ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ উচ্চ পৰ্যায়ৰ আলোচনাৰ মাজতে জয়পুৰত জে ডি ভেন্স, জানক তেওঁৰ সম্পূৰ্ণ কাৰ্যসূচী…

ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স। বৰ্তমান তেওঁ ৰাজস্থানৰ জয়পুৰত আছে । জানক তেওঁৰ এই ভ্ৰমণকালত কি কি কাৰ্যসূচী ৰাখিছে ? জে ডি ভেন্সৰ এই ভ্ৰমণ কিয় বিশেষ?

ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ উচ্চ পৰ্যায়ৰ আলোচনাৰ মাজতে জয়পুৰত জে ডি ভেন্স, জানক তেওঁৰ সম্পূৰ্ণ কাৰ্যসূচী...

জয়পুৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স

Updated On: 

22 Apr 2025 13:00 PM

চাৰি দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স। বৰ্তমান তেওঁ ৰাজস্থানৰ জয়পুৰত আছে । জয়পুৰত থাকি আমেৰিকা উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে পৰিদৰ্শন কৰিব আমেৰ দুৰ্গ । আমেৰ দুৰ্গক এম্বাৰ দুৰ্গ বুলিও কোৱা হয় । ইতিমধ্য়ে তেওঁৰ ভ্ৰমণকলৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

আজি ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ (আৰ আই চি)ত আয়োজিত এক অনুষ্ঠানত তেওঁ আমেৰিকা-ভাৰত সম্পৰ্কৰ ওপৰত ভাষণ দিব। জে ডি ভেন্সে পত্নী উষা ভেন্স আৰু তিনিটা সন্তান ইভান, বিবেক আৰু মেৰিবেলৰ সৈতে অক্ষৰ্ধম মন্দিৰ পৰিদৰ্শন কৰে। ইয়াৰ পিছত সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

জে ডি ভেন্সৰ জয়পুৰ ভ্ৰমণৰ বাবে তিনি স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। ভেন্সৰ নিৰাপত্তাৰ বাবে ৭ জন আই পি এছ বিষয়া, ২০ জন অতিৰিক্ত ডি চি পি, ৪০ জন এ চি পি, ৩০০ এ এছ আই, এছ আই আৰু চি আই নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও ২১০০ কনিষ্টবলক নিয়োগ কৰা হৈছে। একে সময়তে অহা ৪ দিনৰ বাবে জয়পুৰক হাই এলাৰ্টত ৰখা হৈছে।

জে ডি ভেন্সৰ এই ভ্ৰমণ কিয় বিশেষ?

বিশ্ব বাণিজ্যিক যুদ্ধ চলি থকাৰ মাজতে ভাৰত ভ্ৰমণ কৰিছে জে ডি ভেন্সে । গতিকে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকী ভাৰত ভ্ৰমণ বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । উল্লেখ্য যে,আমেৰিকাৰ পাৰস্পৰিক শুল্ক সন্দৰ্ভত লোৱা সিদ্ধান্তৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স। সোমবাৰে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হয়। খবৰ অনুসৰি সেই বৈঠকত দ্বিপাক্ষিক বাণিজ্য চুক্তিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল।

জে ডি ভেন্সৰ জয়পুৰ ভ্ৰমণসূচী

আজি ৰাতিপুৱা ৮.৩০ বজাত ৰামবাগৰ পৰা আমেৰ দুৰ্গলৈ ৰাওনা হৈছে। আমেৰ দুৰ্গ পৰিদৰ্শন কৰাৰ পাছত ১১.৩০ বজাত ৰামবাগলৈ ৰাওনা হ’ব। দুপৰীয়া ১২ বজাত ৰামবাগ পেলেচত উপস্থিত হ’ব। ৰামবাগৰ পৰা ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰলৈ ৰাওনা হ’ব ২.৩০ বজাত। দুপৰীয়া ২.৪৫ বজাত RIC ত উপস্থিত হ’ব। বিয়লি ৩ৰ পৰা ৩.৪৫ বজালৈ আৰ আই চিত ভাষণ দিব। ৩.৪৫ আৰ আই চিৰ পৰা ৰামবাগলৈ ৰাওনা হ’ব। সন্ধিয়ালৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা । ইয়াৰ উপৰিও বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ সৈতেও বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

২৩ এপ্ৰিলৰ কাৰ্যসূচী

ৰাতিপুৱা ৮.৩০ বজাত ৰামবাগৰ পৰা বিমানবন্দৰলৈ যাব। ৯ বজাত বিমানবন্দৰৰ পৰা আগ্ৰালৈ ৰাওনা হ’ব। পুৱা ৯ বজাৰ পৰা ১ বজালৈ আগ্ৰাত থাকিব আৰু তাজমহল পৰিদৰ্শন কৰিব। ১.২৫ আগ্ৰাৰ পৰা জয়পুৰ বিমানবন্দৰলৈ যাব। ১.৩৫ বিমানবন্দৰৰ পৰা চিটি পেলেচলৈ ৰাওনা হ’ব। দুপৰীয়া ২ বজাত চিটি পেলেচত উপস্থিত হ’ব । বিয়লি ২ বজাৰ পৰা ৩ বজালৈ চিটি পেলেচত থাকিব।

২৪ এপ্ৰিলৰ কাৰ্যসূচী

পুৱা ৬.১০ ৰামবাগৰ পৰা বিমানবন্দৰলৈ ৰাওনা হ’ব। ৬:৩০ বজাত বিমানবন্দৰত উপস্থিত হ’ব । ৬.৪০ জয়পুৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে ৱাশ্বিংটনলৈ ৰাওনা হ’ব।

কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক
পেটৰ ভিতৰত ঘাঁ হ'লে এইসমূহ লক্ষণে দেখা দিয়ে, জানক সকলো...
চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...