Uttar Pradesh : বাধ্য বা প্ৰতাৰণা কৰি ধৰ্ম পৰিৱৰ্তন কৰালেই যাৱজ্জীৱন ! যোগী ৰাজ্যত গৃহীত হ’ল বিধেয়ক…

এই আইনখনৰ বিধান অনুসৰি,যদি কোনো ব্যক্তিয়ে ভাবুকি দিয়ে, আক্ৰমণ কৰে, বিয়া কৰাব বা বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বা তেনে কৰাৰ ষড়যন্ত্ৰ কৰে বা মহিলা, নাবালক বা আন কোনো ব্যক্তিক ধৰ্মান্তৰিত কৰে, তেন্তে তেওঁক এই আইনৰ অধীনত আটাইতকৈ গুৰুতৰ অপৰাধী বুলি গণ্য কৰা হ’ব ।

Uttar Pradesh : বাধ্য বা প্ৰতাৰণা কৰি ধৰ্ম পৰিৱৰ্তন কৰালেই যাৱজ্জীৱন ! যোগী ৰাজ্যত গৃহীত হল বিধেয়ক...

উত্তৰ প্ৰদেশ বিধানসভাত গৃহীত অবৈধ ধৰ্মান্তৰকৰণ প্ৰতিৰোধ (সংশোধনী) বিধেয়ক

Updated On: 

30 Jul 2024 19:40 PM

৩০ জুলাই মঙলবাৰে উত্তৰ প্ৰদেশ বিধানসভাত উত্তৰ প্ৰদেশৰ অবৈধ ধৰ্মান্তৰকৰণ প্ৰতিৰোধ (সংশোধনী) আইন, ২০২৪ গৃহীত হয়। সংশোধনী বিধেয়কখনে শাস্তি অধিক কঠোৰ কৰি তুলিছে। অবৈধ ধৰ্মান্তৰকৰণত কোনো লোক যদি দোষী সাব্যস্ত হয়, তেন্তে এতিয়া সৰ্বোচ্চ শাস্তি হ’ল আজীৱন কাৰাদণ্ড।

এই আইনখনৰ বিধান অনুসৰি,যদি কোনো ব্যক্তিয়ে ভাবুকি দিয়ে, আক্ৰমণ কৰে, বিয়া কৰাব বা বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বা তেনে কৰাৰ ষড়যন্ত্ৰ কৰে বা মহিলা, নাবালক বা আন কোনো ব্যক্তিক ধৰ্মান্তৰিত কৰে, তেন্তে তেওঁক এই আইনৰ অধীনত আটাইতকৈ গুৰুতৰ অপৰাধী বুলি গণ্য কৰা হ’ব ।

সংশোধিত আইনখনৰ মতে, এনে গোচৰত ২০ বছৰৰ কাৰাদণ্ড বা আজীৱন কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে । ইয়াৰ পূৰ্বে এই অপৰাধত সৰ্বোচ্চ ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হৈছিল।

সংশোধিত বিধেয়কখনত এই অপৰাধৰ এফ আই আৰ পঞ্জীয়নৰ নিয়মো সলনি কৰা হৈছে। আগতে এনে ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন কৰিবলৈ ভুক্তভোগী বা তেওঁৰ পিতৃ-মাতৃ, বা ভাই-ভনীৰ উপস্থিতি প্ৰয়োজনীয় আছিল। তেওঁলোকৰ উপস্থিতি অবিহনে কোনেও ইচ্ছামতে অভিযোগ কৰিব নোৱাৰে । অৱশ্যে সংশোধিত আইনখনত উল্লেখ আছে যে, ধৰ্মান্তৰকৰণৰ অভিযোগৰ ক্ষেত্ৰত যিকোনো ব্যক্তিয়ে এফআইআৰ ৰুজু কৰিব পাৰিব ।

এই সন্দৰ্ভত যিকোনো ব্যক্তিয়ে আৰক্ষীক লিখিত তথ্য দিব পাৰে। অৰ্থাৎ ব্যক্তিজন ভুক্তভোগীৰ ঘনিষ্ঠ আত্মীয় নহ’লেও অভিযোগ দাখিল কৰিব পাৰিব । লগতে কোৱা হৈছে যে, এনে গোচৰৰ শুনানি চেছনচ কৰ্টৰ তলৰ কোনো আদালতত হ’ব নোৱাৰে। তদুপৰি এই আইনৰ অধীনত সকলো অপৰাধক জামিনহীন কৰি তোলা হৈছে। কোৱা হৈছে যে, চৰকাৰৰ অধিবক্তাই তেওঁৰ যুক্তি দাঙি ধৰাৰ পূৰ্বে অভিযুক্তৰ জামিন আবেদন বিবেচনা কৰিব নোৱাৰিব।

ইফালে অবৈধ ধৰ্মান্তৰকৰণ প্ৰতিৰোধ (সংশোধনী) আইন, ২০২৪ ক লৈ বিৰোধীয়ে উত্তৰ প্ৰদেশ চৰকাৰ তীব্ৰ সমালোচনা কৰিছে । বিৰোধীয়ে দাবী কৰিছে যে, উত্তৰ প্ৰদেশ চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে মূল বিষয়ৰ পৰা মানুহৰ দৃষ্টি আঁতৰাবলৈ চেষ্টা চলাইছে। সংসদৰ বাহিৰত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কয়, “তেওঁলোকৰ আৰু কি আছে? কোনো নতুন কাম কৰা নাই। গতিকে ক’বলৈ নতুন একো নাই।” উল্লেখ্য যে, ২০২১ চনত উত্তৰ প্ৰদেশত অবৈধ ধৰ্মান্তৰকৰণ প্ৰতিৰোধ আইন প্ৰণয়ন কৰা হয়।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে