অভিভাৱকসকলে শিশুৰ বাবে সঞ্চয় কৰিবলৈ এন পি এছ বাটছল্য আঁচনি ঘোষণা | Union Budget 2024: FM Nirmala Sitharaman announced NPS Vaatsalya for minor children Assam news - Assam Tv9

Union Budget 2024: অভিভাৱকসকলে শিশুৰ বাবে সঞ্চয় কৰিবলৈ এন পি এছ বাটছল্য আঁচনি ঘোষণা

Updated On: 

23 Jul 2024 16:19 PM

শিশুৰ সুবিধা হোৱাকৈ সঞ্চয়ৰ বাবে আজি বাজেটত এনপিএছ বাটছল্য (NPS Vaatsalya) আঁচনিৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই আঁচনিৰ অধীনত অভিভাৱক সকলে তেওঁলোকৰ নাবালক ল’ৰা-ছোৱালীৰ বাবে সঞ্চৰ সুবিধা লাভ কৰিব । ৱৰ্কফ্ল’ডত প্ৰৱেশ কৰাৰ লগে লগে আঁচনিখনক পূৰ্ণাংগ এনপিএছ একাউণ্টলৈ ৰূপান্তৰিত কৰিব পৰাৰো সুবিধা আছে ।

Union Budget 2024: অভিভাৱকসকলে শিশুৰ বাবে সঞ্চয় কৰিবলৈ এন পি এছ বাটছল্য আঁচনি ঘোষণা

নিৰ্মলা সীতাৰমণ

Follow Us On

মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত শিশুৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ এক আঁচনিৰ কথা ঘোষণা কৰিছে । শিশুৰ সুবিধা হোৱাকৈ সঞ্চয়ৰ বাবে আজি বাজেটত এনপিএছ বাটছল্য (NPS Vaatsalya) আঁচনিৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । এই আঁচনিৰ অধীনত অভিভাৱক সকলে তেওঁলোকৰ নাবালক ল’ৰা-ছোৱালীৰ বাবে সঞ্চৰ সুবিধা লাভ কৰিব । ৱৰ্কফ্ল’ডত প্ৰৱেশ কৰাৰ লগে লগে আঁচনিখনক পূৰ্ণাংগ এনপিএছ একাউণ্টলৈ ৰূপান্তৰিত কৰিব পৰাৰো সুবিধা আছে ।

বিত্তমন্ত্ৰী সীতৰমণে লগতে ঘোষণা কৰে যে,কেন্দ্রই শিক্ষা, নিয়োগ আৰু দক্ষতাৰ বাবে ১.৪৮ লাখ কোটি টকা আগবঢ়াব ৷ উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীক ৩ শতাংশ সুত ৰেহাই ১০ লাখ টকা পৰ্যন্ত কেন্দ্ৰই ঋণ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী গৰাকীয়ে । সমান্তৰালভাৱে ৰাজ্য চৰকাৰ আৰু উদ্যোগসমূহৰ সহযোগত দক্ষতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত নতুন আঁচনিৰ কথা ঘোষণা কৰা হৈছে ।

অহা ৫ বছৰৰ ভিতৰত প্ৰায় ২০ লাখ যুৱক-যুৱতী দক্ষ কৰা হ’ব। মুঠ ১০০০ টা আই টি আই চেণ্টাৰ উন্নীত কৰা হ’ব । লগতে পাঠ্যক্ৰমৰ বিষয়বস্তু আৰু ডিজাইনৰ উদ্যোগসমূহৰ দক্ষতাৰ প্ৰয়োজনীয়তাৰ মাজত সামঞ্জস্য ৰক্ষা কৰা হ’ব ।

তদুপৰি বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, কেন্দ্ৰীয় চৰকাৰে ১ কোটি শিক্ষিত যুৱক-যুৱতীক ইন্টাৰশ্বিপৰ সুবিধা প্ৰদান কৰিব । এই ইন্টাৰশ্বিপৰ যুৱক-যুৱতী সকলে মাহিলী ৫০০০ টকা আৰু ৬০০০ টকাৰ এককালীন সাহায্য লাভ কৰিব।

লগতে পঢ়কঃ Education Loan Budget 2024: উচ্চ শিক্ষাৰ বাবে প্ৰতিবছৰে দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব শিক্ষা ঋণ, সবিশেষ…

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version