওপৰত জোৰ দিয়া হ’ব। সেই কেইটা- কৃষি উৎপাদন ক্ষমতা বৃদ্ধি, সামগ্ৰিক বিকাশ, নিয়োগ আৰু দক্ষতা বিকাশ, মেনুফেকচৰিং আৰু সেৱা খণ্ড, নগৰ উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱণ, গৱেষণা উন্নয়ন, নতুন প্ৰজন্মৰ সংস্কাৰ. মানৱ সম্পদৰ উন্নয়ন আৰু সামাজিক ন্যায়।
-
৫ বছৰত ৪ কোটি যুৱক-যুৱতীয়ে পাব চাকৰি
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই বাজেটত আমি বিশেষভাৱে নিয়োগ, দক্ষতা, এম এছ এম ই আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। ২ লাখ কোটি টকাৰ কেন্দ্ৰীয় ব্যয়ৰে ৫ বছৰৰ ভিতৰত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিয়োগ, দক্ষতা আৰু অন্যান্য সুযোগৰ সুবিধাৰ বাবে ৫ খন আঁচনি আৰু পদক্ষেপৰ প্ৰধানমন্ত্ৰীৰ পেকেজ। নি আৰু পদক্ষেপৰ প্ৰধানমন্ত্ৰীৰ পেকেজ। আৰু অন্যান্য সুযোগৰ সুবিধাৰ বাবে ৫ খন আঁচনি আৰু পদক্ষেপৰ প্ৰধানমন্ত্ৰীৰ পেকেজ ঘোষণা কৰি সুখী হৈছো।
-
মোদী চৰকাৰৰ ওপৰত বিশ্বাস
ভাষণৰ আৰম্ভণিতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ৪ শতাংশ। ৰাইজে চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। চৰকাৰী নীতিৰ ওপৰত বিশ্বাস কৰে জনসাধাৰণে।
-
বাজেটত অনুমোদন মোদী কেবিনেটৰ
মোদী কেবিনেটে বাজেটত অনুমোদন জনাইছে। অলপ সময় পাছতেই সংসদত দাখিল কৰা হ’ব মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট।
-
ৰাষ্ট্ৰপতিক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাত কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।
-
বাজেটত মধ্যবিত্তৰ বাবে একো নাইঃ গৌৰৱ গগৈ
বাজেট দাখিলৰ পূৰ্বে কংগ্ৰেছে মোদী চৰকাৰক লৈ কটাক্ষ কৰি মন্তব্য কৰে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয়, বাজেটৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ঘনিষ্ঠ সেই ‘কোটিপতি’সকলক সহায় কৰিব। ইয়াৰ পৰা মধ্যবিত্তসকলে একো লাভ নকৰে।
-
সংসদ ভৱনত উপস্থিত নিৰ্মলা সীতাৰমণ
প্ৰতিনিধি দলৰ সৈতে সংসদ ভৱনত উপস্থিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। দিনৰ ১১ বজাত সদনত দাখিল কৰিব মোদী ৩.০ চৰকাৰৰ পূৰ্ণাংগ বাজেট।
-
বাজেট দাখিল কৰা পূৰ্বৰ ফটো
বিত্ত মন্ত্ৰনালয়ত উপস্থিত হৈ নিৰ্মলা সীতাৰমণে ফটো উঠে।
-
প্ৰায় ১ ঘন্টা ভাষণ দিব বিত্ত মন্ত্ৰীয়ে
বিত্তমন্ত্ৰীয়ে পুৱা ঘৰৰ পৰা ওলাই ৯ বজাত বিষয়াসকলক লগ কৰিব। পুৱা ৯.২০ বজাৰ পৰা ৯.৩০ বজাৰ ভিতৰত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব। পুৱা ১১ বজাত সংসদত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে। তেওঁৰ ভাষণ প্ৰায় ৪৫ মিনিটৰ পৰা ১ ঘণ্টাৰ হ’ব।
-
বৃদ্ধলোকৰ বাবে সুবিধা
লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মোদীয়ে বয়স্ক লোকসকলক আয়ুস্মান আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰাৰ কথা কৈছিল। গতিকে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বাজেটত।
-
সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে
আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সাধাৰণ বাজেট। পুৱা ১১ বজাত সংসদত দাখিল কৰিব বাজেট। সপ্তমবাৰৰ বাবে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। ইয়াৰোপৰি এয়া মোদী ৩.০ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট।
-
আৰ্থিক জৰীপ
বাজেট দাখিলৰ পূৰ্বে সোমবাৰে সদনত চৰকাৰে দাখিল কৰে আৰ্থিক জৰীপ। সেই অনুসৰি GDP ৬.৫ৰ পৰা ৭%ৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে ৷ লগতে মূল্যবৃদ্ধি ৰোধৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব।