USE DIPPER AT NIGHT: ট্ৰাকৰ পিছফালে লিখা এই বাক্যশাৰীত সোমাই আছে এটা কণ্ডমৰ কাহিনী
ট্ৰাকৰ পাছফালে সাধাৰণে লিখা দেখা যায় "BLOW HORN", "USE DIPPER AT NIGHT" এই ধৰণৰ বাক্য । এই "USE DIPPER AT NIGHT" বুলি লিখা বাক্যশাৰীৰ এক মজাৰ কাহিনী আছে । সেই বিষয়ে বাৰু আপুনি জানেনে?

ৰাস্তাৰে গৈ থকা অৱস্থাত বিভিন্ন বস্তু আমাৰ চকুত পৰে । সেয়া কোনো পথ নিৰ্দেশনাৰ চিহ্ন হ’ব পাৰে, কোনো চৰকাৰী বিজ্ঞাপনৰ হ’ৰ্ডিং হ’ব পাৰে, আন কোনো সামগ্ৰীৰ বিজ্ঞাপনৰ হ’ৰ্ডিং হ’ব পাৰে বা আন কোনো বিশেষ বস্তুও হ’ব পাৰে । কোনো বাহনৰ পিছফালে লিখা বাক্যৰ শাৰীয়েও কেতিয়াবা আমাৰ দৃষ্টি আকৰ্ষণ কৰে । বহু বাহনত ধেমেলিয়া, কাব্যিক বাক্যৰ শাৰী লিখা দেখা যায় । যি বাক্য পঢ়িলে আমাৰ মন ভাল লাগে, মুখত হাঁহি বিৰিঙে । কিন্তু এনে সকলো বাক্য কেৱল মনোৰঞ্জনৰ বাবে লিখা নহয় । কিছুমান বাক্য নিয়ম অনুসৰি লিখা হয় । বিশেষকৈ ডাঙৰ ডাঙৰ ট্ৰাকৰ পিছফালে লিখা বাক্যবোৰত একোটা বাৰ্তা থাকে । আনবোৰ বাহনৰ সুৰক্ষাৰ বাবে লিখা হয় এনে কিছুমান বাক্য । ট্ৰাকৰ পাছফালে সাধাৰণে লিখা দেখা যায় “BLOW HORN”, “USE DIPPER AT NIGHT” এই ধৰণৰ বাক্য । এই “USE DIPPER AT NIGHT” বুলি লিখা বাক্যশাৰীৰ এক মজাৰ কাহিনী আছে । সেই বিষয়ে বাৰু আপুনি জানেনে?
প্ৰাথমিকভাৱে আপোনাৰ মনলৈ চাগৈ এই ভাৱেই আহিছে যে, ডিপাৰ অৰ্থাৎ লাইট কম-বেছি কৰাৰ কথা কোৱা হৈছে । মূলতঃ ৰাতি কম পোহৰৰ লাইত ব্যৱহাৰ কৰাৰ বাবে অনুৰোধ কৰা হয় । যাতে লুকিং গ্লাছত পৰা পোহৰে আন ডাইভাৰৰ চকু চাঁট মাৰি নধৰে । অন্যথা দুৰ্ঘটনা হোৱাৰ শংকা থাকে । কিন্তু এই বাক্যশাৰী একেবাৰে সাধাৰণো নহয় । তাৰো আছে কাৰণ । কেতিয়াবা বাৰু আপুনি ভাবিছেনে, “USE DIPPER AT NIGHT” বুলি প্ৰায় সকলো ট্ৰাকৰ পিছফালে কিয় লিখা থাকে । যদি আপুনি জ্ঞাত নহয় তেন্তে জানি লওক এই প্ৰতিবেদনৰ যোগেদি ।
“USE DIPPER AT NIGHT” এইচো এটা সচেতনতামূলক বাৰ্তা । ২০১৬ চনত এই বাৰ্তাৰ প্ৰচাৰ আৰম্ভ কৰিছিল টাটা মটৰ্ছে । ভাৰতৰ এটা কণ্ডমৰ ব্ৰেণ্ড ডিপাৰৰ প্ৰচাৰৰ শ্ল’গান আছিল এই বাৰ্তা । সুৰক্ষিত যৌন সম্পৰ্ক তথা ট্ৰাক ডাইফভাৰৰ মাজত যৌন সংক্ৰামক ৰোগ (STD) প্ৰতিৰোধৰ বাবে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেই ব্যৱহাৰ কৰা হৈছিল এই শ্ল’গান । কিন্তু কিয় এই শ্ল’গানৰ প্ৰচাৰ প্ৰয়োজনীয় হৈ পৰিছিল?
গৱেষণাত দেখা গৈছে যে, ভাৰতত ট্ৰাক চালকৰ মাজত এইডছ বা অন্য যৌন ৰোগৰ মাত্ৰা অধিক । তাৰ কাৰণ হৈছে দীৰ্ঘ দিন ধৰি তেওঁলোক পৰিয়ালৰ পৰা আঁতৰত থাকে । ফলত দৈহিক চাহিদা পূৰণৰ বাবে অসুৰক্ষিত যৌন সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হয় বহু ট্ৰাক চালক । অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই এইডছৰ দৰে ৰোগৰ সংক্ৰমণ হয় । এই বিষয়ত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেই হিন্দুস্তান লেটেক্স লিমিটেড (HLL) ৰ সৈতে যুতি বান্ধে টাটা মটৰ্ছে । তাৰ পাছতেই তৈয়াৰ কৰা হয় ডিপাৰ ব্ৰেণ্ডৰ কণ্ডম । ইয়াৰ পেকেজিঙৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ল এটা বিশেষ শ্ল’গান, “USE DIPPER AT NIGHT” । এই শ্ল’গানে এক গুলীত দুই চিকাৰৰ দৰে কাম কৰিলে । এফালে বাহন চালকক নিশা কম পোহৰৰ লাইট জলোৱাৰ নিৰ্দেশনা দিলে আৰু আনফালে কণ্ডমৰ ব্যৱহাৰৰ সজাগতা সৃষ্টি । ট্ৰাকবোৰ যিহেতু সাধাৰণতে লাইন পাতি যায় । গতিকে যেতিয়াই ট্ৰাকৰ পিছফালে এই শ্ল’গান পিছৰজন চালকে দেখা পাব, তেতিয়াই তেওঁ কণ্ডমৰ ব্যৱহাৰৰ বিষয়তো সজাগ হ’ব ।
এই প্ৰচাৰৰ অংশ হিচাপে তথা সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ট্ৰাক ডাইভাৰসকলৰ মাজত হাজাৰ হাজাৰ কণ্ডম বিতৰণ কৰা হৈছিল । যৌনতাৰ ক্ষেত্ৰত সুৰক্ষা কিমান জৰুৰী, সেই বিষয়েও তেওঁলোকৰ মাজত প্ৰচাৰ কৰা হৈছিল । প্ৰতিবেদন অনুসৰি, এই প্ৰচাৰ আৰম্ভ হোৱাৰ ৩০ দিনৰ ভিতৰত ডিপাৰ ব্ৰেণ্ডৰ প্ৰায় ৪০ হাজাৰ কণ্ডম বিক্ৰী হৈছিল । এই সংখ্যাই প্ৰমাণ কৰিছিল উদ্দেশ্য সফল হোৱাৰ । তেন্তে এতিয়া ট্ৰাকৰ পিছফালে এই বাক্যশাৰী দেখিলে আপোনাৰো নিশ্চয় মনত পৰিব ইয়াৰ প্ৰকৃত অৰ্থ আৰু উদ্দেশ্য ।