মুছলমান পৰিয়ালৰ মাজত সুৰক্ষিত নহয় হিন্দু: ক’লে মুখ্যমন্ত্ৰী যোগীয়ে…
মুখ্যমন্ত্ৰী যোগীয়ে এক সাক্ষাৎকাৰত কয় যে, ১০০টা হিন্দু পৰিয়ালৰ মাজত এটা মুছলমান পৰিয়াল সুৰক্ষিত। তেওঁলোকৰ সকলো ধৰ্মীয় কাৰ্য সম্পাদন কৰাৰ স্বাধীনতা থাকে। কিন্তু ১০০টা মুছলমান পৰিয়ালৰ মাজত ৫০টা হিন্দু পৰিয়াল নিৰাপদে থাকিব পাৰিবনে? নোৱাৰে, বাংলাদেশে ইয়াৰ উদাহৰণ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে, ১০০টা হিন্দু পৰিয়ালৰ মাজত বসবাস কৰা এটা মুছলমান পৰিয়াল নিৰাপদ। কিন্তু ১০০টা মুছলমান পৰিয়ালৰ মাজত ৫০টা হিন্দু পৰিয়াল থাকিব পাৰিবনে? সংবাদ সংস্থা ANIক দিয়া এক সাক্ষাৎকাৰত এই মন্তব্য মুখ্যমন্ত্ৰী যোগীৰ। ৰাজ্যখনৰ মুছলমানসকলৰ নিৰাপত্তাৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰত তেওঁ এই বক্তব্য আগবঢ়ায়।
মুখ্যমন্ত্ৰী যোগীয়ে কয়, মুছলমানৰ মাজত হিন্দু সুৰক্ষিত থাকিব নোৱাৰে। বাংলাদেশ, পাকিস্তান, আফগানিস্তান আপোনাৰ সন্মুখত থকা উদাহৰণ। উত্তৰ প্ৰদেশত মুছলমানসকল আটাইতকৈ সুৰক্ষিত। হিন্দু যদি নিৰাপদ, তেন্তে তেওঁলোকো নিৰাপদ। যদি ২০১৭ চনৰ আগতে ইউপিত সংঘৰ্ষ হৈছিল, তেতিয়া যদি হিন্দুৰ দোকান জ্বলিছিল, তেন্তে মুছলমানৰ দোকানো জ্বলিছিল। ২০১৭ চনৰ পিছত বন্ধ হৈ পৰে এই সংঘৰ্ষ।
বিগত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত শ্বেখ হাছিনাৰ নেতৃত্বাধীন চৰকাৰৰ পতনৰ পিছৰে পৰা হিন্দুসকল আক্ৰমণৰ বলি হোৱাৰ লগতে কেইবাজনো পুৰোহিতক গ্ৰেপ্তাৰ কৰা হৈছে। সংখ্যালঘু লোকৰ ঘৰ লুণ্ঠন কৰাৰ লগতে ১৫০টাতকৈও অধিক মন্দিৰ ভাঙি পেলোৱা হৈছে।
উল্লেখ্য যে, চলিত সপ্তাহত ৮ বছৰ ক্ষমতা সম্পূর্ণ কৰিছে যোগী আদিত্যনাথৰ চৰকাৰে ৷ ২০১৭ চনত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত উত্তৰ প্ৰদেশত সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ হোৱা বুলি দাবী কৰি তেওঁ আৰু কয় যে, এজন যোগী হিচাপে তেওঁ সকলোৰে বাবে সুখ কামনা কৰে। বহু ৰাজ্যত মন্দিৰ-মছজিদৰ বিবাদ দ্ৰুতগতিত বৃদ্ধি পাইছে। এই সন্দৰ্ভত আদিত্যনাথে হিন্দু স্থানত মছজিদ নিৰ্মাণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে ই ইছলামিক নীতিৰ বিৰোধী।
তেওঁ কয় যে, চৰকাৰে সম্ভলৰ সকলো মন্দিৰ পুনৰুজ্জীৱিত কৰিব। যোৱা বছৰ আদালতৰ নিৰ্দেশত শ্বাহী জামা মছজিদৰ সমীক্ষাৰ সময়ত তাত ব্যাপক হিংসা সংঘটিত হৈছিল। এই হিংসাত্মক ঘটনাত ৫জন লোকৰ মৃত্যু হৈছিল। আদিত্যনাথে কয়, সম্ভলত ৬৪টা তীৰ্থস্থান আছে আৰু আমি ৫৪টা বিচাৰি উলিয়াইছোঁ… যিয়েই নহওক, আমি বিচাৰি উলিয়াম। সম্ভলত কি হৈছিল আমি বিশ্ববাসীক ক’ম।