শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যুৱতীৰ সৈতে নৃশংসতা! হাত-ভৰি ভাঙি, চকু ফুটাই পেলাই দিলে পুখুৰীত, এক ভয়ংকৰ কাণ্ড…

এক গাৰ নোম শিঁয়ৰি উঠা ঘটনা। নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি এগৰাকী যুৱতীক হত্যা কৰিলে দুৰ্বৃত্তই। উদ্ধাৰৰ সময়ত যুৱতীগৰাকীৰ মৃতদেহত নাছিল কোনো কাপোৰ, ফুটাই দিয়া হৈছিল চকু।

যুৱতীৰ সৈতে নৃশংসতা! হাত-ভৰি ভাঙি, চকু ফুটাই পেলাই দিলে পুখুৰীত, এক ভয়ংকৰ কাণ্ড…
ভয়ংকৰ কাণ্ডImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 03 Feb 2025 11:40 AM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ নাৰীজনিত অপৰাধমূলক ঘটনাসমূহে আজিও নাৰীৰ সুৰক্ষাৰ ওপৰত এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। প্ৰতিদিনে দেশৰ কোনোবা এটা প্ৰান্তৰ পৰা নাৰীৰ ধৰ্ষণ, হত্যা আদিৰ ঘটনা পোহৰলৈ আহে। এনে এক নৃশংস ঘটনা পুনৰ পোহৰলৈ আহিছে য’ত এগৰাকী যুৱতীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হয়।  কেইদিনমানৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ এনে এটা অৱস্থাত উদ্ধাৰ হৈছিল, যি দেখি সাধাৰণলোকৰ সৰ্বশৰীৰ কঁপি উঠে।

জানিব পৰা মতে, ২২ বছৰীয়া দলিত সম্প্ৰদায়ৰ যুৱতীগৰাকীক প্ৰথমে ধৰ্ষণ আৰু পাছত নৃশংসভাৱে হত্যা কৰি পুখুৰীত পেলাই দিয়ে দুৰ্বৃত্তই। শনিবাৰে যুৱতীগৰাকীৰ মৃতদেহ তেওঁৰ ভিনিয়েকে প্ৰত্যক্ষ কৰে। এই নৃশংস, বৰ্বৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যাত। পোহৰলৈ অহা তথ্য অনুসৰি যুৱতীগৰাকীয়ে বাস কৰা গাঁৱৰ পৰা প্ৰায় ৫০০ মিটাৰ আঁতৰত মৃতদেহ উদ্ধাৰ হয়।

অভিযুক্তসকলে নৃশংসতাৰ সকলো সীমা চেৰাই যুৱতীগৰাকীৰ চকু ফুটাই দিছিল। কেৱল ইমানেই নহয়, যুৱতীগৰাকীৰ হাড় ভাঙি ভাঙি দিয়া হৈছিল আৰু গোপন অংগত এডাল লাঠি ভৰাই থোৱা অৱস্থাত আছিল। যুৱতীগৰাকীৰ হাত-ভৰি বান্ধি থোৱা অৱস্থাত আছিল। এনেকৈ যুৱতীগৰাকীৰ মৃতদেহ এটা পুখুৰীৰ পাৰত পেলাই দিছিল।

নিৰুদ্দেশ

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে দুজনলোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান তেওঁলোকৰ জেৰা চলাই থকা হৈছে। দুই অভিযুক্ত যুৱতীগৰাকীৰ গাঁৱৰে বাসিন্দা। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা শুকুৰবাৰৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ অৱস্থাত আছিল। তেওঁ ভাগৱত কথাৰ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল। কিন্তু ৩০ জানুৱাৰী নিশা পৰ্যন্ত যুৱতীগৰাকী ঘৰ উভতি নহাত পৰিয়ালৰলোক চিন্তিত হৈ পৰে আৰু তেওঁক বিচাৰি অভিযান আৰম্ভ কৰে।

যুৱতীগৰাকীক বিচাৰি থকাৰ মাজতে পৰিয়ালৰলোকে তেজ আৰু যুৱতীগৰাকীৰ কিছু কাপোৰ আদি প্ৰত্যক্ষ কৰে। লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও যুৱতীগৰাকীৰ কোনো শুং সূত্ৰ নাপায়। নিৰুদ্দেশ হোৱাৰ প্ৰায় ২৪ ঘন্টা পাছতেই ১ ফেব্ৰুৱাৰীত যুৱতীগৰাকীৰ মৃতদহ উদ্ধাৰ হয়।

নৃশংসতা

যুৱতীগৰাকীৰ মৃতদেহ প্ৰথমে ভিনিয়েকে প্ৰত্যক্ষ কৰে। হাত-ভৰি বান্ধি থোৱা মৃতদেহটোত নাছিল কোনো কাপোৰ। যুৱতীগৰাকীৰ লগত ইমানেই নৃশংসতা কৰা হৈছিল যে এই ঘটনাই চকু সেমেকাই তুলিছিল অঞ্চলবাসীৰ। যুৱতীগৰাকীৰ হাত-ভৰিৰ সকলো হাড় ভাঙি থোৱা অৱস্থাত আছিল, চকু দুটা ফুটাই দিয়া হৈছিল। কেৱল ইমানেই নহয়, যুৱতীগৰাকীৰ শৰীৰৰ বিভিন্নস্থানত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে গোপন অংগত লাঠি ভৰাই থোৱা অৱস্থাত আছিল।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ বিৰাজ কৰিছে। নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰশাসনক দোষাৰোপ কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।