অংক শিক্ষকৰ জঘন্য কাণ্ডঃ ৬ ছাত্ৰ-ছাত্ৰীৰ লগত কু- কৰ্ম…

এজন ছাত্ৰৰ মাতৃয়ে জনোৱা অনুসৰি শিক্ষকগৰাকীৰ কাণ্ডৰ বাবে তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল আৰু তাৰ বাবে হাস্পাতালত ভৰ্তি কৰাব লগা হৈছিল।

অংক শিক্ষকৰ জঘন্য কাণ্ডঃ ৬ ছাত্ৰ-ছাত্ৰীৰ লগত কু- কৰ্ম...

আলিগড় আৰক্ষী

Published: 

02 Sep 2024 12:15 PM

এজন পাষাণ লোকৰ কাণ্ডই কুলষিত কৰিলে শিক্ষক সমাজক। দেশত সংঘটিত হোৱা কিছুমান ঘটনাই এয়াই বুজাই যে আজিৰ দিনত কোনো ক’তো সুৰক্ষিত হয়। আত্মীয়ৰ পৰা আৰম্ভ কৰি কিছুমান নিকৃষ্ট মানসিকতাৰলোকে কেৱল নিজৰ চৰিতাৰ্থ পূৰণ কৰাৰ চেষ্টায়ে কৰি থাকে। এনে এক ঘটনাই পোহৰলৈ আহিছে য’ত এগৰাকী শিক্ষকে নিজৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলায়। অভিযোগ অনুসৰি প্ৰায় ৬ গৰাকী ছাত্ৰ- ছাত্ৰীৰ সৈতে শিক্ষকজনে জঘন্য কাণ্ড সংঘটিত কৰিছিল। এই শিক্ষকজনৰ ওচৰত তেওঁলোকে গণিত শিকিবলৈ আহিছিল।

প্ৰায় ২ বছৰ ধৰি কু- কাণ্ড কৰি গৈছিল শিক্ষকজনে। কিন্তু শেহতীয়াকৈ ৬ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে তেওঁৰ এই কাণ্ডৰ বিৰুদ্ধে পৰিয়ালক অৱগত কৰে। শিক্ষকগৰাকীৰ নিৰ্যাতনৰ ফলত ছাত্ৰ- ছাত্ৰী কেইগৰাকী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল। এই বৰ্বৰ, লজ্জাজনক কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ৰ গংগীপী থানাৰ অন্তৰ্গত এখন গাঁৱত।

ছাত্ৰ- ছাত্ৰী কেইগৰাকীৰ পৰিয়ালৰলোকে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ সৈতে মিলি শিক্ষকগৰাকীৰ বাসগৃহ ঘেৰাও কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ছাত্ৰী কেইগৰাকীক হাস্পাতাললৈ প্ৰেৰণ কৰে। আৰক্ষীৰ মতে নিৰ্ভলা গাঁৱৰ বাসিন্দা অভিযুক্ত শিক্ষক ওমবীৰ ভৌৰে কোচিং চেন্টাৰ চলাইছিল। ওচৰৰ গাঁৱৰ ল’ৰা- ছোৱালীসকলে ওমবীৰৰ ওচৰত বিজ্ঞান আৰু গণিতৰ টিউচন হৈছিল। কিন্তু অধ্যয়ন কৰোৱাৰ চলেৰে ওমবীৰে ছাত্ৰ- ছাত্ৰীসকলৰ লগত জঘন্য কাণ্ড সংঘটিত কৰিছিল।

জানিব পৰা মতে পুৱা প্ৰায় ৬ মান বজাত ছাত্ৰ- ছাত্ৰীসকলক টিউচন কৰিবলৈ মাতিছিল আৰু কেতিয়াবা নিশা হোৱালৈকে কিছুমানক  পঢ়ুৱাব বুলি ৰাখি  থৈছিল। অভিযোগ অনুসৰি কেতিয়াবা অকলে এগৰাকী  ছাত্ৰীক মাতি যৌন নিৰ্যাতন চলোৱাৰ লগতে কেতিয়াবা সকলোকে একেলগে মাতিছিল। তাৰ পাছত এগৰাকীৰ পাছত আন এগৰাকীৰ লগত জঘন্য কাণ্ড সংঘটিত কৰিছিল।

দেওবাৰে এই ঘটনা পোহৰলৈ আহে। তাৰ পাছতে স্থানীয়লোকে ঘটনাস্থলী উত্তপ্ত কৰি তোলে আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।  এজন ছাত্ৰৰ মাতৃয়ে জনোৱা অনুসৰি শিক্ষকগৰাকীৰ কাণ্ডৰ বাবে তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল আৰু তাৰ বাবে হাস্পাতালত ভৰ্তি কৰাব লগা হৈছিল। এই ঘটনাৰ সবিশেষ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। বৰ্তমান শিক্ষকজন পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাই আছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!