শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Union Budget 2025-26: মোবাইল ফোনৰ পৰা ঔষধলৈকে, হ্ৰাস পাব এইসমূহ সামগ্ৰীৰ দাম…

বাজেট ভাষণত মোবাইল ফোন, চাৰ্জাৰ আৰু কেন্সাৰ ঔষধকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ কাষ্টম ৰেট কৰ্তনৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে । চাওক কি কি সামগ্ৰীৰ দাম হ্ৰাস আৰু কি কি সামগ্ৰীৰ দাম বৃদ্ধি পাব ।

Union Budget 2025-26: মোবাইল ফোনৰ পৰা ঔষধলৈকে, হ্ৰাস পাব এইসমূহ সামগ্ৰীৰ দাম…
নিম্নগামী হ'ব শ্বেয়াৰ বজাৰ-বিশেষজ্ঞৰ ভৱিষ্যদ্বাণী
manas-borah
Manas Borah | Updated On: 01 Feb 2025 22:17 PM

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । এই বাজেট ভাষণত মোবাইল ফোন, চাৰ্জাৰ আৰু কেন্সাৰ ঔষধকে ধৰি কিছুমান বিশেষ সামগ্ৰীৰ কাষ্টম ৰেট(BCD) কৰ্তনৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে । ইয়াৰ সমান্তৰালভাৱে সোণ আৰু ৰূপৰ শুল্ক ৬ শতাংশ আৰু প্লেটিনামৰ শুল্ক ৬.৪ শতাংশলৈ হ্ৰাস কৰাৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মাল সীতাৰমণে। চাওঁ কি কি সামগ্ৰীৰ দাম হ্ৰাস আৰু কি কি সামগ্ৰীৰ দাম বৃদ্ধি পাব ।

কি কি সামগ্ৰীৰ দাম হ্ৰাস পাব ?

  1. হ্ৰাস পাব ৩৬ বিধ জীৱনদায়িনী ঔষধৰ মূল্য । এই ৩৬ বিধ জীৱনদায়িনী ঔষধ মৌলিক শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে ।
  2. হ্ৰাস পাব ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম । BCD ৫ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে ।
  3. সীহ, জিংক, আৰু অন্যান্য ১২ বিধ খনিজ পদাৰ্থ BCD পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে চৰকাৰে।
  4. জাহাজ নিৰ্মাণৰ বাবে কেঁচামাল এতিয়া অতিৰিক্ত ১০ বছৰৰ বাবে শুল্ক পৰা ৰেহাই দিয়া হৈছে।
  5. ইভি বেটাৰী নিৰ্মাণৰ বাবে ৩৫ বিধ অতিৰিক্ত সামগ্ৰী আৰু মোবাইল ফোন বেটাৰী নিৰ্মাণৰ বাবে ২৮ বিধ অতিৰিক্ত সামগ্ৰী ৰেহাইপ্ৰাপ্ত মূলধনী সামগ্ৰীৰ তালিকাত যোগ কৰা হ’ব ।
  6. হ্ৰাস পাব চামৰাৰ জেকেট, জোতা, বেল্ট, পাৰ্চৰ মূল্য ।
  7. একেদৰে ফ্ৰ’জেন ফিচ পেষ্টৰ ওপৰত শুল্ক ৩০%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হ’ব।

উল্লেখ্য যে, ফ্লেট পেনেল ডিছপ্লেত BCD ১০%ৰ পৰা ২০%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ প্ৰভাৱ পৰিব টিভি আৰু মোবাইল ফোনত।