Vinesh phogat: কি হ’ব বিনেশৰ ভাগ্য? নিৰ্বাচনী বৈতৰণী পাৰ কৰিবনে মল্লযুঁজাৰুগৰাকীয়ে…
Vinesh phogat: নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰিবনে মল্লযুঁজাৰু বিনেশ ফ'গাটে। হাৰিয়ানা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে খেলুৱৈগৰাকীয়ে। কিছু সময় পাছতেই প্ৰকাশ পাব ফলাফল।
আজি দেশৰ দুখনকৈ ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। জম্মু- কাশ্মীৰৰ ৯০ খন আসনৰ বাবে ১৮ ছেপ্টেম্বৰৰ পৰা ৩ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে হাৰিয়ানাৰ ৯০ খন আসনৰ বাবে ৫ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। বৰ্তমান এই ৰাজ্য দুখনৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে। জম্মু- কাশ্মীৰত কংগ্ৰেছ-এন চি মিত্ৰজোঁট আগবাঢ়ি থকাৰ বিপৰীতে হাৰিয়ানাত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়তে ক’ব নোৱাৰি যে কাৰ হাতলৈ যাব শাসনৰ বাঘজৰী। কিয়নো মুহুৰ্ততে সলনি হৈ আছে প্ৰেক্ষাপট।
এইবাৰ হাৰিয়ানাত কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মল্লযুঁজাৰু বিনেশ ফ’গাট। এইগৰাকী নেতা তথা মল্লযুঁজাৰুয়ে হাৰিয়ানাৰ ঋুলনা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যোৱা কেইটামান মাহ ধৰি বিশেষ চৰ্চাত আছে ফ’গাট। যাৰ বাবে এই আসনখনৰ ওপৰত বিশেষ দৃষ্টি আছে জনতাৰ।
এই আসনখনত ৭৫ শতাংশ ভোটদান হৈছে। বিনেশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী যোগেশ বৈৰাগীয়ে। যোৱা নিৰ্বাচনত এই আসনখনৰ পৰা বিজেপিৰ প্ৰাৰ্থী অমৰজিতে জয়লাভ কৰিছিল।
১১.৪৫ বজাৰ তথ্য অনুসৰি মল্লযুঁজাৰু বিনেশ ফ’গাটে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এই আসনখনত প্ৰায় ৯ টা ৰাউণ্ডৰ ভোট গণনা সম্পূৰ্ণ হৈছে। বিনেশে এতিয়ালৈকে ৪৪৩৭ টা ভোটত আগবাঢ়ি আছে। বিজেপিৰ প্ৰাৰ্থী যোগেশ বৈৰাগীতকৈ তেওঁ ৩৮ টা ভোট বেছিকৈ লাভ কৰিছে। এই আসনখনত বিজেপি আৰু কংগ্ৰেছপ প্ৰাৰ্থীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে। মুহুৰ্ততে সলনি হৈ আছে প্ৰেক্ষাপট।
উল্লেখ্য যে, হাৰিয়ানাত ৯০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। বৰ্তমান সময়ত (১১.৪৫ বজা) হাৰিয়ানাত বিজেপিৰ তীব্ৰ অগ্ৰগতি দেখা গৈছে। ইতিমধ্যে বিজেপিৰ কৰ্মকৰ্তাসকলে আম্বালাকে ধৰি বিভিন্ন সমষ্টিত জয় উদযাপন কৰিছে। ৰেলী উলিয়াই বিজেপি জয়ধ্বনি দিছে। বিজেপিয়ে বৰ্তমানলৈ ৪৯ খন আসনত আগবাঢ়ি আছে, উল্লেখ কৰা প্ৰয়োজন যে হাৰিয়ানাত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হয় ৪৬ খন আসনৰ।
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত এইবাৰ নিৰ্বাচনী ফলাফল ৰোমাঞ্চকৰ হৈ পৰিছে। কিয়নো অতি ক’ম ভোটত দলসমূহে অগ্ৰগতি লাভ কৰি আছে। অৱশ্যে এতিয়াও বহু বাকী। কেইবাখন আসনৰ ফলাফল আহিবলৈ বাকী আছে। গতিকে এতিয়াই ক’ব নোৱাৰি যে কাৰ হাতলৈ যাব ৰাজ্য। ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব আৰু কিছু সময়। সম্ভৱত সন্ধিয়াৰ পূৰ্বেই দুই ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলাই পৰিব আৰু জম্মু- কাশ্মীৰ, হাৰিয়ানাই লাভ কৰিব নতুন শাসক।