‘মই আজি আটাইতকৈ সুখী ব্যক্তি’, আত্মসমৰ্পণ কৰা নক্সালসকলক লগ পাই কি ক’লে অমিত শ্বাহে ?

আত্মসমৰ্পণকাৰী নক্সাল আৰু বিদ্ৰোহীসকলৰ আগত দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে কয়, হিংসা পৰিহাৰ কৰি আত্মসমৰ্পণ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাত মই অপৰিসীম সন্তুষ্টি লাভ কৰিছো। লগতে সকলো নক্সালকে আগবাঢ়ি আহি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই গৃহমন্ত্ৰী গৰাকীয়ে ।

মই আজি আটাইতকৈ সুখী ব্যক্তি, আত্মসমৰ্পণ কৰা নক্সালসকলক লগ পাই কি কলে অমিত শ্বাহে ?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Published: 

15 Dec 2024 21:40 PM

‘আজি আপোনাৰ বা আপোনাৰ পৰিয়ালতকৈও অধিক সুখী ব্যক্তি মই , কিয়নো আপোনালোকক আত্মসমৰ্পণ জৰিয়তে মূলসুঁতিত যোগদান কৰিবলৈ পতিয়ন নিয়াবলৈ আমাৰ প্ৰচেষ্টাই ফল দিছে।’ দেওবাৰে প্ৰাক্তন নক্সালৰ এটা দলৰ আগত এইদৰে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ লগতে তেওঁ কয় যে, দেশৰ ছয়খন ৰাজ্য- ছত্তীশগড়, ওড়িশা, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু অসমৰ অন্তৰ্গত প্ৰায় ৩০ জন আত্মসমৰ্পণকাৰী নক্সাল আৰু বিদ্ৰোহীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটো সৰু হ’ব পাৰে যদিও ই অতি তাৎপৰ্যপূৰ্ণ বুলি কয় অমিত শ্বাহে । উল্লেখ্য যে, আত্মসমৰ্পণকাৰী নক্সালসকলক লৈ চত্তীশগড়ৰ জগদলপুৰত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

হিংসা পৰিহাৰ কৰি আত্মসমৰ্পণ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ গৃহমন্ত্ৰীৰ

আত্মসমৰ্পণকাৰী নক্সাল আৰু বিদ্ৰোহীসকলৰ আগত দেশৰ গৃহমন্ত্ৰী গৰাকীয়ে কয়, ‘হিংসা পৰিহাৰ কৰি আত্মসমৰ্পণ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাত মই অপৰিসীম সন্তুষ্টি লাভ কৰিছো।’ লগতে গৃহমন্ত্ৰী শ্বাহে কয় যে, ২০১৯ চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব দিছিল তেতিয়া তেওঁ ভাবিছিল যে, যিসকল সশস্ত্ৰ আন্দোলনত জড়িত আছিল তেওঁলোকক অস্ত্ৰ ত্যাগ, আত্মসমৰ্পণ আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ সুযোগ দিয়া উচিত।

উত্তৰ-পূবত ২০ খন শান্তি চুক্তি স্বাক্ষৰ, ৯ হাজাৰ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

লগতে তেওঁ কয় যে, আমাৰ এই পদক্ষেপৰ পিছত উত্তৰ-পূবত ২০ খন শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু ৯ হাজাৰ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে। হিংসাত আহত হোৱা লোককে ধৰি আত্মসমৰ্পণ কৰা উগ্ৰপন্থী আৰু নক্সালসকলৰ বাবে কেন্দ্ৰই পুনৰ্বাসন নীতি প্ৰণয়ন কৰিছে বুলি গৃহমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আত্মসমৰ্পণ কৰা নক্সালসকলৰ বাবে ১৫ হাজাৰ ঘৰ অনুমোদন জনোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডে এনে পৰিয়ালক অন্ততঃ এটা গৰু বা ম’হৰ ব্যৱস্থা কৰিব । ইয়াৰ জৰিয়তে যাতে তেওঁলোকে প্ৰতিমাহে ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে।

নক্সালসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান

ইফালে তেওঁ কয় যে, পূৰ্বৰ সহকৰ্মীসকলক এই বাৰ্তা প্ৰেৰণ কৰিব লাগে যে হিংসা আগুৱাই যোৱাৰ পথ নহয়। সকলো নক্সালকে আগবাঢ়ি আহি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই গৃহমন্ত্ৰী গৰাকীয়ে । গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ২০৩৬ চনত আহমেদাবাদত অলিম্পিক গেমছ আয়োজন কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাইছে আৰু ভাৰতে যাতে যিমান পাৰে সিমান পদক লাভ কৰিব পাৰে তাৰ বাবে ২০২৫ চনৰ পৰা প্ৰায় ৩৫ হাজাৰ যুৱকক প্ৰশিক্ষণ দিয়া হ’ব। উল্লেখ্য যে, অনুষ্ঠানত অমিত শ্বাহৰ সৈতে মত বিনিময় কৰে আত্মসমৰ্পণ কৰা নক্সালসকলে ।

ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?
শীতকালত বহু স্বাস্থ্যজনিত সমস্যাৰ সমাধান কেঁচা হালধি! এইদৰে ব্যৱহাৰ কৰক
শীতকালত ‘দেহৰ বন্ধু’ কমলা? কমলাৰ গুণৰ বিষয়ে জানিলে উপকৃত হ’ব আপুনি
বছৰৰ শেষৰ পূৰ্ণিমাৰ দিনা ভাগ্য ফুলিব এই ৪ ৰাশিৰ, বৃদ্ধি হ'ব ধন-সম্পত্তি, সুখ-শান্তি