চাঞ্চল্যকৰ ঘটনা! বেৰেকৰ ভিতৰতে জোৱানে ল’লে চৰম সিদ্ধান্ত, অব্যাহত তদন্ত
এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষী বিভাগে এইপৰ্যন্ত এই ঘটনা হত্যা নে আত্মহত্যা নিশ্চিত কৰা নাই। অধিকাংশ সহকৰ্মীয়ে জোৱানজনে আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও আন একাংশই জোৱানজনক হত্যা কৰা বুলিও অভিযোগ তুলিছে।
উত্তৰ প্ৰদেশৰ মথুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শ্ৰী কৃষ্ণৰ জন্মস্থানত নিয়োজিত উত্তৰ প্ৰদেশ নিৰাপত্তা বাহিনীৰ এগৰাকী PAC জোৱানে বেৰেকৰ ভিতৰতে গুলীয়াই আত্মহত্যা কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাই জোকাৰি তুলিছে উত্তৰ প্ৰদেশ আৰক্ষীক। ইফালে এই ঘটনাক লৈ সম্প্ৰতি আন এক বিতৰ্কৰো সৃষ্টি হৈছে। আৰক্ষী বিভাগে এইপৰ্যন্ত এই ঘটনা হত্যা নে আত্মহত্যা নিশ্চিত কৰা নাই। অধিকাংশ সহকৰ্মীয়ে জোৱানজনে আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও আন একাংশই জোৱানজনক হত্যা কৰা বুলিও অভিযোগ তুলিছে।
নিহত জোৱানজনক নয়ডাৰ সুধীৰ মালিক বুলি চিনাক্ত কৰা হৈছে। সুধীৰ মালিক আগ্ৰা ইউনিটৰ সদস্য আছিল। মথুৰা শ্ৰী কৃষ্ণৰ জন্মস্থান আৰু শ্বাহী-ইদগাহ মছজিদৰ নিৰাপত্তাৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীৰ দলটোত নিয়োগ কৰা হৈছিল সুধীৰক। জানিব পৰা মতে, যোৱা নিশা ১ৰ পৰা ২ বজাৰ ভিতৰত সুধীৰ সহকৰ্মী কেইজনমানৰ সৈতে নিজৰ শিবিৰলৈ ওলাই আহিছিল।
তেনে সময়তে সুধীৰে সহকৰ্মীসকলৰ আগত তেওঁ নিজৰ বেৰেকৰ পৰা কিছু সামগ্ৰী ল’ব লাগে বুলি উল্লেখ কৰি বেৰেকলৈ সোমাই যায়। সুধীৰ নিজৰ বেৰেকত সোমোৱাৰ কিছু সময়ৰ পাছত ভিতৰৰ পৰা এটা বৃ্হৎ শব্দ ওলায়। এই শব্দ শুনি তেওঁৰ সতীৰ্থ সৈনিকসকল লগে লগে বেৰেকৰ ভিতৰলৈ যায়।
বেৰেকৰ ভিতৰত তেজেৰে তুমুৰলি অৱস্থাত পৰি থকা সুধীৰক দেখা পাই হচকিত হৈ পৰে সতীৰ্থ জোৱানসকল। তেনে অৱস্থাত সুধীৰক প্ৰত্যক্ষ কৰি সকলো আতংকি হৈ পৰে আৰু ঘটনাস্থলীত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে এই খবৰ লাভ কৰাৰ পিছতে শিবিৰৰ কমাণ্ডাৰ অমৰ সিং একাংশ জোৱানৰ সৈতে সেই স্থানত উপস্থিত হয়।
তেওঁলোকে তাৎক্ষণিকভাৱে সুধীৰক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে সুধীৰক মৃত ঘোষণা কৰে। হয়। ইফালে এই সন্দৰ্ভত সুধীৰৰ পৰিয়ালকো খবৰ দিয়া হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সুধীৰৰ মৃত্যুৰ খবৰে শকস্তব্ধ কৰি তুলিছে তেওঁৰ পৰিয়ালক। আনহাতে আৰক্ষীয়ে এই সন্দৰ্ভত শিবিৰৰ আন জোৱানসকলক জেৰা কৰিছে।
সুধীৰে আত্মহত্যা কৰিছে নে তেওঁক হত্যা কৰা হৈছে, এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনা হত্যা নে আত্মহত্যা, সেয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই।