শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বামীক কৰিছিল ১৫ টুকুৰা! এতিয়া আৰক্ষী বিষয়াৰ সৈতে চুম্বনৰ ভিডিঅ’ ভাইৰেল, সঁচা কি? জানক…

কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল দেশ কঁপাই যোৱা এক হত্যাকাণ্ডৰ কথা। এই কাণ্ডৰ অভিযুক্ত মুস্কানৰ শেহতীয়াকৈ এক ভিডিঅ ভাইৰেল হৈছে। য'ত তেওঁ এগৰাকী আৰক্ষী বিষয়াক চুম্বন কৰি থকা দেখা গৈছে।

স্বামীক কৰিছিল ১৫ টুকুৰা! এতিয়া আৰক্ষী বিষয়াৰ সৈতে চুম্বনৰ ভিডিঅ’ ভাইৰেল, সঁচা কি? জানক…
মুস্কানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 31 Mar 2025 18:09 PM

জেললৈ যোৱাৰ পাছত মুস্কানে কোনো নতুন অপৰাধ সংঘটিত কৰিছে নেকি? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। য’ত দেখা গৈছে , ইউনিফৰ্ম পৰিহিত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই মুস্কানক চুমা খাই আছে। পিছে এই মুস্কান কোন? উল্লেখ্য যে কিছুদিন পূৰ্বে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। য’ত এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিছিল, আৰু পাছত মৃতদেহটো ড্ৰামত ভৰাই চিমেন্টেৰে প্ৰলেপ সানি দিছিল। এই কাণ্ডৰ অভিযুক্ত মুস্কান। এই কাণ্ড মাৰ নৌযাওতেই নতুন এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডি’অটোত মুস্কানক আৰক্ষী বিষয়া এগৰাকী চুম্বন কৰা দেখা যায়। এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বহুতে প্ৰশ্ন কৰে যে কাৰাগাৰত কি হৈছে? ইয়াকে লৈ চৰ্চা চলি থকাৰ মাজতে  এই সন্দৰ্ভত মেৰুট আৰক্ষীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এইটো এটা ডিপফেক ভিডিঅ’। ঘটনা সন্দৰ্ভত ইতিমধ্যে তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা মতে, ভিডিঅ’টোত মুস্কানক চুমা খোৱা দেখা পোৱা আৰক্ষী বিষয়াগৰাকীয়ে গোচৰ ৰুজু কৰিছে। তেওঁৰ ভাবমূর্তি কলংকিত কৰিবলৈ এই ভিডিঅ’টো বনোৱা বুলি দাবী কৰে ৷ মেৰুটৰ আৰক্ষী অধীক্ষক আয়ুষ বিক্ৰম সিঙে কয় যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব।

মুস্কান কি ঘটনাত অভিযুক্ত?

উল্লেখ্য যে, ৩ মাৰ্চৰ গভীৰ নিশা উত্তৰ প্ৰদেশৰ মেৰুটত সংঘটিত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল। মুস্কান ৰস্তোগী নামৰ মহিলাগৰাকীয়ে প্ৰেমিক ছাহিলৰ সৈতে মিলি স্বামীক অতি নৃশংসভাৱে হত্যা কৰিছিল।  এই কাণ্ডৰ কেইবাদিন পাছত প্ৰকৃত ঘটনা পোহৰলৈ আহিছিল। জানিব পৰা মতে, প্ৰেমিক ছাহিলৰ সৈতে মিলি মুস্কানে স্বামী সৌৰভ নামৰ যুৱকজনক প্ৰথমে হত্যা কৰিছিল আৰু পাছত ১৫ টুকুৰা কৰি ড্ৰামত ভৰাই থৈছিল। ইমানেই নহয় , পৰৱৰ্তী সময়ত দুয়ো ড্ৰামটোত চিমেন্টৰ প্ৰলেপ সানি দিছিল।

অভিযোগ অনুসৰি এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰ মুস্কানে ৰচিছিল আৰু ছাহিল অন্ধবিশ্বাসী হোৱাৰ সুযোগ লৈছিল। ছাহিলে মুস্কানৰ কথা মতেই সকলো কৰিছিল। বৰ্তমান দুয়ো কাৰাগাৰত আছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

 

অন্য খবৰ পঢ়কঃ ফ্ৰীজ নহয়, এইবাৰ চিমেন্ট! প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

প্ৰথমে মুস্কানে কৰিব আঘাত আৰু পাছত…স্বামীৰ ১৫ টুকুৰা কৰা কাণ্ডৰ আঁৰত ভয়ংকৰ তথ্য…