শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ললিত মোদীৰ ভিছা বাতিলৰ নিৰ্দেশ এইখন দেশৰ প্ৰধানমন্ত্ৰীৰ

ললিতৰ সপোন থানবান হৈ পৰিছে । ভাৰতীয় পাছপ’ৰ্টখনেই আছিল তেওঁৰ শেষ সম্পত্তি । জানিব পৰা মতে, আৰ্থিক জালিয়াতিৰ গোচৰত জড়িত ললিত মোদীক ভানুআটু প্ৰশাসনে নাগৰিকত্ব প্ৰদান কৰিব নিবিচাৰে ।

ললিত মোদীৰ ভিছা বাতিলৰ নিৰ্দেশ এইখন দেশৰ প্ৰধানমন্ত্ৰীৰ
ললিত মোদী (ফাইল ফটো)Image Credit source: Getty Images
raj-saikia
Raj Saikia | Updated On: 10 Mar 2025 19:18 PM

কাহিলীপুৱাতে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় আই পি এলৰ বিত্তীয় অনিয়মৰ গোচৰত জড়িত ললিত মোদী । ২০১০ চনৰ পৰাই দেশৰ বাহিৰত, লণ্ডনত আছিল তেওঁ । দুদিনমান আগতে ললিত মোদীয়ে পুনৰ লণ্ডনত থকা ভাৰতীয় দূতাবাসলৈ গৈ অনুৰোধ কৰিছিল পাছপ’ৰ্ট ঘূৰাই দিবলৈ । জানিব পৰা মতে ললিত মোদীয়ে দ্বীপ ৰাষ্ট্ৰ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে ।

কিন্তু এতিয়া ললিতৰ সপোন থানবান হৈ পৰিল । ভাৰতীয় পাছপ’ৰ্টখনেই আছিল তেওঁৰ শেষ সম্পত্তি । জানিব পৰা মতে, আৰ্থিক জালিয়াতিৰ গোচৰত জড়িত ললিত মোদীক ভানুআটু প্ৰশাসনে নাগৰিকত্ব প্ৰদান কৰিব নিবিচাৰে । সোমবাৰে দ্বীপ ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী জোথাম নাপাটে নিজেই নাগৰিকত্ব আয়োগক ললিত মোদীক প্ৰদান কৰা নাগৰিকত্ব বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

আজি প্ৰধানমন্ত্ৰী জোথামে কয়, “মই নিজেই নাগৰিকত্ব আয়োগক নিৰ্দেশ দিছো যে ললিত মোদীৰ ভানুআটু পাছপ’ৰ্ট বাতিল কৰিব লাগে । তেওঁ কোনো অপৰাধমূলক কামত জড়িত থকাৰ কোনো প্ৰমাণ আমি পোৱা নাই । কিন্তু শেহতীয়াকৈ ইণ্টাৰপ’লৰ সতৰ্কবাণীৰ বাবে প্ৰশাসনে তেওঁক দিয়া পাছপ’ৰ্ট ঘূৰাই লোৱাৰ সিদ্ধান্ত লৈছে ।”

ইয়াৰ পিছত ললিত মোদীক পলায়নৰ অভিযোগ উত্থাপন কৰি সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে কয়,”উচিত কাৰণ অবিহনে ভানুআটুৰ নাগৰিকত্ব লাভ কৰাটো সম্ভৱ নহয় । যদি কোনোবাই বিতাড়নৰ পৰা হাত সাৰিবলৈ ভানুআটুত আশ্ৰয় লয় তেন্তে আমাৰ দেশে তেওঁলোকক কোনো ধৰণে সমৰ্থন নকৰে । সম্প্রতি প্রকাশিত একাংশ তথ্য অনুসৰি ললিত মোদীয়ে সেই প্রত্যার্পণৰ পৰা হাত সাৰিবলৈ আমাৰ ওচৰত আশ্রয় বিচাৰিছিল ৷”

আই পি এলৰ বিত্তীয় অনিয়মৰ গোচৰৰ মূল অভিযুক্ত ললিত মোদী ২০১০ চনৰ পৰা দেশৰ বাহিৰত আছে । শেহতীয়াকৈ ভাৰতে আমেৰিকাৰ পৰা মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাক প্ৰত্যাৰ্পণ কৰাৰ সকলো প্ৰস্তুতি চলাইছিল । সেই পৰিৱেশত ললিত মোদীয়ে বিতাড়নৰ “এৰাই চলিবলৈ” আন এখন দেশত আশ্ৰয় বিচাৰিছিল বুলি জ্ঞাত সূত্ৰই প্ৰকাশ কৰিছে । তেওঁক আগতীয়াকৈ সকীয়াই দিয়া হৈছিল, যাতে তেওঁ পুনৰ ভাৰতলৈ উভতি আহিব লগা হয় । লগতে ভাৰতীয় পাছপ’ৰ্ট ঘূৰাই দিয়াৰ বাবেও আৱেদন কৰে । কিন্তু সকলো চেষ্টা কৰিও ললিত মোদী সফল নহ’ল । আবেদনৰ দুদিন পিছতেই তেওঁ মুখথেকেচা খালে ।