প্ৰথমে ল’লে টকা পাছত চলন্ত গাড়ীত যুৱতীৰ লগত জঘন্য কাণ্ড, Video প্ৰস্তুত

তেওঁ ফেচবুকত শৈক্ষিক প্ৰমাণ পত্ৰ বনোৱা এটা বিজ্ঞাপন দেখা পাইছিল। বিজ্ঞাপনত দিয়া মোবাইল নম্বৰটোত যোগাযোগ কৰাত ৰাকেশ কুমাৰ নামৰ এজন যুৱকে তেওঁৰ লগত কথা পাতিছিল। ৰাকেশে যুৱতীগৰাকীক কৈছিল যে পৰীক্ষাত নবহাকৈ তেওঁ মাত্ৰ ৩০,০০০ টকাত যুৱতীগৰাকীক প্ৰমাণ পত্ৰ বনাই দিব।

প্ৰথমে ললে টকা পাছত চলন্ত গাড়ীত যুৱতীৰ লগত জঘন্য কাণ্ড, Video প্ৰস্তুত

প্ৰতীকি ফটো

Published: 

16 Sep 2024 17:30 PM

দেশত প্ৰতি দিনেই বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। একাংশ নিকৃষ্ট মানসিকতাৰ লোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। প্ৰতিদিনেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ জঘন্য কাণ্ড পোহৰলৈ আহে। আৰক্ষী তথা প্ৰশাসনে চেষ্টা কৰিও এনে ধৰণৰ ঘটনাসমূহ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। এনে এক ঘটনাই পোহৰলৈ আহিছে য’ত এগৰাকী যুৱতীৰ লগত চলন্ত গাড়ীতে ধৰ্ষণৰ ঘটনা সংঘটিত হয়। ঘটনাৰ পাছতেই যুৱতীগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।  এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত।

ভুক্তভোগীয়ে আৰক্ষীক জনোৱা অনুসৰি, লক্ষ্ণৌৰ মোহন ৰোড এক্সপ্ৰেছৱেত তেওঁৰ লগত এই জঘন্য কাণ্ড সংঘটিত হয়। এই  ঘটনাটো ১৪ মে’ৰ। অভিযোগ অনুসৰি শৈক্ষিক প্ৰমাণ পত্ৰ দিয়াৰ অজুহাতত দুজন লোকে যুৱতীগৰাকীক লক্ষ্ণৌলৈ মাতি আনে আৰু চলন্ত গাড়ীতে যুৱতীগৰাকীক ধৰ্ষণ কৰে।

ভুক্তভোগী যুৱতীগৰাকীয়ে জনোৱা মতে, তেওঁ ফেচবুকত শৈক্ষিক প্ৰমাণ পত্ৰ বনোৱা এটা বিজ্ঞাপন দেখা পাইছিল। বিজ্ঞাপনত দিয়া মোবাইল নম্বৰটোত যোগাযোগ কৰাত ৰাকেশ কুমাৰ নামৰ এজন যুৱকে তেওঁৰ লগত কথা পাতিছিল। ৰাকেশে যুৱতীগৰাকীক কৈছিল যে পৰীক্ষাত নবহাকৈ তেওঁ মাত্ৰ ৩০,০০০ টকাত যুৱতীগৰাকীক প্ৰমাণ পত্ৰ বনাই দিব। এই ক্ষেত্ৰত শ্ৰীনিবাস নামৰ এজনে তেওঁক সহায় কৰিছিল। যুৱকৰ কথাত ভোল গৈ যুৱতীগৰাকীয়ে অনলাইনৰ জৰিয়তে ১৫,০০০ টকা অভিযুক্তৰ একাউন্টলৈ প্ৰেৰণ কৰিছিল।

তাৰ পাছতেই অভিযুক্তই ভুক্তভোগীক তেওঁৰ নামত বনোৱা এখন শৈক্ষিক প্ৰমাণ পত্ৰ হোৱাটছ এপৰ জৰিয়তে প্ৰেৰণ কৰে  আৰু লগতে কয় যে এই প্ৰমাণ পত্ৰৰ প্ৰকৃত কপিটো লাভ কৰিবলৈ তেওঁ লক্ষ্ণৌলৈ আহিব লাগিব। যুৱতীগৰাকী আগ্ৰাৰ বাসিন্দা আছিল।

অভিযুক্তৰ কথা মতেই যুৱতীগৰাকী লক্ষ্ণৌলৈ গৈছিল। তাতেই তেওঁ ৰাকেশ আৰু শ্ৰী নিবাসক লগ পায়।অভিযুক্তই য়ুৱতীগৰাকীক গাড়ীত উঠাই নিৰ্জন স্থানলৈ লৈ যায় আৰু তাতেই শ্ৰীনিবাসে তেওঁক ধৰ্ষণ কৰে। এই সময়ছোৱাত ৰাকেশ বাহিৰত থিয় হৈ আছিল।  কেৱল এয়াই নহয়, ধৰ্ষণৰ সমগ্ৰ ভিডিঅ’টোও অভিযুক্তই প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত দুই অভিযুক্তই পুনৰ  গাড়ীখন এক্সপ্ৰেছৱেলৈ লৈ যায় আৰু তাতেই যুৱতীগৰাকীক এৰি পলায়ন কৰে। পৰৱৰ্তী সময়ত যুৱতীগৰাকী আগ্ৰালৈ আহে।

ভুক্তভোগী যুৱতীগৰাকীয়ে কয় যে, তেওঁ ঘটনা সন্দৰ্ভত আগ্ৰাত এজাহাৰ দাখিল কৰিব বিচাৰিছিল যদিও গোচৰটো লক্ষ্ণৌৰ অন্তৰ্গত বুলি আৰক্ষীয়ে তেওঁক উভতাই পঠিয়াইছিল। বহু চেষ্টাৰ অন্ততো আগ্ৰাৰ আৰক্ষীয়ে তেওঁক কোনো সহায় নকৰিলে। অৱশেষত আজিৰ পৰা প্ৰায় ২ দিন আগত যুৱতীগৰাকীয়ে লক্ষ্ণৌলৈ আহি এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...