পুনৰ গৰ্ভৱতী পত্নী, কিন্তু স্বামীয়েও নাপালে উমান! শেষত ঘটিল এই ঘটনা…
উত্তৰ প্ৰদেশৰ দুটি সন্তানৰ মাতৃ এগৰাকীয়ে তৃতীয়বাৰৰ বাবে গৰ্ভৱতী হ’ল, এয়া সাধাৰণ কথা যদিও তেওঁৰ স্বামী আচৰিত হৈ পৰিল। যেতিয়া পত্নীক সোধা-পোছা কৰিলে তেতিয়া গম পালে যে সন্তানটো তেওঁৰ নহয়, মহিলাগৰাকীৰ প্ৰেমিকৰহে। পত্নীয়ে স্বামীক জনাইছিল যে তেওঁলোকৰ মাজত ৫ বছৰ ধৰি অবৈধ সম্পৰ্ক চলি আছিল।
পৰিয়াল আগবঢ়িবলৈ সন্তানৰ আগমন ঘটে পৰিয়ালত। কিন্তু এই সাধাৰণ কথাটোৱে স্থান পাইছে বাতৰিৰ শিৰোণামত। উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত গোচৰ। জিলাখনৰ পানীয়ৰা থানা এলেকাৰ এখন গাঁৱত যেতিয়া এজন পুৰুষৰ পত্নী তৃতীয়বাৰৰ বাবে গৰ্ভৱতী হৈছিল তেতিয়া তেওঁ সম্পূৰ্ণ আচৰিত হৈছিল। যদিও আগতে পত্নীয়ে দুটা সন্তান জন্ম দিয়াৰ পিছত মানুহজন যথেষ্ঠ সুখী হৈছিল, কিন্তু এইবাৰ তেওঁ সম্পূৰ্ণ আচৰিত হৈ পৰিছে। ইয়াৰ পিছত স্বামীয়ে পত্নীক এই বিষয়ে সত্য সুধিলে আৰু তেওঁৰ ভৰিৰ তলৰ পৰা মাটি পিছলি পৰিল।
প্ৰতিবেদন অনুসৰি, পানীয়ৰা থানা এলেকাৰ এখন গাঁৱত স্বামী-স্ত্ৰীয়ে অতি মৰমেৰে বাস কৰিছিল। দুয়োৰে দুটা সন্তান আছিল যদিও যুৱকজনৰ পত্নী যেতিয়া তৃতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱা কথা গম পাই সম্পূৰ্ণ হতভম্ব হৈ পৰে। স্বামীয়ে পত্নীক এই বিষয়ে সোধাত তেওঁ গাঁৱত বাস কৰা এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক থকা বুলি কয়।
৫ বছৰ ধৰি চলি আছিল অবৈধ সম্পৰ্ক
পত্নীয়ে স্বামীক জনাইছিল যে তেওঁলোকৰ মাজত ৫ বছৰ ধৰি অবৈধ সম্পৰ্ক চলি আছিল। ইয়াৰ বাহিৰেও পত্নীয়ে কয় যে, স্বামীয়ে যি দুটা সন্তানক নিজৰ বুলি গণ্য কৰি আহিছে সেই সন্তান দুটা তেওঁৰ সন্তান নহয়, প্ৰেমিকৰ সন্তানহে। পত্নীয়ে স্বামীক ক’লে যে, এদিন দুয়োজনে গোপনে লগ হৈছিল আৰু প্ৰেম আৰম্ভ হৈ দুটা সন্তানৰ মাতৃ হৈ পৰে। কিন্তু স্বামীক জানিব নিদি নিজৰ সন্তান বুলি কৈ থৈ দিয়ে। কিন্তু তৃতীয়বাৰৰ বাবে মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ লগে লগে স্বামীৰ সন্দেহ সৃষ্টি হয়। ইয়াৰ পিছত জেৰাৰ সময়ত মহিলাগৰাকীয়ে এই সকলো কথা কয়। অৱশেষত স্বামীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।
প্ৰেমিকৰ লগত বিয়া
মহিলাগৰাকীৰ সত্যতা জানি মানুহজনে তেওঁক আৰু সন্তান দুটাক ঘৰৰ পৰা বাহিৰ কৰি দিলে। ইয়াৰ পিছত পত্নী প্ৰেমিকৰ ঘৰ পালেগৈ, কিন্তু প্ৰেমিকজনে তেওঁক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। এনে অৱস্থাত মহিলাগৰাকী গাঁৱৰ পঞ্চায়তলৈ যায়, য’ত গাঁৱৰ মানুহে হেঁচা প্ৰয়োগ কৰিলে প্ৰেমিকে হাৰ মানিবলগীয়া হয় আৰু ঘৰতে ৰাখিবলৈ বাধ্য হয়।