প্ৰেমৰো যে কি মায়া! এইবাৰ প্ৰেমত আতুৰ হৈ বিয়ৈৰ সৈতে পলাল বিয়নী
শেহতীয়াকৈ এগৰাকী মহিলা নিজ জীয়েকৰ শহুৰেক অৰ্থাৎ বিয়ৈৰ প্ৰেমত পৰিল। দুয়োৰে মাজত প্ৰেমৰ তীব্ৰতা ইমানেই বৃদ্ধি পালে যে, দুয়ো একেলগে থকাৰ পণ ল’লে আৰু পৰিয়ালৰ লোক যাতে তেওঁলোকৰ প্ৰেমত বাধা হৈ নপৰে, তাৰ বাবে দুয়ো ঘৰৰ পৰা পলাই গ’ল।

প্ৰতিনিধিত্বমূলক ছবি
প্ৰেমৰ বাবে কি নহয়, কি নকৰে প্ৰেমে! কেতিয়াবা যদি ই সৃষ্টিৰ উৎস, আন কেতিয়াবা আকৌ ধ্বংসৰো পাতনি মেলিব পাৰে। মুঠৰ ওপৰত বেজবৰুৱাই কোৱাৰ দৰেই ‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’। বিগত কিছুদিনত প্ৰেম সংক্ৰান্তীয় নানা ‘মুখৰোচক’ খবৰ পোহৰলৈ আহিছে। আনহে নালাগে, শেহতীয়াকৈ উত্তৰ প্ৰদেশত এগৰাকী মহিলাই ভাৱী জোঁৱাইৰ সৈতেই পলাই যোৱাৰ বাতৰিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এইবাৰ ৰাজ্যখনৰে বদৌন জিলাৰ পৰা পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ গোচৰ।
বদৌনত শেহতীয়াকৈ এগৰাকী মহিলা নিজ জীয়েকৰ শহুৰেক অৰ্থাৎ বিয়ৈৰ প্ৰেমত পৰিল। দুয়োৰে মাজত প্ৰেমৰ তীব্ৰতা ইমানেই বৃদ্ধি পালে যে, দুয়ো একেলগে থকাৰ পণ ল’লে আৰু পৰিয়ালৰ লোক যাতে তেওঁলোকৰ প্ৰেমত বাধা হৈ নপৰে, তাৰ বাবে দুয়ো ঘৰৰ পৰা পলাই গ’ল। নিজ কন্যাৰ বিবাহৰ মাত্ৰ তিনি বছৰৰ পাছত মহিলাগৰাকীয়ে কন্যাৰ শহুৰেকৰ সৈতে পলায়ন কৰি একেলগে থাকিবলৈ সিদ্ধান্ত লয়।
জানিব পৰা মতে, মহিলাগৰাকীৰ চাৰিটা সন্তান আছে। এই চাৰি সন্তানৰে এগৰাকী কন্যা সন্তান ২০২২ চনত বিবাহপাশত আবদ্ধ হয়। মহিলাগৰাকীৰ স্বামী এগৰাকী ট্ৰাক চালক। পত্নীৰ পলায়নৰ পিছতে হতভম্ব হৈ পৰা ট্ৰাক চালক পতিয়ে ক্ষোভ উজাৰি কয় যে পত্নীলৈ তেওঁ সময়মতে টকা পঠিয়াইছিল। কিন্তু তেওঁৰ অজ্ঞাতে মহিলাগৰাকীয়ে তেওঁলোকৰ সন্তানৰ শহুৰেকক মাতি আনি আনন্দ কৰিছিল বুলি মন্তব্য কৰিছে চালক পতিয়ে।
ইফালে মহিলাগৰাকীয়ে ঘৰত ৰখা সকলো গহনা আৰু নগদ ধন লৈ পলাই যোৱা বুলিও তেওঁ লগতে উল্লেখ কৰিছে। আনহাতে মহিলাগৰাকীৰ পুত্ৰই জানিবলৈ দিয়া মতে পিতৃ ঘৰত নথকা অৱস্থাত মহিলাগৰাকীয়ে প্ৰেমিক বিয়ৈক ঘৰলৈ মাতি আনিছিল আৰু দুয়ো সেই নিশা একেলগে থাকিছিল। পিছদিনা দুয়ো এখন টেম্পোত উঠি যোৱা বুলিও মহিলাগৰাকীৰ পুত্ৰই লগতে কয়।
ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ওচৰ-চুবুৰীয়াইও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁলোকে উল্লেখ কৰা মতে মহিলাগৰাকীৰ স্বামীয়ে ট্ৰাক চালকৰ কাম কৰে আৰু মাহত এবাৰ বা দুবাৰ ঘৰলৈ আহিছিল। ইয়াৰ সুযোগ লৈ মহিলাগৰাকীয়ে প্ৰায়ে বিয়ৈয়েকক নিজৰ ঘৰলৈ মাতিছিল। সম্পৰ্কীয় হোৱাৰ বাবে স্থানীয় লোকসকলেও কোনো সন্দেহ বা আপত্তি প্ৰকাশ কৰা নাছিল। কিন্তু তেওঁ প্ৰায়ে মাজনিশা ঘৰলৈ আহি পুৱাই ওলাই গৈছিল বুলিও স্থানীয় লোকসকলে কয়।
উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে আলিগড় জিলাত এগৰাকী মহিলাই হ’বলগীয়া জোঁৱাইৰ সৈতেই পলায়ন কৰিছিল। ঘটনাই ব্যাপক চৰ্চা লাভ কৰাৰ পিছত আৰক্ষীয়ে দুয়োৰে সন্ধানত অভিযান চলাই থকাৰ সময়তে দুয়োজনে থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। পৰিয়ালৰ লোকে থানাত মহিলাগৰাকীক পতিয়ন নিয়াবলৈ বহু চেষ্টা কৰিছিল যদিও তেওঁ মান্তি নহ’ল আৰু জোঁৱাইৰ সৈতেই সংসাৰ তৰিব বুলি নিশ্চিত কৰে।