5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

USTM’ক লৈ হিমন্ত বিশ্বক উভতি ধৰিলে মেঘালয় চৰকাৰে! অসমৰ প্ৰদূষণৰ বিৰুদ্ধে কৰিব নেকি গোচৰ ৰুজু?

অসমে USTM ৰ বিৰুদ্ধে এন জি টিত গোচৰ ৰুজু কৰিব।  তেন্তে মেঘালয় চৰকাৰে  ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ অৰ্থাৎ বায়ৰ্নিহাটৰ সিটো পাৰে থকা উদ্যোগসমূহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰেনে ?

USTM’ক লৈ হিমন্ত বিশ্বক উভতি ধৰিলে মেঘালয় চৰকাৰে! অসমৰ প্ৰদূষণৰ বিৰুদ্ধে কৰিব নেকি গোচৰ ৰুজু?
ইউ এছ টি এম
Follow Us
barasha-sarma
Barasha Sarma | Published: 14 Aug 2024 16:43 PM

বাৰে বাৰে অভিযোগ উত্থাপন কৰাৰ পাছত এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন মন্ত্ৰী লহকমেন ৰিম্বুইয়ে। উল্লেখ কৰা প্ৰয়োজন যে বিগত কেইটামান দিন ধৰি ধাৰাবাহিকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে মেঘালয়ত থকা USTM ক জগৰীয়া কৰি আহিছে। শৰ্মাই কৈছিল যে, USTM য়ে “ফ্লাড জিহাদ” কৰি আছে। তেওঁলোকে পাহাৰ কাটি ধ্বংস কৰিছে যাৰ বাবে মেঘালয়ৰ পানী গুৱাহাটীত আহি পৰে। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ ওপৰত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিম্বুইয়ে।

এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্ট কৰি ৰিম্বইয়ে মুখ্যমন্ত্ৰী শৰ্মাক এই বিষয়ে আলোচনা কৰিবলৈ আৰু প্ৰেক্টিকেল হ’বলৈ আহ্বান জনায়। তেওঁ অসমৰ প্ৰদূষণকে ধৰি বিভিন্ন দিশ আঙুলিয়াই দি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে।  অসম চৰকাৰে USTM ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰিলে মেঘালয় চৰকাৰেও বাৰ্ণিহাটক লৈ অসমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে বুলি কয়।

এক্সত তেওঁ লিখে- “অসম চৰকাৰে শিলচৰৰ পৰা গাৰো হিলছলৈ অসমৰ ৰাস্তাৰে সুৰাৰ দোকানৰ সামগ্ৰী পৰিবহনৰ বাবে ট্ৰেনজিত পাছ নকৰাতো অতি বিপদজনক। গুৱাহাটীৰ পৰা বৰাক উপত্যকালৈ মেঘালয়ে পৰিবহন বন্ধ কৰিব নেকি?  অসমে USTM ৰ বিৰুদ্ধে এন জি টিত গোচৰ ৰুজু কৰিব।  তেন্তে মেঘালয় চৰকাৰে  ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ অৰ্থাৎ বায়ৰ্নিহাটৰ সিটো পাৰে থকা উদ্যোগসমূহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰেনে ?বাংলাদেশত প্ৰৱল বৰষুণৰ বাবে বানপানী হয়, তাৰ বাবে বাংলাদেশে মেঘালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নেকি” ? ইয়াৰ লগতে তেওঁ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু USTM ৰ স্বত্বাধিকাৰীক টেগ কৰি এই বিষয়ত বহি যুক্তিসংগত আলোচনা কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে USTM ৰ বিৰুদ্ধে ফ্লাড জেহাদৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই ইয়াৰ একাংশই বিৰোধিতা কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, যদি কোনোৱে এই বিষয়ত এন জি টিৰ ওচৰত গোচৰ ৰুজু কৰিব বিচাৰে তেন্তে তেওঁ সম্পূৰ্ণ সহায়- সহযোগিতা কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছিল যে USTM কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে এনে কাম কৰিছে। মুখ্যমন্ত্ৰীৰ এই কথাৰ কঠোৰ সমালোচনা কৰিছিল কংগ্ৰেছেও।

ইয়াৰোপৰি USTM য়ে মাত্ৰ এটা বিশেষ ধৰ্মৰ লোকক গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন কৰি কৈছিল যে, USTM ত সোমালে মক্কাত সোমোৱা যেনহে লাগে। তাত কোনো মন্দিৰ, গীৰ্জা আদি নাই। তাত কেৱল এটা সম্প্ৰদায়ক প্ৰাধন্য দিয়া বুলি কৈছিল শৰ্মাই। এনেবোৰ কাৰণতে পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। মেঘালয় চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীৰ এই মন্তব্যত হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া হ’ব লক্ষণীয়।

Latest News