শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

India First Vegetarian Train : এতিৰা পৰা ৰে’লত খাব আৰু নিব নোৱাৰিব আমিষ খাদ্য…

ৰে'ল যাত্ৰা বা বিমান যাত্ৰাৰ সময়ত আপুনি কোন বিধ খাদ্য অৰ্ডাৰ কৰে ? আপুনি যি খাদ্যই অৰ্ডাৰ নকৰক কিয় ভাৰতীয় ৰে'লৱেয়ে খাদ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ ব্য়ৱস্থা ।

India First Vegetarian Train : এতিৰা পৰা ৰে’লত খাব আৰু নিব নোৱাৰিব আমিষ খাদ্য…
ৰে'লৱে
manas-borah
Manas Borah | Published: 02 Feb 2025 18:31 PM

আপুনি নিৰামিষ খাদ্য় ভাল পায় নে আমিষ খাদ্য ভাল পায় ? তুলনামূলকভাৱে আমাৰ সমাজৰ এটা অংশই নিৰামিষ খাদ্য অধিক পছন্দ কৰে, এটা অংশই আমিষ আৰু এটা অংশই আমিষ-নিৰামিষ দুয়ো বিধ খাদ্য়কে পছন্দ কৰে । কিন্তু ৰে’ল যাত্ৰা বা বিমান যাত্ৰাৰ সময়ত আপুনি কোন বিধ খাদ্য অৰ্ডাৰ কৰে ? আপুনি যি খাদ্যই অৰ্ডাৰ নকৰক কিয় ভাৰতীয় ৰে’লৱেয়ে খাদ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ ব্য়ৱস্থা ।

এতিয়াৰ পৰা ৰে’ল যাত্ৰাৰ সময়ত খাব নোৱাৰিব আমিষ খাদ্য । অৰ্থাৎ ৰে’লৰ খাদ্যৰ লগত নাপাব মাছ-মাংস বা কণী । শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল কৰ্তৃপক্ষই। আচৰিত যেন লাগিলেও এতিয়াৰ পৰা এখন বিশেষ ৰে’লত নাপাব আমিষ খাদ্য । অৰ্থাৎ আপুনি খাব বিচাৰিলেও নাপাব মাছ-মাংস, কণী ।

দিল্লীৰ পৰা কাশ্মীৰৰ কাটৰা ষ্টেচনলৈ চলিব এই বিশেষ বন্দে ভাৰত ৰে’লখন । য’ত পৰিবেশন কৰা হ’ব কেৱল নিৰামিষ খাদ্য । যাত্ৰীক নিৰামিষ খাদ্য পৰিবেশন কৰা এইখনেই হ’ব দেশৰ প্ৰথমখন ৰে’ল । কেৱল এয়াই নহয়, কোনা যাত্ৰীয়ে যাত্ৰাৰ সময়ত নিব নোৱাৰিব আমিষ খাদ্য ।

দিল্লী-কাটৰা বন্দে ভাৰতে লাভ কৰিছে সাত্বিক ৰে’লৰ প্রমাণ-পত্র ৷ এয়া প্ৰদান কৰিছে IRCTC আৰু ভাৰতীয় সাত্ত্বিক পৰিষদে।