প্ৰথমে মুস্কানে কৰিব আঘাত আৰু পাছত…স্বামীৰ ১৫ টুকুৰা কৰা কাণ্ডৰ আঁৰত ভয়ংকৰ তথ্য…
এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। মুস্কান নামৰ এগৰাকী মহিলাই নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে স্বামীক।শেহতীয়াকৈ এই ঘটনাৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে।

উত্তৰ প্ৰদেশ কাণ্ড
উত্তৰ প্ৰদেশৰ মেৰুটৰ সৌৰভ হত্যাকাণ্ডৰ সন্দৰ্ভত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। সৌৰভৰ পত্নী তথা অভিযুক্ত মুস্কান ৰস্তোগী আৰু তেওঁৰ প্ৰেমিক ছাহিল শুক্লালৰ ফোনৰ পৰা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে জনাই যে এই সমগ্ৰ কাণ্ডৰ পৰিকল্পনা কৰিছিল মুস্কানে । অভিযুক্ত মুস্কানে জানিছিল যে ছাহিলে তেওঁৰ কথাত মান্তি নহয়। সেয়ে মুস্কানে ছাহিলৰ মৃত মাতৃৰ নামেৰে স্নেপশ্যেট একাউন্ট তৈয়াৰ কৰি এই কাণ্ডত লগ দিবৰ বাবে ছাহিলক মান্তি কৰাইছিল। মুস্কানে সেই কথা-বতৰাত ছাহিলৰ মাতৃৰ দৰে কথা পাতিছিল।
আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে যে, ২০১৯ চনৰ পূৰ্বে ছাহিল আৰু মুস্কান একেলগে পঢ়িছিল। কিন্তু সেই সময়ত ছাহিলে মুস্কানক বিশেষ গুৰুত্ব দিয়া নাছিল। এদিন মুস্কানে ছাহিলৰ মৃত মাতৃৰ নামেৰে মেছেজ কৰি লিখিছিল যে মুস্কান বহুত ভাল ছোৱালী, তাইক দুখ নিদিবা। তাৰ পাছত ছাহিল মুস্কানৰ কাষ চাপিছিল। কিন্তু পাছত যেতিয়াই মুস্কানৰ পৰা আঁতৰি যাব বিচাৰে তেতিয়াই মুস্কানে মৃত মাতৃৰ নামেৰে মেছেজ কৰে। ছাহিলে নিজ মাতৃক খুব মৰম কৰিছিল, যাৰ বাবে তেওঁ মুস্কানৰ জালত সহজে পৰিছিল।
মুস্কানৰ পৰিকল্পনা
দুয়োৰে মেছেজ চাই আৰক্ষীয়ে জানিব পাৰিছে যে এই সমগ্ৰ কাণ্ডৰ পৰিকল্পনা মুস্কানে নিজেই কৰিছিল। ইয়াৰ পাছত ছাহিলক মেছেজত তেওঁ কি কৰিব লাগিব সেই বিষয়ে কৈছিল। মৃত মাতৃৰ ভাও ধৰি মুস্কানে ছাহিলক কৈছিল যে মুস্কানে প্ৰথমে সৌৰভ ৰাজপুতক আঘাত কৰিব। ইয়াৰ পাছত বাকী কাম ছাহিলে কৰিব। ঘটনাৰ সময়তো ঠিক তেনেকুৱাই হৈছিল। সৌৰভ অচেতন হৈ পৰাৰ পাছত মুস্কানে দাৰে তিনিবাৰকৈ বুকুত আঘাত কৰিছিল আৰু পাছত ডিঙি কাটি পেলাইছিল। ইয়াৰ পাছত ছাহিলে সৌৰভক ১৫ টুকুৰা কৰিছিল।
সৌৰভে কি জানিছিল
আৰক্ষীৰ সূত্ৰ অনুসৰি সৌৰভ ৰাজপুতে পত্নী মুস্কানৰ বিশ্বাসঘাটকতাৰ কথা জানিছিল। প্ৰায় ২ বছৰ আগতে সৌৰভে মুস্কানক লণ্ডনলৈ নিব বিচাৰিছিল। কিন্তু মুস্কান যাব বিচৰা নাছিল। এইবাৰ ঘৰলৈ অহাৰ সময়ত সৌৰভে কন্যাক তেওঁৰ সৈতে লণ্ডনলৈ নিব বিচাৰিছিল। ইতিমধ্যে কন্যাৰ পাছপোৰ্টো বনাইছিল সৌৰভে। কিন্তু তাৰ পূৰ্বে পত্নী মুস্কানে এই হত্যাকাণ্ড সংঘটিত কৰে।
ঘটনাটো কি?
উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত সংঘটিত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল। এটা ড্ৰামৰ ভিতৰত উদ্ধাৰ হৈছিল সৌৰভ ৰাজপুত নামৰ এজন লোকৰ মৃতদেহ। পোহৰলৈ অহা তথ্য অনুসৰি, সৌৰভৰ পত্নী মুস্কানে প্ৰেমিক ছাহিলৰ সৈতে মিলি সৌৰভক নৃশংসভাৱে হত্যা কৰিছিল আৰু পাছত ১৫ টুকুৰা কৰি ড্ৰামত ভৰাই থৈছিল। এই কথা যাতে পোহৰলৈ নাহে তাৰ বাবে দুয়ো ড্ৰামটোত চিমেন্টৰ প্ৰলেপ সানি দিছিল। ৩ মাৰ্চৰ গভীৰ নিশা এই হত্যাকাণ্ড সংঘটিত হৈছিল যদিও বহু পলমকৈ এই নৃশংসতাৰ কথা পোহৰলৈ আহিছিল। জানিব পৰা মতে সৌৰভ এজন মাৰ্চেন্ট নেভি অফিচাৰ আছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ ফ্ৰীজ নহয়, এইবাৰ চিমেন্ট! প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড