শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পথ দুৰ্ঘটনাত সহায় আগবঢ়োৱা লোকলৈ ২৫ হাজাৰ টকাৰ চৰকাৰী পুৰস্কাৰ! কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ ঘোষণা

দুৰ্ঘটনা সংঘটিত হ’লে আইনী মেৰপেচত পৰাৰ ভয়ত বা আন কাৰণত হ’লেও বহু লোকে দুৰ্ঘটনাগ্ৰস্ত লোকৰ কাষলৈ আগবাঢ়ি যাবলৈ ভয় কৰে। পিছে বহু লোকেই জ্ঞাত নহয় যে এই সময়ছোৱাত মানৱীয়তাৰ পৰিচয় দি সহায়ৰ বাবে আগবঢ়া লোকসকলৰ বাবে চৰকাৰে পুৰস্কাৰ আগবঢ়ায়। এই পুৰস্কাৰৰ পৰিমাণ এতিয়া ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব।

পথ দুৰ্ঘটনাত সহায় আগবঢ়োৱা লোকলৈ ২৫ হাজাৰ টকাৰ চৰকাৰী পুৰস্কাৰ! কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ ঘোষণা
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
monjit-dutta
Monjit Dutta | Published: 12 Jan 2025 15:18 PM

শেহতীয়া সময়ছোৱাত আমাৰ চৌপাশে পথ দুৰ্ঘটনাৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰায় প্ৰতিনিয়ত দেশত দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। বহু সময়ত দেখা যায়, দুৰ্ঘটনা সংঘটিত হ’লে আইনী মেৰপেচত পৰাৰ ভয়ত বা আন কাৰণত হ’লেও বহু লোকে দুৰ্ঘটনাগ্ৰস্ত লোকৰ কাষলৈ আগবাঢ়ি যাবলৈ ভয় কৰে। পিছে এয়া সঠিক নহয়। মানৱতাৰ দিশৰ পৰাও এয়া অত্যন্ত নিন্দনীয়। পিছে বহু লোকেই জ্ঞাত নহয় যে এই সময়ছোৱাত মানৱীয়তাৰ পৰিচয় দি সহায়ৰ বাবে আগবঢ়া লোকসকলৰ বাবে চৰকাৰে পুৰস্কাৰ আগবঢ়ায়।

বৰ্তমান এই কাম কৰাসকলক ৫ হাজাৰ টকাৰ পুৰস্কাৰ ধন দিয়া হয়। কিন্তু এতিয়া পুৰস্কাৰৰ পৰিমাণ পাঁচগুণ বৃদ্ধি পাব। অৰ্থাৎ এতিয়া দুৰ্ঘটনাগ্ৰস্তক সময়মতে চিকিৎসালয়লৈ নিয়া লোকসকলৰ বাবে পুৰস্কাৰৰ পৰিমাণ ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। পথ সুৰক্ষাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বিষয়ত অভিনেতা অনুপম খেৰৰ সৈতে মতবিনিময় কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

এই বাৰ্তালাপৰ সময়ত নীতিন গাডকাৰীয়ে উল্লেখ কৰা মতে তেওঁ ইতিমধ্যে পথ পৰিবহণ মন্ত্ৰালয়ক দুৰ্ঘটনাৰ সময়ত মানৱীয়তাৰ পৰিচয় দিয়া লোকসকলৰ বাবে পুৰস্কাৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অৱশ্যে কাৰোবাৰ জীৱন ৰক্ষা কৰাৰ দৰে ডাঙৰ আৰু মূল্যৱান কাম কৰা ব্যক্তিৰ বাবে আগবঢ়োৱা পুৰস্কাৰৰ এই পৰিমাণ বহুত কম বুলিও দোহাৰে।

যদি পথ দুৰ্ঘটনাগ্ৰস্ত লোকসকলক এঘণ্টাৰ ভিতৰত চিকিৎসালয় বা ট্ৰমা কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হয়, তেন্তে ই কাৰোবাৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখ্য যে পথ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ২০২১ চনৰ অক্টোবৰৰ পৰা চৰকাৰে এই পুৰস্কাৰৰ পদক্ষেপ আৰম্ভ কৰিছিল।

পথ পৰিবহণ মন্ত্ৰালয়ৰ ৱেবছাইটত এই বিষয়ে উল্লেখ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে চৰকাৰে পুৰস্কাৰ আগবঢ়োৱাৰ লগতে স্বীকৃতিৰ প্ৰমাণ পত্ৰও প্ৰদান কৰে। অৱশ্যে বৰ্তমান ৰাজহুৱা ডমেইনত কিমানজন লোকে এইদৰে দুৰ্ঘটনাৰ সময়ত জীৱন ৰক্ষা কৰাত সহায় কৰাৰ বাবে পুৰস্কৃত কৰা হৈছে সেই বিষয়ে কোনো তথ্য উপলব্ধ নহয়।

Latest News