5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পাষাণ পিতৃৰ ভয়ংকৰ কাণ্ড! পত্নীৰ সৈতে কাজিয়া লগাৰ পাছত নদীত পেলাই দিলে এমহীয়া সন্তানক

কিমান নৃশংস হ'ব পাৰে এজন পিতৃ? পত্নীৰ সৈতে কাজিয়াৰ পাছত এমহীয়া সন্তানক নদীত পেলাই দিলে পিতৃয়ে। যেতিয়া পত্নীয়ে ফোনত এই বিষয়ে সুধিছিল, তেওঁ কৈ আছিল যে ৩-৪ দিনত বাবে সকলো ঠিক হৈ যাব। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতহে নিজৰ অপৰাধ স্বীকাৰ কৰিছিল পিতৃয়ে।

পাষাণ পিতৃৰ ভয়ংকৰ কাণ্ড! পত্নীৰ সৈতে কাজিয়া লগাৰ পাছত নদীত পেলাই দিলে এমহীয়া সন্তানক
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 17 Nov 2024 09:53 AM

সন্তানৰ বাবে তেওঁৰ পিতৃ ভগৱান। আকৌ এগৰাকী পিতৃয়ে নিজৰ সৰ্বস্ব ত্যাগ কৰি সন্তানক ডাঙৰ-দীঘল কৰে। পিতৃ-মাতৃয়ে সন্তানক এই পৃথিৱীলৈ আনে।পৃথিৱীৰ লগত পৰিচয় কৰাই দিয়ে। কিন্তু উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰত সংঘটিত হৈছে গাৰ নোম শিহৰি উঠা ঘটনা। য’ত পত্নীৰ সৈতে কাজিয়াৰ লগাৰ পিছত স্বামীয়ে তেওঁৰ এমহীয়া কেঁচুৱাটো নদীত পেলাই দিছিল। পত্নীয়ে ফোনত শিশুটোক হত্যা নকৰিবলৈ বাৰে বাৰে স্বামীক অনুৰোধ কৰিছিল। কিন্তু তাৰ পাছতো পাষাণ পিতৃয়ে নিৰীহ শিশুটিক হত্যা কৰিছিল। তিনিদিন অপেক্ষা কৰাৰ পিছত যেতিয়া সন্তানৰ সৈতে স্বামী ঘৰলৈ উভতি অহা নাছিল, মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বামীক। বৰ্তমানো অব্যহত আছে ঘটনাটোৰ তদন্ত।

জানিব পৰা মতে, এই সমগ্ৰ ঘটনাটো উত্তৰ প্ৰদেশৰ আম্বেদকাৰৰ জাহাংগীৰগঞ্জ আৰক্ষী থানা অঞ্চলৰ মাড্ৰামাউ গাঁৱৰ। য’ত পৰিয়ালৰ বিৰুদ্ধে গৈ সংগমে মগনপুৰ মহিমাপুৰৰ বাসিন্দা জিশান নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সেই সময়ত জিশানে গাড়ী চালক হিচাপে কাম কৰিছিল। অৱশ্যে, পিছত তেওঁ চাকৰি হেৰুৱায়। তাৰ পিছত তেওঁ আলাপুৰ তহচিলৰ ৰামনগৰলৈ গৈ ভাড়াত থাকিবলৈ লয়। পত্নী সংগমো তেওঁৰ লগত একেলগে আছিল।

সংগমে আৰক্ষীক কোৱা অনুসৰি ১২ নৱেম্বৰত জিশানে তেওঁৰ পত্নী আৰু কন্যাক ফুৰাবলৈ আজমগড়ৰ ভৈৰৱ বাবা মন্দিৰলৈ লৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পিছত তেওঁলোকৰ মাজত কিবা কথাক লৈ কাজিয়া হৈছিল। জিশানে প্ৰতিদিনে দ্বিতীয় বিবাহ কৰোৱাক কথা কৈছিল। সংগমে আৰক্ষীৰ আগত কয় যে, কন্যা সন্তানটো জন্ম জিশানে তেওঁৰ সৈতে কাজিয়া কৰি আছিল। ১২ নৱেম্বৰত তেওঁলোকৰ এমহীয়া শিশুটিক লগত লৈ কৰবালৈ ওলাই যায়। তাৰ পাছত তেওঁ বিধৰ ঘাটত উপস্থিত হৈ সংগমক ফোন কৰিছিল।

সংগমে ফোনটো ধৰাৰ পাছত, জিশানে কৈছিল তেওঁ সি শিশুটিক মাৰি পেলাব। যদি শিশুটি জীয়াই থাকে তেন্তে তেওঁ দ্বিতীয় বিবাহ কৰাব নোৱাৰিব। এই কথা শুনি সংগমে ফোনতে কান্দিবলৈ ধৰিছিল। সেই সময়ত, জিশানে শিশুটিক একো কৰা নাছিল আৰু আত্মীয়ৰ ঘৰলৈ লৈ গৈছিল। পিছদিনা ১৩ নৱেম্বৰৰ ৰাতিপুৱা, জিশানে শিশুটিক সৰযু নদীত পেলাই দিয়ে। য’ত এমহীয়া নিৰীহ শিশুটিয়ে মৃত্যুক সাৱটি লয়।

তাৰ পাছত তিনিদিন জিশান ঘৰলৈ উভতি নহা বাবে সংগমে আৰক্ষীক ফোন কৰিছিল আৰু গোটেই ঘটনাটো বিৱৰি কৈছিল। এই সময়তো জিশানে সংগমক কৈ আছিল যে সকলো ঠিক হৈ যাব, শিশুটি জীয়াই আছে আৰু তেওঁৰ সৈতে আছে। কিন্তু যেতিয়া আৰক্ষীয়ে সংগমৰ অভিযোগ অনুসৰি জিশানক গ্ৰেপ্তাৰ কৰে আৰু কঠোৰভাৱে সোধা-পোছা কৰে। অৱশেষত তেওঁ স্বীকাৰ কৰে যে তেওঁ শিশুটিক সৰযু নদীত পেলাই দিছিল। অৱশ্যে, উদ্ধাৰকাৰী দৰে এতিয়াও শিশুটিৰ মৃতদেহ বিচাৰি পোৱা নাই। বৰ্তমান অভিযুক্তজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

Latest News