বিজয় দিৱস: ১৯৭১ চনৰ সেই দিন, যাক লৈ গৌৰৱান্বিত প্ৰতিগৰাকী ভাৰতীয়…

আজি সমগ্ৰ দেশত পালন কৰা হৈছে বিজয় দিৱস। এই দিনটোতেই ১৯৭১ চনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কৰা যুদ্ধত জয়লাভ কৰিছিল। এই যুদ্ধৰ পৰিণতিতেই গঠন হৈছিল স্বাধীন বাংলাদেশ। এক কথাত ক'বলৈ হ'লে বাংলাদেশ গঠনত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

বিজয় দিৱস: ১৯৭১ চনৰ সেই দিন, যাক লৈ গৌৰৱান্বিত প্ৰতিগৰাকী ভাৰতীয়...

ভাৰত-পাকিস্তান যুদ্ধ

Published: 

16 Dec 2024 13:07 PM

আজি সমগ্ৰ দেশে পালন কৰিছে বিজয় দিৱস ২০২৪। প্ৰতিবছৰে ১৬ ডিচেম্বৰৰ দিনটো ভাৰতত বিজয় দিৱস (Vijay diwas) হিচাপে পালন কৰা হয়। কিয়নো আজিৰ দিনটোতেই ১৯৭১ চনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক যুদ্ধত জয়লাভ কৰিছিল। এই জয়ৰ আধাৰতেই বাংলাদেশ গঠন হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে,  চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ গঠনত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। কেইবাদিন ধৰি চলা এই যুদ্ধত ভাৰতীয় সশস্ত্ৰ বলৰ বহু জোৱানৰ লগতে বাংলাদেশী মুক্তি বাহিনীৰ বহু জোৱান শ্বহীদ হৈছিল। আজিৰ এই দিনটো ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ইতিহাস

দেশ বিভাজনৰ পাছত পাকিস্তানৰ পূৱ অংশ (বৰ্তমান বাংলাদেশ)ত সংস্কৃতি, ৰাজনীতি আদিৰ ভেদাভেদৰ বাবে অৰাজকতাৰ সৃষ্টি হৈছিল। পাকিস্তানৰ পূৱ প্ৰান্তত বৃদ্ধি পাইছিল হত্যা, ধৰ্ষণ আদিৰ দৰে ঘটনা। এই সময়চোৱাত পূৱ পাকিস্তানৰ বহু প্ৰাণ হেৰুৱাইছিল, বহু আহত হৈছিল আৰু বহু মহিলা-যুৱতী ধৰ্ষণৰ বলি হৈছিল। ইয়াৰ মাজতে ১৯৭১ চনৰ ২৬ মাৰ্চত প্ৰথমবাৰৰ বাবে পূৱ পাকিস্তানৰ লোকে স্বাধীনতাৰ দাবী কৰে। পূৱ পাকিস্তানৰ জনতাৰ দাবী ভাৰতেও সমৰ্থন কৰিছিল আৰু এই দাবী পৰৱৰ্তী সময়ত যুদ্ধলৈ ৰূপান্তৰিত হৈছিল।

১৯৭১ চনৰ ৩ ডিচেম্বৰত আৰম্ভ হয় ভাৰত- পাকিস্তানৰ যুদ্ধ। ১৩ দিন ধৰি চলা যুদ্ধৰ অন্তত ১৬ ডিচেম্বৰ, ১৯৭১ চনত পাকিস্তানী সেনাই ভাৰতীয় সেনা আৰু বাংলাদেশ মুক্তি বাহিনীৰ ওচৰত ঢাকাত আত্মসমৰ্পন কৰে। এই যুদ্ধত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈনিকে আত্মসমৰ্পন কৰিছিল আৰু ভাৰতে জয়লাভ কৰিছিল। ইতিহাসৰ যুদ্ধৰ অন্যতম যুদ্ধ আছিল ১৯৭১ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ।

১৬ ডিচেম্বৰৰ সন্ধিয়া জেনেৰেল নিয়াজীয়ে আত্মসমৰ্পণৰ কাগজত স্বাক্ষৰ কৰিছিল।  এই বিজয় উদযাপন কৰিবলৈ ১৯৭১ চনত ৮ ভাৰতীয় সেনা ঢাকাত উপস্থিত হোৱাৰ লগতে বাংলাদেশ মুক্তি বাহিনীৰ ৮ সেনাই কলকাতাত উপস্থিত হৈছিল। ইয়াৰ পাছতেই ১৯৭১ চনৰ ২৬ মাৰ্চত গঠন হৈছিল বাংলাদেশ।

কিয় পালন কৰা হয়

এই যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। যুদ্ধৰ সময়ত ভাৰতে বাংলাদেশক সহায় কৰাৰ লগতে বহু শৰণাৰ্থীক আশ্ৰয় প্ৰদান কৰিছিল। সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৬ ডিচেম্বৰ ভাৰতীয় সেনাৰ শক্তি আৰু কূটনৈতিক নেতৃত্বৰ প্ৰতীক। ভাৰত- পাকিস্তানৰ যুদ্ধৰ সময়ত শ্বহীদ হোৱা বীৰ সেনা আৰু নাগৰিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

এই দিৱসৰ লগত সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আদি বিভিন্নজনে বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

 

শোৱনি কোঠাত কেতিয়াও নাৰাখিব এই সমূহ বস্তু, অন্যথা আপোনাৰ জীৱনলৈ কঢ়িয়াব অশুভ সময়
জীৱনৰ অন্তিমখন কনচাৰ্ট ক’ত কৰিছিল তবলা সম্ৰাট জাকিৰ হুছেইনে? জানিবলৈ চাওক
আপোনাৰ সংগীৰ আছে নেকি এইসমূহ অভ্যাস? তেন্তে সাৱধান...
ভাৰতৰ ১০০ টকাৰ মূল্য কানাডাত কিমান হয় জানেনে?