শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দোকানলৈ গাখীৰ আনিব গৈছিল ৭বছৰীয়া শিশু, তেতিয়াই ছফিউল্লাহে সংঘটিত কৰিলে ভংয়কৰ কাণ্ড

ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।  তথ্য লাভ কৰাৰ লগে লগে সদৰৰ বিধায়ক শালভ মণি ত্ৰিপাঠীয়েও সেই স্থানত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। তেওঁ এই কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

দোকানলৈ গাখীৰ আনিব গৈছিল ৭বছৰীয়া শিশু, তেতিয়াই ছফিউল্লাহে সংঘটিত কৰিলে ভংয়কৰ কাণ্ড
অভিযুক্ত
barasha-sarma
Barasha Sarma | Published: 26 Aug 2024 18:53 PM

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনেই ন ন ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। একাংশ পাষাণলোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। শিশুৰ লগত সংঘটিত হোৱা আন এক ঘটনা পুনৰ পোহৰলৈ আহিছে। জানিব পৰা মতে দোকানলৈ গাখীৰ কিনিবলৈ যোৱা ৭ বছৰীয়া এটি শিশুৰ লগত জঘন্য কাণ্ড সংঘটিত কৰে ছফিউল্লাহ নামৰ দোকানীজনে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ দেৱৰিয়াত। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

ঘটনাৰ বিৱৰণী অনুসৰি শিশুটিয়ে যুৱকজনৰ দোকানক গাখীৰৰ পেকেট আনিবলৈ গৈছিল। তেতিয়াই দোকানী যুৱকজনে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰে।  ইয়াৰ পাছতে কান্দি কান্দি শিশুটিয়ে ঘটনা সন্দৰ্ভত ওচৰৰ মানুহৰ খুলি কয়। ওচৰ চুবুৰীয়াই ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে যুৱকজনক যথেষ্ঠ মাৰপিট কৰে।

এই তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক দীপেন্দ্ৰ চৌধুৰী, চি অ’ সহ আৰক্ষীৰ দল। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।  তথ্য লাভ কৰাৰ লগে লগে সদৰৰ বিধায়ক শালভ মণি ত্ৰিপাঠীয়েও সেই স্থানত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। তেওঁ এই কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

শিশুটিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। ইয়াৰ মাজতে নিশা অভিযুক্ত যুৱকজনে স্বাস্থ্য বেয়া বুলি কৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত বহু বিচাৰ খোচৰ কৰি আৰক্ষীয়ে যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে,  সেই সময়ত ছফিউল্লাহৰ হাতত এটা পিষ্টল আছিল। আৰক্ষীক দেখাৰ লগে লগে যুৱকজনে আৰক্ষীৰ ওপৰত গুলী চালনা কৰি পলায়ন কৰাৰ চেষ্টা কৰে। তেতিয়াই আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চলাই যাৰ ফলত যুৱকজন আঘাতপ্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ছফিউল্লাহে  দেওবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰিব বিচাৰত তেওঁ গুলী চলাইছিল। যাৰ বাবে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলাই আৰু আঘাতপ্ৰাপ্ত হয় ছফিউল্লাহ। বৰ্তমান জেলতে আছে অভিযুক্ত। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।