Budget 2025 Live Stream: কেন্দ্ৰীয় বাজেটৰ প্ৰতিটো খবৰৰ লাইভ আপডেট লাভ কৰিব টিভি৯ অসমত
Budget 2025 Time: দিনৰ ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ২০২৫-২৬ । বাজেট ভাষণৰ প্ৰতিটো খবৰৰ লাইভ আপডেট আমি আগবঢ়াম আপোনালোকলৈ । চাই থাকক টিভি৯ অসম ডিজিটেল-
আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশ । শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । আজি ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হয় বাজেট অধিৱেশন । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে ২০২৫-২৬ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা (Economic Survey for 2025-26) উপস্থাপন কৰে । তাৰ পাছতেই আজিৰ দিনটোৰ বাবে উভয় সদন স্থগিত ৰখা হয় ।
এইখন হ’ব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট । নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে অষ্টমবাৰলৈ বাজেট দাখিল কৰিব । অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধৰ মূল্যবৃদ্ধি হ্ৰাসৰ পৰা আয়কৰ ৰেহায়লৈকে বাজেটক লৈ যথেষ্ট প্ৰত্যাশা আছে জনসাধাৰণৰ এই বাজেটে কিদৰে ৰাইজৰ আশা পূৰণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।
আজি দাখিল কৰা অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদ ২০২৪-২৫ ত দেখা গৈছে যে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ ৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত ভাৰতীয় অৰ্থনীতি বাস্তৱিকভাৱে ৫.৪ শতাংশ বৃদ্ধি পাইছে । ত্ৰিমাসিক বৃদ্ধিৰ পৰিমাণ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৭ শতাংশৰ পূৰ্বাভাসতকৈ বহু কম ।
ভাৰতৰ জিডিপিও এপ্ৰিল-জুন ত্ৰৈমাসিকত কেন্দ্ৰীয় বেংকে অনুমান কৰাতকৈ লেহেমীয়া গতিত বৃদ্ধি পাইছে । ৰিজাৰ্ভ বেংকে শেহতীয়া মুদ্ৰানীতিত ২০২৪-২৫ বৰ্ষৰ ভাৰতৰ বৃদ্ধিৰ পূৰ্বাভাস ৭.২ শতাংশৰ পৰা ৬.৬ শতাংশলৈ হ্ৰাস কৰিছিল । চৰকাৰে ৬.৪ শতাংশ বৃদ্ধিৰ আশা কৰিছে ।
আগন্তুক বাজেটত কেন্দ্ৰীয় চৰকাৰে পুৰণি কৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বাতিল কৰিব পাৰে । সূত্ৰ অনুসৰি চৰকাৰে এইবাৰৰ বাজেটত নতুন আয়কৰ ব্যৱস্থাত নতুন টেক্স স্লেৱ প্ৰৱৰ্তন কৰিব পাৰে । এই ব্যৱস্থা সেইসকলৰ বাবে, যাৰ বাৰ্ষিক আয় ১৫ৰ পৰা ১৮ লাখ টকা । সেই সীমাত কৰ ২৫ শতাংশ হ’ব পাৰে ।
আশা কৰা হৈছে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতীয় ৰে’লৰ আন্তঃগাঁথনি, বন্দে ভাৰত শ্লীপাৰ, অমৃত ভাৰত বা বন্দে মেট্ৰ’ নিৰ্মাণ আদিকে ধৰি ভাৰতীয় ৰে’লৱেৰ বাবে ৩ লাখ কোটিতকৈ অধিক টকা আৱন্টন কৰিব পাৰে। ২০২৪-২৫ চনৰ সাধাৰণ বাজেটত ৰে’লৱেৰ বাবে ২ লাখ ৬৫ হাজাৰ কোটি টকা আৱন্টন দিয়া হৈছিল। ইতিমধ্যে ইয়াৰ প্ৰায় ৮০ শতাংশ ধন খৰচ হৈছে । গতিকে এই পূৰ্ণাংগ বাজেটত চৰকাৰে ইয়াৰ পৰিমাণ বঢ়াই ৩ লাখ কোটি টকা কৰিব পাৰে ।
এতিয়া অপেক্ষা কাইলৈৰ দিনৰ ১১ বজালৈ । টিভি৯ অসমৰ জৰিয়তে কেন্দ্ৰীয় বাজেটৰ প্ৰতিমূহুৰ্তৰ খবৰ আপোনালোকে হাতৰ মুঠিতে লাভ কৰিবলৈ সক্ষম হ’ব । লাইভ চাবলৈ ক্লিক কৰক এই লিংকত- https://www.youtube.com/live/wjw5HznleN8