নতুন ৰূপত আহি আছে বন্দে ভাৰত এক্সপ্ৰেছ, শুই শুই ভ্ৰমণ কৰিব পাৰিব আপুনি

বন্দে ভাৰতৰ স্লীপাৰ ট্ৰেইন নিৰ্মাণৰ কাম আৰম্ভ হৈছে । অহা বছৰ অৰ্থাৎ ২০২৬ চনত প্ৰথমখন ৰেল নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা । ভাৰতীয় ৰেলৱেই ৮০খন বন্দে ভাৰত স্লীপাৰ ট্ৰেইনৰ ডিজাইন আৰু নিৰ্মাণৰ দায়িত্ব তিতাগড় ৰেল চিষ্টেম আৰু ভেলক অৰ্পণ কৰিছে ।

নতুন ৰূপত আহি আছে বন্দে ভাৰত এক্সপ্ৰেছ, শুই শুই ভ্ৰমণ কৰিব পাৰিব আপুনি

বন্দে ভাৰত এক্সপ্ৰেছ

Published: 

29 Apr 2025 15:51 PM

বন্দে ভাৰত এক্সপ্ৰেছৰ জনপ্ৰিয়তাৰ কথা দুনাই কোৱাৰ প্ৰয়োজন নাই । দেশজুৰি একাধিক ৰেলপথত অহৰহ চলি আছে বন্দে ভাৰত । এতিয়া দেশবাসীয়ে অপেক্ষা কৰি আছে বন্দে ভাৰতৰ স্লীপাৰ ট্ৰেইনৰ বাবে । আৰামত দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰা কৰাৰ ক্ষেত্ৰত ৰে’ল যাত্ৰীসকলৰ বাবে অন্যতম পছন্দৰ ৰে’ল হিচাপে পৰিগণিত হ’ব বন্দে ভাৰত স্লীপাৰ ট্ৰেইন । সেই ৰেলখন নিৰ্মাণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ।

পশ্চিম বংগৰ তিতাগড় ৰেল চিষ্টেমছ লিমিটেড (টি আৰ এছ এল) আৰু ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেডে বন্দে ভাৰত স্লীপাৰ ৰেল নিৰ্মাণৰ বাবে একান্তভাৱে বিশেষ উৎপাদন লাইন স্থাপন কৰিছে । শেহতীয়াকৈ হুগলীৰ উত্তৰপাৰাত এই প্ৰডাকচন লাইনটো উদ্বোধন কৰা হয় ।

দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছ

ভাৰতীয় ৰেলৱেই ৮০খন বন্দে ভাৰত স্লীপাৰ ট্ৰেইনৰ ডিজাইন আৰু নিৰ্মাণৰ দায়িত্ব তিতাগড় ৰেল চিষ্টেম আৰু ভেলক অৰ্পণ কৰিছে । তাৰ পিছত এই প্ৰডাকচন লাইনটো স্থাপন কৰা হয় ।

ইতিমধ্যে উত্তৰপাৰাত বন্দে ভাৰতৰ স্লীপাৰ ট্ৰেইন নিৰ্মাণৰ কাম আৰম্ভ হৈছে । অহা বছৰ অৰ্থাৎ ২০২৬ চনত প্ৰথমখন ৰেল নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা । বহুতে নাজানে যে দেশৰ এইটোৱেই একমাত্ৰ কাৰখানা য’ত এলুমিনিয়াম আৰু ষ্টেইনলেছ ষ্টীলৰ ডবা নিৰ্মাণ কৰা হয় ।

বন্দে ভাৰত এক্সপ্ৰেছ

ৰে’লৱেৰ সূত্ৰ অনুসৰি বন্দে ভাৰত স্লীপাৰ ট্ৰেইনত সকলো আধুনিক সা-সুবিধা থাকিব । নিৰাপত্তাৰ পৰা আৰম্ভ কৰি আৰামলৈকে সকলোতে গুৰুত্ব দিয়া হৈছে ।

তিতাগড় ৰেল ব্যৱস্থাৰ উপাধ্যক্ষ উমেশ চৌধুৰীয়ে কয় যে এই বন্দে ভাৰত স্লীপাৰ ট্ৰেইন আত্মনিৰ্ভৰ ভাৰতৰ এক ডাঙৰ উদাহৰণ হ’বলৈ গৈ আছে । তেওঁ কয় যে তিতাগড় ৰে’ল ব্যৱস্থাত বৰ্তমান বছৰত ৩০০টা ডবা উৎপাদন কৰাৰ ক্ষমতা আছে । এই সংখ্যা ৮৫০ লৈ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ কয় ।

নিজৰ নামক লৈ কিয় বিতুষ্ট হৈছিল ইৰফান খান! মাত্ৰ এটা শব্দ আঁতৰায়েই হৈ পৰিল দৰ্শকৰ নয়নৰ মণি
হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক