ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, থিতাতে মৃত্যু ৪ জনৰ

তেওঁলোকে গাড়ী লৈ ফুৰিবলৈ অহাৰ সময়তে দুৰ্ঘটনাতপতিত হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে ট্ৰাক চালকজনে উক্ত স্থানৰ পৰা পলায়ন কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি তদন্ত অব্য়াহত ৰাখিছে।

ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, থিতাতে মৃত্যু ৪ জনৰ

পথ দুৰ্ঘটনা

Published: 

12 Sep 2024 14:39 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হ’ল ৪ জনলোকৰ লগতে আহত হয় কেইবাজনো। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে ৰাজ্যখনৰ মুজাফ্ফৰনগৰ জিলাৰ নিউ মণ্ডি কোতৱালি অঞ্চলত অৱস্থিত দিল্লী-ডেৰাডুন ৰাষ্ট্ৰীয় ঘাইপথ ৫৮ ত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে এখন চাৰিচকীয়া বাহনে। সেই সময়ত চাৰিচকীয়া বাহনখন তীব্ৰবেগত  আছিল।  অনিয়ন্ত্ৰিতভাৱে আহি এৰ্টিগা বাহনখনে খুন্দা মাৰে ট্ৰাকখনত যাৰ ফলত ৪ জনৰ মৃত্যু হোৱাৰ লগতে ২ জন আহত হয়।

দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু আহতসকলক  চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে মৃত লোকসকলৰ চিনাক্ত কৰি পৰিয়ালক খবৰ দিয়ে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এই দুৰ্ঘটনাত চাৰিওজনৰ থিতাতে মৃত্যু হৈছে। মৃত্যু হোৱা লোক কেইজন- যুগল, ভোলা, গ্ৰীণ আৰু ৰাহুল বুলি চিনাক্ত কৰা হৈছে। এই মৰ্মান্তিক দুৰ্ঘটনাত ২ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকল মংগেৰাম আৰু বাবলু বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। গুৰুতৰভাৱে আহত কেইজন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বৃহস্পতিবাৰে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি এই লোককেইজন আলিগড়ৰ বাসিন্দা। তেওঁলোকে গাড়ী লৈ ফুৰিবলৈ অহাৰ সময়তে দুৰ্ঘটনাতপতিত হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে ট্ৰাক চালকজনে উক্ত স্থানৰ পৰা পলায়ন কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি তদন্ত অব্য়াহত ৰাখিছে।

ঘটনা সন্দৰ্ভত তথ্য দি চি অ’ নিউ মণ্ডি ৰূপালী ৰাৱে কয় যে পাচেণ্ডা কালা বাইপাছত এখন ট্ৰাক আৰু এৰ্টিগা বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।  তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হয়। এৰ্টিগা বাহনখনে ৰখাই থোৱা ট্ৰাকখনত খুন্দা মাৰিছিল। সেই সময়ত এৰ্টিগা বাহনখনত ৬ জনলোক আছিল। ইয়াৰে ৪ জনৰ মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত গৈছে। আনহাতে ট্ৰাকৰ চালকজন বৰ্তমান পলাতক অৱস্থাত আছে। ট্ৰাকৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ ২ টাকৈ দল গঠন কৰা হৈছে আৰু তেওঁক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হব। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?