বাজেটত নাইডু-নীতিশৰ ভাগ্য ফুলিল ! বিশেষ পেকেজত নাইডুতকৈ আগত নীতিশ | Union Budget 2024: Nitish Kumar, Chandrababu Naidu Get Special Package, FM Nirmala Sitharaman announces packages for Bihar, Andhra Assam news - Assam Tv9

Union Budget 2024: বিহাৰৰ বাবে ৫৯ হাজাৰ কোটি, অন্ধ্ৰৰ বাবে ১৫ হাজাৰ কোটি ! কিয় বিশেষ পেকেজত নাইডুতকৈ আগত নীতিশ…?;

Updated On: 

23 Jul 2024 20:18 PM

Nitish Kumar-Chandrababu Naidu Get Special Package: এই বাজেটত এই দুয়োগৰাকী নেতাৰ বাবে বিশেষ পেকেজ ৰখা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে । মনকৰিবলগীয়া যে, নীতিশ আৰু নাইডুৱে বিশেষ পেকেজ লাভ কৰিছে যদিও নাইডুতকৈ আগত আছে বিহাৰৰ নীতিশ । ২০২৪ ৰ বাজেটৰ অধীনত নীতিশ কুমাৰে ১২ জন সাংসদ লৈ ৫৯ হাজাৰ কোটি লাভ কৰাৰ বিপৰীতে ১৬ জন সাংসদ থকাৰ পাছতো অন্ধ্ৰৰ নাইডুৱে লাভ কৰিছে ১৫ হাজাৰ কোটি ।

Union Budget 2024: বিহাৰৰ বাবে ৫৯ হাজাৰ কোটি, অন্ধ্ৰৰ বাবে ১৫ হাজাৰ কোটি ! কিয় বিশেষ পেকেজত নাইডুতকৈ আগত নীতিশ...?;

নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু

Follow Us On

আজি এনডিএৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰা হয় । এইবাৰৰ বাজেটৰ অধীনত বিশেষ অফাৰ লাভ কৰে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে । মনকৰিবলগীয়া যে, এই বিশেষ অফাৰ লাভ কৰাৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুতকৈ আগত আছে বিহাৰৰ নীতিশ কুমাৰ । উল্লেখ কৰিব লাগিব যে, এইবাৰৰ এনডিএ মিত্ৰজোঁটৰ চৰকাৰ গঠনত এই দুয়োগৰাকী নেতাৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ আছিল ।

সেই অনুসৰি, এই বাজেটত এই দুয়োগৰাকী নেতাৰ বাবে বিশেষ পেকেজ ৰখা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে ক’ব খোজে । মনকৰিবলগীয়া যে, নীতিশ আৰু নাইডুৱে বিশেষ পেকেজ লাভ কৰিছে যদিও নাইডুতকৈ আগত আছে বিহাৰৰ নীতিশ । ২০২৪ ৰ বাজেটৰ অধীনত নীতিশ কুমাৰে ১২ জন সাংসদ লৈ ৫৯ হাজাৰ কোটি লাভ কৰাৰ বিপৰীতে ১৬ জন সাংসদ থকাৰ পাছতো অন্ধ্ৰৰ নাইডুৱে লাভ কৰিছে ১৫ হাজাৰ কোটি ।

উল্লেখ্য যে, ২০২৪ ৰ বাজেটত বিহাৰক ৩টা এক্সপ্ৰেছৱেৰ বাবে ২৬ হাজাৰ কোটি, এটা বিদ্যুৎ কেন্দ্ৰৰ বাবে ২১ হাজাৰ কোটি আৰু বান সাহায্যৰ বাবে ১১৫০০ কোটি টকা দিয়া হৈছে। ইয়াৰ উপৰিও বুদ্ধগয়াৰ কৰিডৰ নিৰ্মাণৰ কথাও ঘোষণা কৰা হৈছে। লগতে গয়াত ঔদ্যোগিক উন্নয়ন কৰিডৰ নিৰ্মাণৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

ইয়াৰ বিপৰীতে বাজেটত অন্ধ্ৰপ্ৰদেশক ১৫ হাজাৰ কোটি টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হৈছে। মনকৰিবলগীয়া যে, বাজেট দাখিলৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশৰ বাবে চন্দ্ৰবাবু নাইডুৱে ৫০ হাজাৰ কোটি টকাৰ অতিৰিক্ত সাহায্য দাবী কৰিছিল। ইয়াৰ বিপৰীতে লাভ কৰিলে ১৫ হাজাৰ কোটি টকা । এই অতিৰিক্ত ধনৰাশি অন্ধ্ৰ চৰকাৰে ৰাজধানী নিৰ্মাণৰ বাবে ব্যয় কৰিব। ইয়াৰ উপৰিও পোলাভাৰম জলসিঞ্চনৰ বাবে অন্ধ্ৰলৈ ধন ঘোষণা কৰা হৈছে ।

এতিয়া প্ৰশ্ন উত্থাপ হৈছে যে, বিশেষ পেকেজত নীতিশ নাইডুতকৈ কিয় আগবাঢ়ি থাকিল ? আজিৰ পৰা ১৫ মাহৰ পাছত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজনৈতিক বিশ্লেষক সকলৰ মতে, বিহাৰত বিজেপি চৰকাৰৰ অংশীদাৰ হোৱাৰ লগতে এটা প্ৰভাৱশালী দল। বিহাৰৰ মন্ত্ৰীসভাটো বিজেপিৰ প্ৰভাৱ আছে । কিন্তু ইয়াৰ তুলনাত অন্ধ্ৰ ৰাজনীতিত বিজেপিৰ প্ৰভাৱ একেবাৰে কম । বিহাৰত মুঠ ৪০ খন লোকসভা আসন থকাৰ বিপৰীতে অন্ধ্ৰত মাত্ৰ ২৫খন আসন।

ইফালে অন্ধ্ৰত বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন ২০২৯ চনত অনুষ্ঠিত হ’ব। অৰ্থাৎ অন্ধ্ৰত যিকোনো বৃহৎ নিৰ্বাচনৰ বাবে কমেও ৫ বছৰ সময় আছে । এইকাৰণে বিহাৰে বাজেটত বিশেষভাৱে অগ্ৰাধিকাৰ লাভ কৰা বুলি ৰাজনৈতিক বিশ্লেষক সকলে ক’ব খোজে । উল্লেখ্য যে, বিহাৰত চৰকাৰ গঠন কৰিবলৈ হ’লে বিধানসভাৰ মুঠ ২৪৩খন আসনৰ ভিতৰত ১২২খন আসন লাভ কৰিব লাগিব ।

ইফালে, কেন্দ্ৰীয় বাজেটত বিহাৰক এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে ২৬ হাজাৰ কোটি টকা দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মতে, এই ধনেৰে পাটনা-পুৰ্ণিয়া আৰু ভাগলপুৰ-বাক্সাৰ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। এক্সপ্ৰেছৱে নিৰ্মাণৰ দায়িত্ব গড়কাপ্তানী বিভাগৰ। বিহাৰত এই বিভাগ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ হাতত আছে । উপ মুখ্যমন্ত্ৰী বিজয় সিনহা এই বিভাগৰ মন্ত্ৰী । শেহতীয়াকৈ সিনহাই বিত্তমন্ত্ৰীৰ ওচৰত জনোৱা দাবী আৰু বিজেপিৰ স্থানীয় ৰাজনীতিৰ স্বাৰ্থ আগত ৰাখিয়ে কেন্দ্ৰই দুয়োটা এক্সপ্ৰেছৱেত অনুমোদন জনাইছে।

ইফালে, অন্ধ্ৰ প্ৰদেশৰ কথা যদি কোৱা হয় তেন্তে, অন্ধ্ৰ প্ৰদেশত টিডিপি, বিজেপি আৰু পৱন কল্যাণৰ দলৰ মিত্ৰজোঁটৰ চৰকাৰ। ইয়াৰ তুলনাত অন্ধ্ৰপ্ৰদেশৰ বিৰোধী শক্তি ইমান শক্তিশালী বুলি ক’ব নোৱাৰি । ইয়াৰ বিপৰীতে অন্ধ্ৰতকৈ বিহাৰত বিৰোধীৰ স্থিতি অধিক শক্তিশালী। ৰাজ্যখনৰ বিৰোধী দলৰ নেতা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ। বিহাৰত শাসকীয় দল আৰু বিৰোধীৰ আসনৰ ব্যৱধানত বিশেষ পাৰ্থক্য নাই। কেৱল এয়াই নহয় বিহাৰত বহু বিৰোধী দল একেলগে মিত্ৰতাত কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নীতিশ কুমাৰে এই বিশেষ পেকেজৰ সন্দৰ্ভত কয়, ‘যেতিয়া বিহাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা নাপালে তেতিয়া মই বিশেষ পেকেজৰ দাবী কৰিছিলোঁ। কেন্দ্ৰত বহি থকা ৰাইজে এই দাবী মানি লৈছে। মই ইয়াক লৈ বৰ সুখী।’ ইয়াৰ লগতে তেওঁ কয়, বাজেটত বিহাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। বিহাৰৰ মানৱ সম্পদ উন্নয়ন আৰু মৌলিক উন্নয়নৰ প্ৰতি কেন্দ্ৰই বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কয় নীতিশ কুমাৰে । উল্লেখ্য যে,বাজেটত বিহাৰক বান সমস্যাৰ সৈতে মোকাবিলাৰ বাবে বিশেষ সাহায্যৰ কথাও ঘোষণা কৰা হৈছে।

ইয়াৰ বিপৰীতে বাজেটৰ সন্দৰ্ভত অন্ধ্ৰৰ চন্দ্ৰবাবু নাইডুৱে কয়,এই বাজেটে অন্ধ্ৰপ্ৰদেশৰ ৰাইজৰ আস্থা আৰু বৃদ্ধি কৰিব । ইয়াৰ লগতে ৰাজ্যখনলৈ আগবঢ়োৱা পেকেজ ধনেৰে উন্নয়ন কামৰ গতিও বৃদ্ধি পাব বুলি কয় নাইডুৱে । মনকৰিবলগীয়া যে, বাজেট ২০২৪ ক প্ৰশংসা নকৰাকৈ থকা নাই নাইডুৱে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version