5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অলিম্পিক পদক বিজয়ী মনু ভাকৰক গামোচাৰে সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, প্ৰদান কৰিলে ১০ লাখ টকাৰ চেক

মনু ভাকৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত যুৱ নাবিকসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্বুটাৰগৰাকীয়ে উল্লেখ কৰে যে কেনেদৰে তেওঁ মার্চেন্ট নেভীৰ অভিযন্তাৰ পৰিয়ালত ডাঙৰ-দীঘল হৈ অনুশাসন, নিষ্ঠা আৰু মনোযোগেৰে জীৱন বাটত অগ্ৰসৰ হৈছিল। সোণোৱালে ভাকাৰৰ মাক সুমেধা ভাকৰে আৰু তেওঁৰ দেউতাক ৰাম কিষাণ ভাকৰেকো সম্বৰ্ধনা জনায়।

অলিম্পিক পদক বিজয়ী মনু ভাকৰক গামোচাৰে সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, প্ৰদান কৰিলে ১০ লাখ টকাৰ চেক
মনু ভাকৰক সম্বৰ্ধনা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 17 Aug 2024 11:34 AM

পেৰিছ অলিম্পিকত পদক বিজয়ী মনু ভাকৰক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ পেৰিছ অলিম্পিক ২০২৪ৰ শ্বুটিঙত দুটাকৈ ব্রঞ্জ পদক লাভ কৰিছে মনু ভাকৰে। নাবিক তথা জাহাজ পৰিবহণ খণ্ডত কৰ্মৰত লোকসকলৰ হৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালে বিশেষ সম্বর্ধনা জনায়। মার্চেন্ট নেভীৰ অভিজ্ঞ মুখ্য অভিযন্তাৰ জীয়ৰী মনু ভাকৰ। মনুক ভাৰতীয় বন্দৰ সংস্থাৰ তৰফৰ পৰা ফুলাম গামোচা, জাহাজৰ আৰ্হি আৰু ১০ লাখ টকাৰ চেকেৰে সম্বর্ধনা জনোৱা হয়।

মনু ভাকৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত যুৱ নাবিকসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্বুটাৰগৰাকীয়ে উল্লেখ কৰে যে কেনেদৰে তেওঁ মার্চেন্ট নেভীৰ অভিযন্তাৰ পৰিয়ালত ডাঙৰ-দীঘল হৈ অনুশাসন, নিষ্ঠা আৰু মনোযোগেৰে জীৱন বাটত অগ্ৰসৰ হৈছিল। সোণোৱালে ভাকাৰৰ মাক সুমেধা ভাকৰে আৰু তেওঁৰ দেউতাক ৰাম কিষাণ ভাকৰেকো সম্বৰ্ধনা জনায়। ৰাম কিষাণ ভাকাৰ ব্যৱসায়িক নৌবাহিনীৰ জাহাজত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত।

অনুষ্ঠানটোত মনু ভাকৰে কয়, “মোৰ দেউতা, মা আৰু ভাতৃৰ সৈতে গ্ৰীষ্মৰ বন্ধৰ সময়ত জাহাজত যাত্ৰা কৰাৰ মোৰ ভাললগা স্মৃতি আছে। সেই যাত্ৰাবোৰে মোক বিভিন্ন ভাষা, সংস্কৃতি আৰু জীৱনশৈলীৰ পৰা শিকিবলৈ উদ্বুদ্ধ কৰিছিল।
মই জীৱন বাটত বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজিছিলোঁ, কিন্তু সেইবোৰে মোৰ সংকল্প শক্তিশালীহে কৰিছিল। খেলকে ধৰি যিকোনো কামতে মই সর্ব্বস্ব উজাৰি মনোনিৱেশ কৰোঁ। ‘ডাঙৰ সপোন দেখি উৎকৃষ্ট সাফল্য অৰ্জন কৰা, তাৰপাছতহে ঘৰলৈ উভতিবা।’ – এয়া মই মনে-প্রাণে বিশ্বাস কৰোঁ। মই ভাবোঁ, যুৱ নাবিকসকলে কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু একাগ্ৰতাৰে নিজ নিজ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই গৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব।”

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অলিম্পিকত মনু ভাকৰেৰ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনাই। মনু ভাকাৰৰ পিতৃ-মাতৃকো অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মনুৰ বাবে আমাৰ দেশ সদায় গৌৰৱান্বিত হৈ থাকিব বুলি উল্লেখ কৰে। তেওঁ কয়, “পেৰিছ অলিম্পিক ২০২৪ত মনু ভাকাৰৰ অভূতপূর্ব সাফল্যই তেওঁৰ একাগ্রতা, অধ্যৱসায় আৰু উৎকৃষ্টতাৰ দিশত নিৰন্তৰ প্ৰচেষ্টাক সূচাইছে। তেওঁ ভাৰতৰ যুৱ আকাংক্ষাৰ অদম্য মনোভাৱক প্রতিনিধিত্ব কৰে, মনুৱে অজস্ৰ যুৱক-যুৱতীক দেশৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰিছে। মনু ভাকাৰ আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা, বিশেষকৈ আমাৰ যুৱ নাবিকসকলৰ বাবে। আমাৰ যুৱ নাবিকসকলৰ বাবে মনু ভাকাৰৰ অনুপ্ৰেৰণাদায়ক কথাবোৰে তেওঁলোকৰ নির্বাচিত বৃত্তিৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অনুপ্রাণিত কৰিব।”

 

অনুষ্ঠানটোত উপস্থিত থাকে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি. কে. ৰামচন্দ্ৰন, যুটীয়া সচিব আৰ লক্ষ্মণন, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল।

Latest News